Importance of fasting

বহুলোকে ভিন্ন মনোবাঞ্ছা লৈ ব্ৰত পালন কৰে , আৰু এই ব্ৰত পালন কৰাৰ সময়ত নিজৰ মন সৃষ্টিকৰ্তাৰ বাবে নিয়োজিত কৰাৰ লগতে সম্পূৰ্ণ দিন উপবাশ থাকে। এই ব্ৰত পালনে মানুহৰ শৰীৰ আৰু মন উভয়ক একেলগে পবিত্ৰ কৰি তোলে।

MORITIOUS AS TOURIST VENUEtourist place Cocos island
ঈশ্বৰৰ চিন্তাত যেতিয়া আমি সম্পূৰ্ণ দিন নিয়োজিত ৰাখোঁ আমাৰ অৱচেতন মনত এই বিষয়টিয়ে এক গভীৰ চাপ পেলাই। আৰু তাৰ ফলত আমি যি সংকল্প লৈ ব্ৰত ৰাখোঁ বা যি উদ্দেশ্যৰ বাবে ব্ৰত কৰো সেই উদ্দেশ্যে পূৰ্ণ হোৱাৰ এশ শতাংশ সম্ভাৱনা থাকে। কিন্তু সেই বিষয়টো সম্পূৰ্ণ ৰূপে নিৰ্ভৰ কৰে কিমান নিষ্ঠা আৰু ভক্তিৰে সেই ব্ৰত পালন কৰা হৈছে বা সেই ব্ৰতৰ ওপৰত কিমান বিশ্বাস কৰা হৈছে।

tourist place Cocos islandImportance of fasting

লগতে ব্ৰতৰ পৰা অত্যাধিক শাৰীৰিক লাভ পোৱা যায় ; যি কথা চিকিৎসা বিজ্ঞানত বাৰ বাৰ প্ৰমাণিত হৈছে। শাস্ত্ৰ অনুসৰি এই ব্ৰত আধ্যাত্মিক , লগতে বৈজ্ঞানিক ভাবে প্ৰমাণিত যে নিয়মীয়া এই উপবাশ অথবা ব্ৰতৰ ফলত মানুহৰ দেহত এক অভাৱনীয় পৰিবৰ্তন প্ৰত্যক্ষ হয়। এই ব্রতৰ পৰা পাব পাৰি এশৰো অধিক শাৰীৰিক উপকাৰ।

Hunza valley an adventureStory of a broken mirror

নিয়মীয়া ব্ৰত কৰাৰ ফলত দেহত অতিৰিক্ত লোণৰ পৰিমাণ কমিবলৈ ধৰে ফলত দেহৰ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে ; যদি কোনো লোকে মাহত এদিন হলেও ব্ৰত পালন কৰে তেন্তে তেওঁৰ হৃদৰোগৰ আশংকা বহু পৰিমাণে কম হয় কিয়নো উপবাশ ৰ ফলত হৃদযন্ত্ৰৰ কৰ’ণাৰী ধমনীত জমা হোৱা মেদ বা চৰ্বীৰ অৱক্ষয় হ’বলৈ ধৰে। লগতে তেজৰ কলেষ্টৰলৰ মাত্ৰা কম হোৱা হেতুকে ডায়েবেটিচ ৰোগৰ আশংকা কম হয়।

never do this in bed

গৱেষণাত কোৱা হৈছে যে মাহত এদিন হলেও লঘোন থকাৰ ফলত অতি কমেও ৬০ শতাংশ হৃদৰোগৰ আশংকা হ্ৰাস হয়। আনকি মাহত এদিন হলেও লঘোন থকাৰ ফলত শৰীৰত হিউমেন গ্ৰ’থ হৰমনৰ মাত্ৰা বৃদ্ধি হয় যাৰ ফলত মাংস পেশীৰ গঠন সুন্দৰ হোৱাৰ লগতে দেহৰ অতিৰিক্ত ওজনৰ ক্ষয় হয়।

INDUNESIA A PLACE OF BEAUTYREASON BEHIND POOR AND RICH
এই উপবাশৰ জৰিয়তে কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ পৰা দূৰৈত থাকিব পাৰি, অকল পানীৰ বাহিৰে অইন একো ভক্ষণ নকৰাকৈ উপবাশ কৰাৰ ফলত কেঞ্চাৰ কোষৰ বিভাজন হ্ৰাস হৈ পৰে ।

5 great mistakes of life
নোবেল পুৰস্কাৰ বিজয়ী ফ্ৰান্সৰ শল্য চিকিৎসক ডাক্তৰ এলেক্সিচ কেৰেল ( Dr Alexis Carrel ) য়ে কৈছে উপবাশৰ মাধ্যমত যকৃতৰ ভিতৰত ৰক্ত সঞ্চালন দ্ৰুত হৈ পৰে ফলত চালৰ তলত সঞ্চিত চৰ্বী, প্ৰটিন , পেশী সমূহৰ লগতে যকৃতৰ কোষ সমূহ আন্দোলিত হৈ পৰে যি পৰিঘটনাই শৰীৰক সুস্থ ৰাখে আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । লগতে অইন এজন জাপানী বৈজ্ঞানিকে কৈছিল যে মাজে মাজে উপবাশ কৰাৰ ফলত দেহৰ কোষৰ পুনৰ বিন্যাস হয় , শৰীৰৰ DNA ৰ পৰিৱৰ্তন কৰে।

SECRETS OF LONGEVITYWORDS NOT TO UTTER TO PARENTS

নিয়মীয়া উপবাশ বা ব্ৰত কৰাৰ ফলত মগজুৰ অক্সিজেনৰ মাত্ৰা নিয়মীয়া হৈ পৰে যাৰ ফলত মস্তিষ্কৰ কাৰ্য্য ক্ষমতা বৃদ্ধি হোৱাৰ লগতে স্মৃতি শক্তি তৰান্বিত হৈ পৰে। উদাহৰণ স্বৰূপে দেখা যায় যে যদি পশু পক্ষী কেতিয়াবা সামান্য আঘাট প্ৰাপ্ত হয় তেতিয়া সেই পশু পক্ষীয়ে দুই তিনিদিনৰ বাবে হলেও খোৱা লোৱা বন্ধ কৰে আৰু তাৰ পিছত লাহে লাহে নিজৰ দেহক পুনৰিজ্জীৱিত কৰিহে পুনঃ খোৱা লোৱা আৰম্ভ কৰে , আৰু এই বিষয়টি মানুহৰ ক্ষেত্ৰতো প্ৰযোজ্য ; মানুহৰ দেহৰ ভিতৰৰ বিভিন্ন ক্ষয় ক্ষতি পুনৰিজ্জীৱিত কৰিবলৈ উপবাশ অত্যন্ত উপকাৰী।

Music Vs human brain
বিশ্ব প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী নাস্ত বাৰ্ণাৰে কৈছিল যে মানৱ দেহৰ হাওঁফাওঁৰ কঠিন আৰু দুৰাৰোগ্য কাহ , চৰ্দি আদি ৰোগ দূৰ কৰিবলৈ নিয়মীয়া উপবাশ লাভজনক।

Life changing storywhen we must speak

পেটৰ বদহজম , গেছ আদিৰ পুৰণি আৰু দৈনিক সমস্যা দূৰ কৰিবলৈ নিয়মীয়া উপবাশ খুব হিতকাৰী।

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ !

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

নিয়মীয়া উপবাশ ৰ মাধ্যমত এলযাইমাৰ ৰোগ, পার্কিনচন্স ৰোগ , এলাৰ্জি , মগজুৰ অতিৰিক্ত অৱসাদ নিয়ন্ত্ৰণ হয়। লগতে নিয়মীয়া উপবাশ ৰ ফলত কেনেকৈ মানুহৰ আত্মবিশ্বাস বৃদ্ধি হয় ঠিক একেদৰে মানুহৰ আধ্যাত্মিক চেতনাৰ উন্নতি ঘটে। আৰু যি ব্যক্তিয়ে নিজক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় সেই ব্যক্তিয়ে জীৱনত যি ইচ্ছা সেয়ে লাভ কৰিবলৈ সক্ষম হয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *