এবাৰ নহয় এবাৰ হলেও জীৱনত সকলো সন্তানে ভাবিবলৈ বাধ্য হয় যে তেওঁৰ মাতা পিতা তেওঁৰ ওপৰত খুব আমনিদায়ক, খুব অশান্তিৰ কাৰণ হৈ পৰিছে আৰু যদি আপোনাৰ ক্ষেত্ৰতো তেনে হৈছে শুনক আপুনি বনুৱাই মাটিৰ কলহ সজা দেখিছে ? বনুৱাই বোকা মাটিক আকাৰ দি, ৰদত শুকাই , জুইত পুৰি পুৰি শেষত কলহ তৈয়াৰ কৰে ; কিন্তু মানুহে মাত্ৰ মাটিখিনিক জুয়ে পোৰাহে দেখিবলৈ পায় কিন্তু সেইটো অনুভৱ নকৰে যে জুইত পোৰা বাবেহে কলহৰ মাটি টান হৈ পৰে আৰু কলহটোৱে পূৰ্ণতা পাই, নুবুজে যে জুই দিয়াৰ বাবেহে বোকা মাটি শিলৰ দৰে টান হৈ পৰে , ঠিক একেদৰে আমাৰ মা পিতা একুৰা জুইৰ লেলিহান শিখাৰ দৰে যিয়ে নিজে জ্বলি জ্বলি সন্তানক গঢ় দিয়ে। কেতিয়াবা সন্তানক গঢ় দিবলৈ মা পিতাই সন্তানৰ ওপৰত কঠোৰ হ’বলগীয়াও হয় কলহ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা জই কুৰাৰ দৰে ।
এই পৃথিৱীত হাজাৰ হাজাৰ মানৱ সম্পর্কৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰধান এটি সম্পৰ্ক হৈছে সন্তান আৰু মা পিতাৰ সম্পৰ্ক। যিয়ে আমাক এই পৃথিৱীৰ এই অফুৰন্ত সৌন্দৰ্য্য উপভোগ কৰাৰ সুযোগ কৰি দিছে তেওঁলোকে হৈছে মা আৰু পিতা অৰ্থাৎ পিতৃ মাতৃ দ্বিতীয় আদিদেৱতা তুল্য। শাস্ত্ৰত কোৱা হৈছে যি ব্যক্তিয়ে নিজৰ মা পিতাক বৃদ্ধ অৱস্থাত পাইছে আৰু তেওঁলোকৰ সেৱা ও যত্ন কৰা নাই তেওঁৰ সমান দুৰ্ভগীয়া আৰু এই পৃথিৱীত কোনো নাই।
কিন্তু বহুক্ষেত্ৰত দেখা যায় যে যি পিতৃ মাতৃয়ে সন্তানক পৃথিৱীৰ পোহৰ দেখুৱাইছে, বৃদ্ধাৱস্থাত সেই পিতৃ মাতৃকে সন্তানে বোজা হিচাপে জ্ঞান কৰে। আৰু যাৰ ফলতে হয়তো অনিচ্ছাকৃত ভাৱে হলেও বৃদ্ধ অৱস্থাত সেই পিতৃ মাতৃৰ বাসস্থান হৈ পৰে বৃদ্ধাশ্ৰম আৰু বহু পিতৃ মাতৃয়ে সন্তানৰ গৃহত কোনো দূৰ সম্পৰ্কীয় লোকৰ দৰে জীৱন কাটিব লগীয়া হয়। কিন্তু মনত ৰখা দৰকাৰী যে যিয়ে নিজৰ মা দেউতাক এনে ধৰণৰ আচৰণ কৰে তেওঁলোকেও এদিন একে ফল ভুগিবলগীয়া হয় ; মাত্ৰ ইঁহকালতে নহয় পৰকালতো তাৰ চৰম শাস্তি ভুগিবলৈ বাকী থাকে। মাতা পিতাক কৰা বেয়া আচৰণ বোৰ বেলেগ একো নহয় বৰং নিজৰ পাপৰ ওজন বৃদ্ধি হৈ গৈ থকা এখন বস্তাহে।
সন্তানে সদায় মনত ৰখা দৰকাৰী যে সন্তানক মানুহ গঢ়াৰ শৈলী সকলো পিতৃ মাতৃৰ একে নহয় ; সন্তানক ভাল মানুহ গঢ়িবলৈ গৈ বহু পিতৃ মাতৃয়ে সন্তানক কেতিয়াবা গালি গালাজ কৰিবলৈ বাধ্য হয় , কিন্তু সেই সন্তান যেতিয়া ডাঙৰ হৈ যায় তেতিয়া অলপ অলপ কৈ মা দেউতাৰ সৈতে তৰ্ক কৰা আৰম্ভণি কৰে ; আৰু সেই তৰ্ক যুক্তিৰ সময়তে সন্তানৰ মুখৰ পৰা মা দেউতাৰ প্ৰতি এনে কিছুমান বাক্য ও শব্দ ওলাই যায় যিবোৰ শুনি বহু পিতৃ মাতৃয়ে কষ্ট ভোগ কৰে । মনত ৰখা উচিত যে সন্তানৰ কথা শুনি যেতিয়া মা দেউতাই কষ্ট বোধ কৰে তেতিয়া কিন্তু সেই সন্তানো ডাঙৰ হৈ কেতিয়াও সুখী হ’ব নোৱাৰে। সেয়ে তেনে অপ্ৰীতিকৰ কথা কোৱাৰ পৰা বিৰত থকা দৰকাৰী।
মা পিতাই সন্তানক লালন পালন কৰে, ভৰণ পোষণ দিয়ে, ডাঙৰ দীঘল কৰে ; আৰু যদি সেই সন্তান পিতৃ মাতৃৰ বাবে সন্তাপৰ কাৰণ হৈ পৰে তেতিয়া সেয়া কিমান দুৰ্ভাগ্যৰ কথা হ’ব পাৰে ! লাগিলে দোষ মা পিতাৰে হওঁক ।
নিজৰ সন্তানক এই ৮ টা কথা সদায় কওঁক ! – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
বৰ্তমান, জীৱন আৰু যৌৱনত ৫ টি অপৰাধ ভুলটো নকৰিব – অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
প্ৰথম কথা যিটো যেতিয়াও মা পিতাক প্ৰশ্ন কৰিব নালাগে সেয়া হৈছে, ” তোমালোকে মোক জন্ম কিয় দিলা”? ল’ৰা ছোৱালীয়ে মা পিতাক বহুবাৰ এনে প্ৰশ্ন কৰে যেতিয়া সন্তানে পিতৃ মাতৃক গালি গালাজ কৰে। কোনো বিষয়ত যদি মা দেউতাই সন্তানৰ বিৰুদ্ধে মন্তব্য দিয়ে বা খঙ কৰে তেতিয়া সন্তানে এনে কথা শুনাই। কিন্তু সেই প্ৰশ্নই আটাইতকৈ বেছি আঘাত দিয়ে মা দেউতাক।
দ্বিতীয় যি কথা সন্তানে কেতিয়াও মা পিতাক কব নালাগে সেয়া হৈছে , ” তুমি মোতকৈ ভনী বা দাদাক বেছি মৰম কৰা , প্ৰাধান্য দিয়া”। আৰু এই কথা তেনে সন্তানে কয় যাৰ কেইবাগৰাকী ভাই ভনী থাকে। যি কথা একেবাৰে ঠিক নহয়, অভিভাৱকৰ বাবে প্ৰত্যেক জন সন্তান সমান , মাত্ৰ কোনোবা জন/ জনীৰ প্ৰতি স্নেহৰ তাৰতম্য হ’ব পাৰে সেয়া সেই সন্তানৰ নিজৰ আচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি। আৰু বহুক্ষেত্ৰত মৰম চেনেহৰ বহিঃপ্ৰকাশহে ভিন্ন সন্তানৰ প্ৰতি ভিন্ন পৰিলক্ষিত হয়।
তৃতীয়তে যি কথা কোৱা উচিত নহয় সেয়া হৈছে, ” মই তোমালোকক এতিয়া সময় দিব নোৱাৰো, মই বহুত ব্যস্ত “। চিঃ চিঃ , মা দেউতাই সন্তানক ডাঙৰ দীঘল কৰোতে বহুত আত্মত্যাগ কৰে , সন্তানৰ বাবে নিজৰ জীৱন দিয়ে, সময় দিয়ে কিন্তু যদি বৃদ্ধ অৱস্থাত সন্তানে নিজৰ ব্যস্ততাৰ বাবে মা পিতাক সময় দিব নোৱাৰে তাৰ নিচিনা দুৰ্ভাগ্যৰ কথা সেই সন্তান লগতে পিতৃ মাতৃৰ বাবে এই পৃথিৱীত আৰু বেলেগ নাই।
চতুৰ্থ যি কথা কব নালাগে সেয়া হৈছে, ” মই তোমালোকক ঘৃণা কৰো”। কোনো কাৰণবশত বা অজানিতে কিবা ভুল কৰিব পাৰে মা দেউতাই ; ভুল মানুহৰে হৈ যায় , সেইবুলি পিতৃ মাতৃক কেতিয়াও ঘৃণাসূচক মন্তব্য কৰা অনুচিত। এনে ঘৃণা সূচক মন্তব্যৰ বাবে পিতৃ মাতৃৰ অন্তৰ কান্দি উঠে , শোকে খুন্দা মাৰি ধৰে।
পঞ্চমতে যি কথা কোৱা অনুচিত সেয়া হৈছে, ” তোমালোক যদি মোৰ মা পিতা নহলাহেঁতেন তেন্তে বহুত ভাল আছিল”। মা পিতাৰ কোনো ভুলৰ ফলত সন্তানে এনে কটু বাক্যবান কৰা খুবেই অনুচিত। মা দেউতাৰ কিবা ভুল কথাক নৰম আৰু মৰম মাতেৰে বুজাই দিয়াৰ পৰিবৰ্তে কটু বাক্যবানে মা দেউতাক বৰ দুখী কৰি তোলে।
মা পিতাক নিজৰ কথা আৰু মন্ত্যবৰ দ্বাৰা দুখ দিলে ভৱিষ্যতে নিজৰ অধঃপতন কেতিয়াও ৰোধ কৰা সম্ভৱ নহয়। আৰু কেতিয়াবা এনে অবাঞ্চিত কথা ভুলক্ৰমে মুখৰ পৰা ওলাই গলেও সোনকালে ক্ষমা বিচৰা উচিত । আৰু সেই মুহূৰ্ততে নিজে প্ৰতিজ্ঞা কৰা দৰকাৰী যে ভৱিষ্যতে কেতিয়াও যাতে তেনে কথা নিজৰ মুখেৰে ওলাই নাহে ।
শেষত, ভগৱান শ্ৰীকৃষ্ণৰ আৰু এটা বাণী নকলে ভুল হ’ব যে পিতৃমাতৃৰ বাবে সন্তান হৈছে গৌৰৱ আৰু সন্তানৰ বাবে পিতা মাতা হৈছে আদৰ্শ , প্ৰেৰণা ; একো নোকোৱাকৈ দেউতাই সন্তানৰ সকলো ইচ্ছা বুজি উঠে আৰু বিপৰীতে সন্তানে চেষ্টা কৰা উচিত নিজৰ মা পিতাক সদায় গৰ্বিত কৰিবলৈ একেদৰে তেওঁলোকৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ।
POPULAR ASSAMESE VIDEO