অপৰূপ সৌন্দৰ্য্য আৰু মনোৰম প্ৰাকৃতিক দৃশ্য বিৰাজমান দেশখনৰ প্ৰতিখন জিলাতে। সেই দেশত এনে এখন গাঁও আছে যত ঘণ্টা ভিত্তিত আনকি এক দিনৰ বাবে সুন্দৰী যুৱতী ভাড়াত পোৱা যায়। যি দেশৰ চহৰত প্ৰতিদিনে ছয় লাখৰ বেছি ৰিক্সা চলাচল কৰে । সেই দেশৰ চহৰ সমূহ ৰাতিৰ ভাগত খুব ৰহস্যময় হৈ পৰে, ৰাতিৰ ১২ বজাৰ লগে লগে চহৰৰ হোটেল আৰু ৰেষ্টুৰেণ্ট সমূহত দিজে পাৰ্টি, ডিস্ক’ পাৰ্টি আৰু নৃত্যৰ মাজেৰে যৌনতাৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ হয়। আৰু সেই পাৰ্টিৰ নিয়মীয়া গ্ৰাহক হৈছে উচ্চবিত্ত পৰিয়ালৰ যুৱক যুৱতী। যুৱতীয়ে সুৰামত্ত অৱস্থাত নিজকে বিক্ৰী কৰি দিবলৈ কুন্ঠাবোধ নকৰে।
সেই দেশত ইলিচ মাছ খুব জনপ্ৰিয় ; সেই দেশৰ ইতিহাস যেনেকৈ সুন্দৰ , ঠিক একেদৰে সেই দেশৰ সৌন্দৰ্য অপৰূপ। আৰু সেই দেশ হৈছে বাংলাদেশ।
দক্ষিণ এছিয়াৰ এখন জনবহুল দেশ হৈছে বাংলাদেশ ; বাংলাদেশৰ অইন এক নাম হৈছে গণ প্ৰজাতন্ত্ৰ। এই দেশৰ পশ্চিমে ভাৰতৰ পশ্চিমবংগ , পূবে ভাৰতৰ ত্ৰিপুৰা, মিজোৰাম আৰু ম্যানমাৰ সংলগ্ন হৈ আছে। ৰাজধানী আৰু আটাইতকৈ ডাঙৰ চহৰ হৈছে ঢাকা ; বাংলাদেশৰ মধ্যভাগত গঙ্গাৰ তীৰত অৱস্থিত চহৰ ঢাকাৰ মুঠ জনসংখ্যা হৈছে এক কৌটি পঞ্চাশ লাখ । জনসংখ্যাৰ হিচাপত ঢাকা হৈছে দক্ষিণ এছিয়াৰ দ্বিতীয় বৃহত্তম চহৰ আৰু বিশ্বৰ নৱম বৃহত্তম চহৰ । দেশ খনৰ আয়তন হৈছে ১৪৭৫৭০ বৰ্গ কিলোমিটাৰ , আৰু আয়তনৰ তুলনাত এই দেশত সোতৰ কৌটি লোক অধিক বসবাস কৰে। বাংলাদেশ বিশ্বৰ ভিতৰতে অষ্টম জনবহুল দেশ বুলি স্বীকৃতি দিয়া হয়।
বাংলাদেশ হৈছে মুছলিম প্ৰধান দেশ , যদিও সকলো ধৰ্মৰ লোক এই দেশত বসবাস কৰে ; এই দেশত ৯০.৪ শতাংশ লোক ইছলাম ধৰ্মী হোৱাৰ বিপৰীতে হিন্দু ধৰ্মৰ লোক ৮.৫৪ শতাংশ, বৌদ্ধ ধৰ্মৰ ০.৭ শতাংশ , খ্ৰীষ্টান ধৰ্মৰ ০.১৪ শতাংশ আৰু বাকীখিনি অন্যান্য ধৰ্মৰ লোক।
বাংলাদেশৰ নাৰীসকলৰ প্ৰধান পোছাক হৈছে শাৰী , পুৰুষৰ প্ৰধান পোছাক হৈছে লুঙী ; তাৰোপৰি যুৱতী সকলে চেলুৱাৰ কামিজ, জিন্স কামিজ আৰু ল’ৰাই পাইজামাৰ লগতে লংপেন্ট আদিও পিন্ধে। জনসংখ্যাৰ ৯৮ শতাংশ লোকৰ মাতৃভাষা হৈছে বাংলা , শিক্ষাৰ হাৰ ৬৫ শতাংশ । এই দেশৰ লোকৰ গড় আয়ুস ৬৫ বছৰ । জনসংখ্যাৰ প্ৰায় ২১.৪ শতাংশ লোক চহৰত বসবাস কৰে আৰু বাকীলোক গ্ৰাম্যাঞ্চলৰ বাসিন্দা।
এই দেশৰ মাজৰে সৰু ডাঙৰ প্ৰায় ৬৭ খনৰো অধিক নদী বৈছে , এই দেশৰ চহৰত দৈনিক ছয় লাখৰ অধিক ৰিক্সা চলাচল কৰে , সেয়ে এই দেশৰ চহৰক The city of rikswa বুলি অভিহিত কৰা হয়। ৰাজধানী ঢাকাত প্ৰায় দুই কৌটিৰো অধিক লোক বসবাস কৰে। এই চহৰত আছে নানান ধৰণৰ মানুহ, গাজীপুৰ জিলাৰ চহৰৰ পৰা পাছ কিলোমিটাৰ দূৰৈত অৱস্থিত এখন গাঁও হৈছে ভাদন গাঁও আৰু এই গাঁওত ৯০ দশকৰ পৰা আৰম্ভ হৈছে নাটক , চিনেমা আদিৰ কাৰ্যক্ৰম ; এই গাঁওখনক কোৱা হয় শিল্পীৰ আবাস ভূমি। এই গাওঁত অলপ চলাচল কৰিলেই অভিনেতা অভিনেত্ৰী সমূহক দেখা যায়, নাটক আৰু চিনেমা ছুটিং ৰ বাবে প্ৰয়োজনীয় সকলো বস্তু ভাড়াত পোৱা যায় এই গাঁওত।
বাংলাদেশৰ কৃষি ভূমিত বছৰি প্ৰায় ৬ মিলয়ণ টন পাচলি উৎপাদন হয়, যি সংখ্যাই বাংলাদেশক বিশ্বৰ তৃতীয় বৃহত্তম পাচলি উৎপাদন কাৰী দেশ হিচাপে পৰিচয় দিছে। জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোক হৈছে কৃষক ।
অদ্ভুত দেশ যত মানুহে নতুন অন্তৰ্বাস পিন্ধি নৱবৰ্ষ উদযাপন কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
অদ্ভুত দেশ যত মানুহে নতুন অন্তৰ্বাস পিন্ধি নৱবৰ্ষ উদযাপন কৰে !
পৃথিৱীৰ দেশ সমূহৰ বিয়াৰ 7 টি ওলোটা নিয়ম ! মাথা নষ্ট হৈ যাব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
পৃথিৱীৰ দেশ সমূহৰ বিয়াৰ 7 টি ওলোটা নিয়ম ! মাথা নষ্ট হৈ যাব !
বাংলাদেশত দুৰ্নীতি পৰিসীমা বহল, আৰু দুৰ্নীতিৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ স্থান দখল কৰিছে বাংলাদেশ ৰাষ্ট্ৰই। সমগ্র বিশ্বতে সিঁচৰতি হৈ আছে বাংলাদেশী লোক ; প্ৰায় ৭.৫ মিলয়ণ বাংলাদেশী লোক পৃথিৱীৰ বিভিন্ন প্ৰান্তত বসবাস কৰে।
Popular Assamese video