ক’ৰণা সংক্ৰমণ আৰু কিছু ইতিবাচক চিন্তা

…..প্ৰাণেশ্বৰ শৰ্মা……

কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া ইতিবাচক আৰু প্ৰশংসনীয়।আশা কৰা হৈছে যে,অসমত কৰণা আক্ৰান্ত লোক নোলাব, বা ওলালেও নগণ্য সংখ্যক হব।আৰু আক্ৰান্ত হলেও চৰকাৰে লোৱা সু-পৰিকল্পিত ব্যৱস্থাৰ জৰিয়তে আৰোগ্য লাভ কৰিব পাৰিব।
যা নহওক, দেশত বা ৰাজ্যত এদিন কৰণাতংক শেষ হব।কিন্তু নিশ্চিতভাৱে তেতিয়া আহিব আন এক বিপৰ্যয়।সেয়া হল আৰ্থিক সংকট।এই সংকট দুটা কাৰণতে আহিব।
এক–দীৰ্ঘদিন ধৰি দেশৰ অৰ্থনৈতিক স্থবিৰতা।লক ডাউনৰ দীঘলীয়া সময়ত বিভিন্ন খণ্ডৰ উৎপাদন বন্ধ হৈ থকা বাবে দেশৰ ৰাজহুৱা আৰু জনসাধাৰণৰ ব্যক্তিগত যি ঘাটি হব, তাৰ জোৰা মৰাটো ইমান সহজসাধ্য নহব।
দুই—হঠাতে অহা দুৰ্যোগৰ মোকাবিলা কৰিবলৈ চৰকাৰে যি আন্তগাথনিৰ ব্যৱস্থা কৰিলে, তাৰ ব্যয়ৰ জোৰা মৰাটো যথেষ্ট কষ্টসাধ্য হব।
তিনি–আপদকালিন সাহাৰ্য প্ৰদান, বিভিন্ন ক্ষেত্ৰৰ ৰেহাই প্ৰদান আদিৰ জৰিয়তে ৰাজ্যৰ বিত্তীয় অৱস্থা নিশ্চয় সংকটাপন্ন হব।

গতিকে কৰণাতংকৰ পৰৱৰ্তী সময়ত দেশ বা ৰাজ্যৰ চৰকাৰ সন্মুখীন হব অগ্নিপৰীক্ষাৰ।
এতিয়া কথা হল, এই বিপৰ্যয়ক আমি জনসাধাৰণে কিমান ধনাত্মকভাৱে গ্ৰহণ কৰো সেয়াহে লক্ষণীয় হব।
কৰণাতংকৰ এই সময়ত আমি জনসাধাৰণে এয়া এক জাতীয় সমস্যা হিচাপে গণ্য কৰি তাৰ সমাধানৰ ক্ষেত্ৰত চৰকাৰক সহযোগ কৰি সকলোৱে জাতীয় কৰ্তব্য পালন কৰিছো।পৰৱৰ্তী সময়তো যি আৰ্থিক বিপৰ্যয় হব পাৰে তাক জাতীয় বিপৰ্যয় বুলি গণ্য কৰি তাৰ লগত মোকাবিলা কৰাৰ ক্ষেত্ৰত চৰকাৰক সহযোগিতা কৰাটো আমাৰ জাতীয় কৰ্তব্য নহবনে?
এইক্ষেত্ৰত জনসাধাৰণ আৰু বিভিন্ন দল সংগঠন সমূহে বিপৰ্যয়ৰ সুযোগ গ্ৰহণ নকৰি গঠনমূলক পৰামৰ্শ আৰু গঠনমূলক সহযোগিতা আগবঢ়োৱাটো বাঞ্চনীয় হব।(অনাগত দিনত যি চৰকাৰেই নাথাকক)
বৰ্তমান বিভিন্ন দল সংগঠনৰ লোকে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি গৃহবন্দীত্ব পালনৰ জৰিয়তে চৰকাৰক সহযোগ কৰিছে।চৰকাৰৰ কাৰ্যাৱলীক সমৰ্থন জনাইছে।আৰ্থিক সহযোগিতা আগবঢ়াইছে।দল সংগঠন আৰু জনসাধাৰণৰ এই সময়ত আৰু তাৰ বাহিৰে আন কৰিবলগীয়াও নাই।
কিন্তু বিৰোধী-সমৰ্থক সকলো দলৰ লোকে বৰ্তমান সময়ত আগন্তুক সময়ৰ পৰিস্থিতিৰ জোৰা মৰাৰ ক্ষেত্ৰত নিজাববীয়াকৈ চিন্তা চৰ্চা কৰি পৰিকল্পনা প্ৰস্তুত কৰিব পাৰে,যাতে সময়ত চৰকাৰক পৰামৰ্শ আগবঢ়াব পাৰে।
কিন্তু তাকে নকৰি যদি আগন্তুক সময়ত “”ৰজাই টানে এফালে, প্ৰজাই টানে এফালে””ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেন্তে ৰাজ্যৰ আৰ্থিক বিপৰ্যয় হয়তো কোনোদিনেই শেষ নহব।
আমি এনে এটি ব্যৱস্থাৰ বিষয়ে ভাবিব নোৱাৰোনে,য’ত সকলো দল, সকলো সংগঠনৰ সহমত বা সন্মিলীত প্ৰচেষ্টাৰ জৰিয়তে দেশক বা ৰাজ্যক বিপৰ্যয়ৰ পৰা ৰক্ষা কৰাৰ উদ্যোগ লোৱা হব?
দেশে সুস্থিৰতা লাভ কৰাৰ পিছত সকলোৱে পুনৰ স্বাভাৱিক ৰাজনীতিলৈ ঘূৰি আহিবলৈ সময় সুবিধা নিশ্চয় পাব।
মোৰ এই কথাখিনিৰ পৰা হয়তো কোনোবাই বুজি লব পাৰে যে মই বৰ্তমানৰ চৰকাৰখনৰ সুবিধাৰ বাবে এইবোৰ কৈছো।কিন্তু মই কোৱা কথাটো হল—আগন্তুক সময়ত যদি চৰকাৰ সলনিও হয়, তেতিয়া সেইখন চৰকাৰৰ ক্ষেত্ৰতো আমাৰ আহ্বান একেই হব।
আগন্তুক সময়ত আৰ্থিক সংকটৰ পৰা ৰক্ষা পাবলৈ আমি কেৱল চৰকাৰৰ মুখাপেক্ষী হৈ থাকিলেই নহব।আমি সকলোৱে কৃষি,উদ্যোগ আদি উৎপাদনৰ বিভিন্ন খণ্ডত বৰ্তমানতকৈও অধিক শ্ৰম দিব লাগিব।সেৱাখণ্ডত নিয়োজিত সকলে ত্যাগ আৰু প্ৰকৃত সেৱাৰ মানসিকতাৰে শ্ৰম আগবঢ়াব লাগিব।
মই অৱশ্যে এইটো কোৱা নাই যে,আগন্তুক সময়ত চৰকাৰে যি কৰে তাকে মানি লব লাগিব।এইটোহে কৈছো যে, কেৱল বিৰোধ কৰিব লাগে বাবেই বিৰোধ আৰু সমৰ্থন কৰিব লাগে বাবেই সমৰ্থন কৰাটো উচিত নহব।নিৰ্মোহ নিৰীক্ষণ আৰু পৰ্যালোচনাৰ জৰিয়তে গঠনমূলক সমালোচনা বা পৰামৰ্শ আগবঢ়োৱাটোও দৰকাৰ হব।
শেষত আমি আশাকৰো, সকলোৰে সহযোগিতাৰ জৰিয়তে চৰকাৰে কৰণা প্ৰতিৰোধৰ ক্ষেত্ৰত যি আদৰ্শনীয় আৰু দক্ষতাসম্পন্ন ব্যৱস্থা গঢ়ি তুলিছে, ঠিক তেনেদৰে পিছৰ পৰ্যায়তো একেই দক্ষতাৰে পৰিস্থিতিৰ মোকাবিলা কৰিব পাৰিব, য’ত জনসাধাৰণ আৰু বিৰোধী-সমৰ্থক সকলোকে সামৰি লব একেখন যুজৰ সেনানী হিচাপে।

 

    
Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *