ডাঃ দেবেন দত্ত হত্যাকাণ্ডত জৰিত এজনক ফাচি

ডাঃ দেবেন দত্ত হত্যাকাণ্ডত জৰিত এজনক ফাচি ২৪ জনক যাৱজ্জীৱন কাৰাদণ্ড:-

চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ২৫জন অভিযুক্তৰ ভিতৰত সঞ্জয় ৰাজোৱাৰক ফাঁচি আৰু বাকী ২৪জন অভিযুক্তক যাৱজ্জীৱন কাৰাদাণ্ডৰে দণ্ডিত কৰে যোৰহাট জিলা সত্ৰ ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে।

১২ অক্টোবৰত এই ঘটনাত ২৫জনক দোষী সাব্যস্ত কৰিছিল আদালতে । ৩১ গৰাকী জীৱিত অভিযুক্তৰ ২৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। ৬জন অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল। হৰি মাঝি নামৰ অভিযুক্তগৰাকীৰ কিছুদিন পূৰ্বে জে’লৰ ভিতৰতে মৃত্যু হৈছিল।

এই গোচৰৰ বাবে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল witness protection scheme। ইয়াৰ জৰিয়তে আদালতত সাক্ষ্য প্ৰদান কৰা লোকসকলৰ পৰিচয় গোপনে ৰখা হৈছিল। যাতে ভৱিষ্যতে কোনেও সাক্ষীসকলক প্ৰভাৱিত কৰিব নোৱাৰে।

দেশ কঁপোৱা টীয়কৰ চিকিৎসক দেবেন দত্ত আৰক্ষীয়ে মাত্ৰ ২২ দিনৰ ভিতৰতে তদন্তৰ ৬০২ পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল কৰিছিল আদালতত।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *