নিষিদ্ধ আলাপ

…….এম.আমিন…….

বেলি লহিয়ালেই
ব্যস্ত চহৰখনত
উবুৰি খাই পৰে
এটি অলস সন্ধিয়া,

এন্ধাৰ গলিটোৰ সীমান্তত
ভাগৰুৱা এটি জুপুৰি,
নিশকটীয়া মমৰ পোহৰত জিলিকে
অশ্লীলতাৰ ফুলজাৰি।

ক্ৰমাৎ গভীৰৰ পৰা
গভীৰতালৈ বাঢ়ি যায়
এন্ধাৰবোৰ,

বিলাতী পানীয়ত চুমুক দি
উদযাপন কৰা হয় নাৰী দিৱস
নিষিদ্ধ আলাপেৰে নাৰী স্বাধীনতাৰ
জয় গান গোৱা হয়
বন্ধ কোঠাত,

উগ্ৰ সুগন্ধিয়ে বোৱাই আনে
এজাক বিষাদ সিক্ত কিৰিলি,
ক্ষুধাৰ তাড়নাত নিৰ্যাতিত হয়
উলঙ্গ ৰজনী।

কৃত্ৰিম প্ৰেমৰ হিংস্ৰতাই
বুকুত বগুৱা বাই
আৰু
সিহঁতৰ কেঁচা মঙহ
বিক্ৰী হয়।

নিষিদ্ধ আলাপৰ যন্ত্ৰণাও
ক্ৰমশঃ বাঢ়ি যায়
সিহঁতৰ।

** ** ** ***

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *