মঙলদৈ দীপিলা পথত বাইক আৰোহিৰ ভয়ংকৰ দুৰ্ঘটনা

    এখন্তেক আগতে 8.01 বজাত দীপিলা ব্যৱসায়ী যুৱক ভবেশ বৰুৱা মঙলদৈ ৰ পৰা বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত পথৰ দাঁতিত দমাই থোৱা শিল বালিৰ দম ত খুন্দিয়াই দুৰ্ঘটনা পতিত হৈ গুৰুতৰ ভাবে মুখমণ্ডল আৰু মূৰত আঘাত পাই পথৰ দাঁতিত ঢলি পৰে । লগতে মুখমণ্ডলৰ পৰা ৰক্তক্ষৰণ পৰিলক্ষিত হৈছে ।

পথেৰে অহা যোৱা কৰা আৰোহি আৰু স্থানীয় ৰাইজে ঘটনা তো পৰিলক্ষিত কৰি ততাতৈয়াকৈ 108 ত ফোন কৰে আৰু মঙলদৈ আৰক্ষী খানাত খবৰ দিয়ে। যদিও এই পৰ্যন্ত 108 গাড়ী ঘটনাস্থলীত উপস্থিত হোৱা নাই।

স্মৰ্তব্য যে মঙলদৈ দীপিলা পথটি বহুদিন ধৰি মেৰামতি ৰ কাম চলি আছে আৰু পথৰ দাঁতিত কেইবা ঠাইতো বালি শিল আৰু মাটিৰ দম জমা কৰি থোৱা বহুদিন ধৰি পৰিলক্ষিত হৈ আছে। আৰু এই বালি শিল ৰ দম সমূহত নিশাৰ বাইক আৰোহি বহুজন দুৰ্ঘটনা পতিত হোৱা বুলি স্থানীয় ৰাইজে মত পোষণ কৰে

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *