অভিশপ্ত বাঘজান গেছখাদত আকৌ অঘটন :-
বাঘজান তৈলখাদৰ ভয়ংকৰ অগ্নিকাণ্ডৰ বিভিষিকা মাৰ নৌযাওতেই আকৌ সংঘটিত হল এক অঘটন।
আজি বাঘজান গেছখাদত কৰ্মৰত অৰ্ণৱ কিশোৰ বৰদলৈ নামৰ অভিযন্তা এজন বিদ্যুৎপৃষ্ট হৈ মৃত্যু মুখত পৰে।
প্ৰাপ্ত তথ্যমতে দিনৰ ভাগত অভিযন্তা অৰ্ণৱ কিশোৰ বৰদলৈয়ে এটি জেনেৰেটৰ মেৰামতি কৰি থকা অৱস্থাত বৈদ্যুতিক বিজুতি ঘটি বিদ্যুৎ স্পৃস্ত হয় আৰু ততালিকে চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুমুখত পৰে।