ৰক্তদান-জীৱনদান

বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱাঠ “কোভিড-১৯” ৰ আপাতকালৰ সময়ত গোটেই দেশতে এক অভাৱনীয় সমস্যাই দেখা দিছে। সেয়া হ’ল ৰক্তৰ সমস্যা ৷ কিয়নো , লক ডাউনৰ বাবে চিকিৎসালয় সমুহত যোগাযোগ ব্যাহত হোৱাত বহু ৰোগী আৰু অভিভাৱকে ৰক্ত বিচাৰি হাবাথুৰি খাব লগা হৈছে ৷ এনে পৰিস্থিতিত দেশৰ লগতে শিৱসাগৰ জিলাতো বিগত প্ৰায় ২৫ দিন ধৰি চলি থকা লকডাউনৰ বাবে শিৱসাগৰ জিলাত থকা ব্লাড বেংকসমূহত তেজৰ অত্যন্ত নাটনি হৈছে৷ এই সময়ত জটিল ৰোগীৰ লগতে যদি কোনো লোক কৰ’না ভাইৰাচত আক্ৰান্ত হয়, তেন্তে ৰক্তৰ অভাৱত এনে বহু লোক মৃত্যুমুখত পৰিব পাৰে৷ বিষয়ৰ গুৰুত্ব উপলব্ধি কৰি “ৰেচকিউ”ৰ তৰফৰ পৰা আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এক ৰক্তদান শিৱিৰৰ আয়োজন কৰে। এই শিবিৰত প্ৰায় ৩০ জন যুৱক-যুৱতীয়ে ৰক্তদান কৰে।

গৌৰীসাগৰৰ পৰা ….নীলু নেওগ

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *