ৰামায়ণত ৰাৱণৰ বিষয়ে সকলোৱে শুনিছে যিজন আছিল ৰামায়ণৰ প্ৰধান চৰিত্ৰ সমূহৰ ভিতৰত এজন। লংকাপতি ৰাৱণ আছিল অত্যন্ত জ্ঞানী আৰু এজন বীৰ যোদ্ধা , তেওঁ বেদশাস্ত্ৰ , জ্যোতিষ শাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰত প্ৰচণ্ড জ্ঞানৰ অধিকাৰী আছিল, তেওঁ মহাদেৱৰ পৰম ভক্ত আছিল ; তেওঁ নিজৰ বাহুবলৰে স্বৰ্গ, মৰ্ত্য আৰু পাতাল বিজয় কৰিব পাৰিছিল, আৰু সেইবাবেই সমস্ত দেৱ দেৱীয়ে তেওঁক সমীহ কৰি চলিছিল।
লংকা যুদ্ধৰ শেষত ভগৱান ৰামচন্দ্ৰই ৰাৱণক বধ কৰিছিল। কিন্তু নিজৰ শৰীৰ ত্যাগ কৰাৰ আগতে ৰাৱণে ভগৱান ৰামচন্দ্ৰৰ ভাতৃ লক্ষ্মণক কিছুমান গুৰুত্বপূৰ্ণ কথা , সফল জীৱনৰ কিছুমান উপদেশ দি নিজৰ দেহ ত্যাগ কৰিছিল। অৰ্থাৎ সেইসমূহ উপদেশে আছিল ৰাৱণে নিজৰ জীৱনত সংঘটিত কৰা কিছুমান সাংঘাতিক ভুল, যাৰ হেতুকে ৰাৱণে নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছিল।
প্ৰথমতে ৰাৱণে লক্ষ্মণক কৈছিল “কেতিয়াও নিজৰ ভাতৃ আৰু বন্ধুৰ সৈতে শত্ৰুতা কৰিব নালাগে, কিয়নো তেওঁলোকে তোমাক যিকোনো মুহূৰ্ততে পৰাজিত কৰি পেলাব পাৰে ; উদাহৰণ স্বৰূপে মই যেনেকৈ নিজৰ ভাতৃ বিভীষণৰ সৈতে শত্ৰুতা কৰি ডাঙৰ ভুল কৰিছিলোঁ, মই শত্ৰুতা কৰাৰ পিছত তেওঁ তোমালোকৰ দলত সন্মিলিত হৈছিল ; বিভীষণে মোৰ সকলো ৰহস্য জানিছিল আৰু সেইবাবেই তোমালোকে এই যুদ্ধত জয়ী হ’ব পাৰিলা, আৰু যদি বিভীষণ মোৰ পক্ষত থাকিল হেঁতেন তেতিয়া তোমালোকে কেতিয়াও লংকাত প্ৰৱেশ কৰিব নোৱাৰিলাহেঁতেন”।
দ্বিতীয়তে ৰাৱণে কৈছিল, ” লক্ষ্মণ , এইটো কেতিয়াও নাভাবিবা যে তুমি সদায় বিজয়ী হ’ব পাৰিবা, কিয়নো কোনেও নাজানে যে ভাগ্যই কেতিয়া কি পৰিস্থিতিৰ মুখামুখি হ’বলৈ বাধ্য কৰে যত তুমি এদিন হাৰ মানিবলৈ বাধ্য হৈ পৰিবা, আমি এদিন নহয় এদিন মৃত্যুৰ সৈতে হাৰ মানিবলৈ বাধ্য হবই লাগিব , সেই কাৰণে জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰাৰ মনোভাব লৈ আগুৱাই যোৱা, মই পাতাল আৰু স্বৰ্গ বিজয়ী লগতে পৃথিৱীৰ অধিকাংশ স্থান প্ৰাপ্ত কৰিছিলোঁ , বহু মহাৰথীক যুদ্ধত পৰাস্ত কৰিছিলোঁ , দেৱতা দানৱ আৰু গন্ধৰ্ব সকলোৱে মোক ভয় কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত মোৰ গৰ্ব আৰু অহংকাৰ বাঢ়ি গৈছিল, আৰু সেইটোৱেই মোৰ পতনৰ মূল কাৰণ”।
তৃতীয়তে ৰাৱণে কৈছিল, ” লক্ষ্মণ , শত্ৰুক কেতিয়াও দুৰ্বল বুলি নাভাবিবা , মই মানুহ আৰু বান্দৰৰ সেনাক দুৰ্বল বুলি জ্ঞান কৰি খুব ডাঙৰ ভুল কৰি পেলালোঁ, যাৰ ফলত মই আজি পৰাজয় বৰণ কৰিলোঁ, যেতিয়া মই ভগৱান ব্ৰহ্মাৰ ওচৰত অমৰত্ব ৰ বৰ বিচাৰিছিলোঁ ভগৱান ব্ৰহ্মাই পূৰ্বতে কৈছিল যে মোক মানুহ আৰু বান্দৰৰ বাহিৰে কোনেও পৰাস্ত কৰিব নোৱাৰিব ; ব্ৰহ্মাই জানিছিল যে মই ট্ৰিলোক বিজয়ী , ইফালে মই নিজৰ বল আৰু আত্মভিমানত মগ্ন আছিলোঁ , মই ভাবিছিলোঁ যে যিহেতু দেৱতা গন্ধৰ্ব ৰাক্ষস আদিয়ে মোক পৰাস্ত কৰিব পৰা নাই সাধাৰণ মানুহে মোক কেনেকৈ পৰাস্ত কৰিব পাৰিব ; আৰু সেয়াই মোৰ বৰ ডাঙৰ ভুল হৈ গল আৰু মোৰ সাম্ৰাজ্য মাটিত মিহলি হৈ গল”।
চতুৰ্থতে ৰাৱণে কৈছিল, ” লক্ষ্মণ শুনা, কোনো ব্যক্তি যদি নাম যশ আৰু ধনপ্ৰাপ্তিৰ বাবে খুব উৎসুক হৈ পৰে তেতিয়া তেওঁ লোভ নামৰ ৰাক্ষসৰ পৰা দূৰৈত থকা উচিত, কিয়নো যেতিয়া লোভ নামৰ ৰাক্ষসে মনত ফনা তুলিবলৈ চেষ্টা কৰিব , মূহুৰ্ততে সেই ফনা ছিঙি পেলোৱা উচিত ; যেতিয়া আমাৰ প্ৰয়োজন অধিক অসন্তোষ জনক হৈ পৰে তেতিয়া লোভে ৰাক্ষসৰ ৰূপ ধাৰণ কৰে, সেইটো বুজিবলৈ কঠিন হৈ যায় যে কেতিয়া সেই ৰাক্ষসে মানুহক নিজৰ নিয়ন্ত্ৰণলৈ নিয়ে, আৰু মোৰ সৈতে সেয়াই হৈছিল, মই বহুভক্ষক আৰু অতিলোভী হৈ পৰিছিলোঁ সত্তাৰ বাবে, সাম্ৰাজ্যৰ বাবে, ভূমিৰ বাবে , অৰ্থৰ বাবে আৰু সুন্দৰী নাৰীৰ বাবে ; মোৰ বুদ্ধি, জ্ঞান , বিবেক আৰু বিবেচনা সমূহ লোভ নামৰ ৰাক্ষসে গ্ৰাস কৰি পেলাইছিল , সেয়ে যি পোৱা তাতে সন্তুষ্ট থকা দৰকাৰী”।
পঞ্চমতে কৈছিল, ” লক্ষ্মণ, কেতিয়াও নাভাবিবা যে তুমি তোমাৰ ভাগ্যৰ গ্ৰহ আৰু নক্ষত্ৰ সলনি কৰিব পাৰিবা বুলি, কেতিয়াবা জীৱনৰ পৰা গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ দূৰ কৰিব পাৰিবা বুলি ; আৰু যদি ভাবিছাঁ সেয়া মিছা কথা কিয়নো ভাগ্যত যি লিখা থাকিব সেয়াই সংঘটিত হয় সদায় ; তোমাৰ অতীত আৰু বৰ্তমানৰ ফল প্ৰাপ্তি কৰিবলৈ কোনোৱে বাধা দিব নোৱাৰে, তোমাৰ কৰ্ম আৰু গ্ৰহইহে তোমাৰ অন্তিম ভাগ্য নিৰ্ধাৰণ কৰিব , সেয়ে নিজৰ জীৱন কালত ভাল কৰ্ম কৰা উচিত আৰু পূৰ্ণ ভক্তিৰে নিজৰ ইষ্ট দেৱতাৰ ওচৰত ভক্তি কৰা উচিত ” ।
অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
অন্যায় সহ্য কৰা অন্যায় কৰাতকৈ বেছি পাপ ! – শ্ৰী কৃষ্ণ গীতা জ্ঞান।
মৃত্যুৰ পৰৱৰ্তী ৪৭ দিন আত্মাৰ লগত কি কি ঘটে! – ভগৱান শ্ৰীবিষ্ণু বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
মৃত্যুৰ পৰৱৰ্তী ৪৭ দিন আত্মাৰ লগত কি কি ঘটে! – ভগৱান শ্ৰীবিষ্ণু বাণী।
ষষ্ঠতে ৰাৱণে লক্ষ্মণ ক কৈছিল, ” হে লক্ষ্মণ, মানুহে যিকোনো শুভ কৰ্ম অতি শীঘ্ৰে সম্পন্ন কৰা উচিত, অশুভ কৰ্মক যিমানে সম্ভৱ দূৰৈত ৰখা উচিত, কৰ্ম সংকল্পক অতি শীঘ্ৰে সম্পন্ন কৰা উচিত আৰু কোনো কাম কাইলৈৰ বাবে এৰিব নালাগে ; মই সংকল্প কৰিছিলোঁ যে লংকাৰ পৰা স্বৰ্গলৈ এটি চিৰি প্ৰস্তুত কৰিম বুলি , সেই চিৰিৰে মোৰ ৰাজ্যৰ পৰা ৰাজ্যবাসীয়ে যেতিয়াই মন যায় তেতিয়া স্বৰ্গলৈ যাবলৈ , কিন্তু ভাগ্যই সেয়া সম্ভৱ হবলৈ নিদিলে, ময়ো সকলো কাম কাইলৈ কৰিম কাইলৈ কৰিম বুলি পেলাই থলোঁ , আৰু আজি সকলো কাম মোৰ আধৰুৱা হৈ থাকিল”।
POPULAR ASSAMESE VIDEO