নাগালেণ্ডলৰ Woman Pastor আৰু কিছু

……..মণিষা শৰ্মা………

ভ্ৰমনে মানুহক আনন্দ দিয়ে।  নতুন অভিজ্ঞতা জন্মাই । নতুন ঠাই এখনৰ বিষয়ে বহু কথা শিকাই। এনে অনাবিল আনন্দ বিচাৰি গৈছিলোঁ নাগালেণ্ডৰ  এখন গাওঁলৈ । অৱেশ্য ভ্ৰমণ কৰিলে পোৱা অভিজ্ঞতা মোৰ সৰুৰে পৰাই আছে। মন গলেই ভ্ৰমণ হয় মোৰ। সিদিনা হঠাৎ  নাগালেণ্ডলৈ বুলি ওলালোঁ । মোৰ বন্ধুবৰ মুস্তাক আলি বৰা তেখেতৰ ঘৰ  নাগালেণ্ডত। বহুত দিনৰ পৰা তেখেতৰ লগত একেলগে নাগালেণ্ড ঘুৰিম বুলি ভাবি আছিলোঁ। সেই দিনা আগষ্ট  মাহৰ ১২ তাৰিখে ২০১৯ চন ,গুৱাহাটীৰ পৰা মোৰ নিজৰ গাড়ীৰে দূৰনীবটীয়া বাটৰে গন্তব্য থলী গৈ পোৱাৰ পিছত বন্ধুক আগতে কৈ থৈ দিয়া ধৰণে এটা নিৰ্দিষ্ট সময়ত ,এটা নিৰ্দিষ্ট ঠাইত লগ পালোঁ আৰু আমি আনন্দ মনেৰে এখন চাহ দোকানত চাহ সেৱন কৰিলোঁ ।আৰু সেই ঠাই কন হ’ল মৰিয়নি।মৰিয়নিৰ পৰা পূবৱ দি্শে আমাৰ যাত্ৰা আমগুৰি হৈ হালোৱাটিং পাৰহৈ থিক north দিশে নাগালেন্ড ৰাজ্য সীমাত প্ৰবেশ ।. প্ৰৱেশ দ্বাৰত নগা পুলিচৰ চেক গেতত চেক আৰু প্ৰবেশ পত্ৰ দেখুৱাৰ পাছত আমি সেউজ ৰাজ্য নগাপাহাৰৰ মকক চোং জিলাৰ মাজেদি গৈ দিখৌনৈ দলং পালো।নৈ খনে লংলে্ং আৰু মক কচোং জিলাক বিভক্ত কৰিছে । যাত্ৰা অতি আমোদ জনক যদিও বাট পথ ভাল ও মাজে মাজে বেয়া। তাৰ মাজত ডাৱৰে আমনি কৰাৰ বাবে আমি অতি সাৱধানে যাব লগিয়া হৈছিল. খাৱৈ বৰ বহুত দ. প্ৰায় ৬ ঘন্টাৰ পাছত আমি লংলেং জিলা নগৰ, পালো। নগৰৰ আমি এখন গাওঁ লৈ যাত্ৰা কৰিলো . গাঁও খনৰ  অভিজ্ঞতাই  মনত এক চিন্তাৰ খোৰাক দিলে তাৰ এক অনুভূতি আপোনালোকলৈ আগবঢ়ালো। গাওঁখন আন গাওঁত কৈ বেলেগ ।বাট পথ সুন্দৰ পৰিষ্কাৰ ।নামেই যাৰ পৰিচয় ।গাওঁ খনৰ নাম ‘হুকফাং ‘।hukphang ” huk মানে ১ । ফাং মানে জাতি । অতিথিক খুৱ ভাল পায়। আমাক তেওঁলোকৰ খেতিৰ পৰা নানা সতেজ ফল খাবলৈ দিছিল।ইয়াত নাচপতি বেছি। মোৰ বন্ধুয়ে হেনো বহুদিনৰ পৰা লক্ষ্য কৰি আছিলে যে সেই গাওঁত প্ৰতি ঘৰতে শুকান বাঁহৰ চুঙা কেইটামান অাছে । মনত উৎসুকতাৰ মানসিকতাৰে ভাবিলোঁ যে সেই বাঁহৰ চুঙাবোৰেৰে নো কি কৰিছে।দেখিবলৈও সুন্দৰ।সেই কথা মতেই আমি দুয়ো একেলগে গৈ দেখি মনতে ভাবিলোঁ ” এইকেইটা ফুলৰ তাব বনাৱ পাৰি” ভাবি ভাবি ঘৰৰ মালিকৰ পৰা অনুমতি লওতে কলে ; (মা) নোৱাৰিম council লে fine ক’ব । আমি হাঁহি দিলো “”আপোনাৰ বস্তু কিহৰ council ” তেতিয়া তেওঁ কলে “আমি ইয়াত পানী ৰাখো কেতিয়াবা ঘৰত জুই লাগিলে (আমাৰ বা আনৰ )help kribo পাৰিম । প্ৰতি ঘৰতে থাকে । পাছত ভাবিলো ইহঁত আমাত কৈ বহু পাছৰ সভ্যতা হৈও ইমান সজাগ ? আমি আমাৰ অসমত কি কৰো । পুখুৰী পাৰতো এটা বাল্টি কিমানে ৰাখো এনে ঘটনাৰ বাবে । এনে দৰে প্ৰতি ঘৰতে অতি কমেও ৫টা চুঙা সকলোৱে দেখাকৈ ৰাখে ।যাতে গৃহস্থৰ অনুপস্হিত আনে সহায় কৰিব পাৰে।আগতে চুঙাবোৰ জুৰিৰ পৰা ব্যৱহাৰ কৰিছিল। এতিয়া পানী যোগান প্ৰতি গাৱঁতে আছে। চুঙাৰ সহায়ত সহজে পানী চটিয়াব পাৰে বাবে চুঙাবোৰ ৰাখে। মই জানি গমপালো যে সকলো গাওঁত এনে ব্যৱস্থা নাই। আন নালাগে মোৰ সহযোগী বন্ধুয়ে শুনি কৈছিল “মই আমাৰ গাঁৱত কম ।ইয়াৰ মানুহ কিমান সজাগ পানী যোগান লৈ”। নাগালেণ্ড বৰ্ষাপ্ৰধান ৰাজ্য, জলবায়ুৰ আদ্ৰতাৰ মাত্ৰা যথেষ্ঠ ।  ইয়াত জলবাযু বৰ ভাল ।ইয়াত ফেনৰ প্ৰয়োজনেই নাই । ইয়াৰ মানুহৰ জীৱন যাপন প্ৰণালী হিচাপে যদি খাদ্যৰ কথা কওঁ bamboo shot গাজ , কচু , মেজেঙা .,কচুপাত, কাটি শুকুৱাই থয়। বাহ গাজ খুন্দি শুকুৱাই বছৰৰ বাবে ৰাখে ।নাচপতি উতলাই নাচপতিৰ পানী ধান কটাৰ সময়ত খাবৰ বাবে ৰাখে।সংস্কৃতিৰ কথা ক’বলৈ গ’লে দেখিবলৈ পোৱা যায় যে লোক নৃত্য আৰু লোক সংগীত নগা সংস্কৃতিৰ এৰাব নোৱৰা অংগ। নগাসকলৰ যুদ্ধ নৃত্য নাগালেণ্ডৰ প্ৰধান নৃত্য। জনগোষ্ঠীয় পৰম্পৰাসমূহৰ নগা সমাজত গুৰুত্ব বেছি। তাঁতশালত কাপোৰ বোৱা পৰম্পৰা নগা সমাজত বহু প্ৰজন্মৰ পৰা চলি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীৰে কাপোৰত নিজস্ব কলাশৈলী আৰু ৰঙ দেখিবলৈ পোৱা যায়, তাঁতশালত নগাসকলে গাত লোৱা কাপোৰ, মেজত পৰা কাপোৰ, সাধাৰণ বস্ত্ৰ প্ৰস্তুত কৰে। কাঠ আৰু বাঁহৰ সজুলি নিৰ্মাণতো নগাসকল পাকৈত। প্ৰায় সকলোবোৰ জনগোষ্ঠীৰ ক্ষেত্ৰতে গাত লোৱা কাপোৰ(শ্বাল)খনে নগা সমাজত মানুহ জনৰ সামাজিক স্থান সূচিত কৰে। আচৰিত লাগিলেও এই গাওঁ খনত বাহিৰৰ পৰা অহা মানুহৰ বাবে gust house ও আছে।সেইদিনাৰ ৰাতিটো থাকিবৰ বাবে মই সেই woman pastor ঘৰতেই আছিলো । 

মনীষা শৰ্মা

ঠিকনা- জালুকবাৰী 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *