এনেদৰে পৰিৱৰ্তন কৰক আপোনাৰ ভাগ্যৰ ৰেখা যাতে সকলোৱে আপোনাৰ সন্মুখত তলমূৰ কৰিবলৈ বাধ্য হয় ! কিন্তু যিকোনো মানুহে নিজৰ ভাগ্য পৰিৱৰ্তন কৰিব নোৱাৰে , মাত্ৰ এটি বস্তু যিটো সকলোৱে পৰিৱৰ্তন কৰিব পাৰে সেয়া হৈছে তেওঁৰ চিন্তাধাৰা ( thoughts ) । আৰু মানুহৰ চিন্তাধাৰাত এনে শক্তি লুকাই থাকে যিয়ে মানুহৰ কৰ্ম ( action) , ফলাফল ( result ) আৰু শেষত সি মানুহৰ ভাগ্যই সলনি কৰি দিব পাৰে। যেনেদৰে এটি বীজ অবিহনে এজোপা গছৰ জন্ম নহয় ঠিক একেদৰে কোনো চিন্তাধাৰা নোহোৱাকৈ কোনো কাম কৰা সম্ভৱ নহয়। এজন মানুহৰ চিন্তা, তেওঁৰ thoughts, তেওঁৰ কৰ্ম লৈয়ে তেওঁৰ চৰিত্ৰ ( character ) গঠন হয়। আমি আমাৰ জীৱনৰ যিসমূহ ভাল বেয়া সময়ৰ মাজেৰে গতি কৰিছোঁ সেইটো কোনোবা খিনিত নহয় কৰবাত আমাৰ চিন্তাধাৰাৰ ফলাফল।
ইয়াৰ সহজ অৰ্থ হৈছে আমাৰ জীৱনৰ সমস্ত situation, সমস্ত সমস্যাৰ বাবে আমি নিজেই দায়ী। মনত ৰাখিব যে যেতিয়া আমি আমাৰ situation ৰ দায়িত্ব নিজে গ্ৰহণ কৰিম তেতিয়া আমাৰ মাজত নিয়ন্ত্ৰণ ঘূৰি আহে, কেৱল মাত্ৰ ধৈৰ্য্য ৰাখিব লাগে। একৰ পৰা 999 লৈ সংখ্যাবোৰ গণি যাওঁতে কেতিয়াও A বৰ্ণ নাহে , A প্ৰথমবাৰৰ বাবে 1000 ত আহে, এবাৰ ভাবি চাওঁক alphabet ৰ প্ৰথম আখৰ হোৱাৰ পিছতো A ই কিমান ধৈৰ্য্য ধৰিব লাগে। ই এটা মাত্ৰ এটি উদাহৰণহে যে ধৈৰ্য্য এনে এটি দৰকাৰী বস্তু যিটো মানুহৰ থকা খুব দৰকাৰী।
যদি কোনো মানুহ তেওঁৰ জীৱনৰ বৰ্তমানক লৈ সন্তুষ্ট নহয়, তেন্তে তেওঁ তেওঁৰ চিন্তা আৰু বিশ্বাসক পৰিৱৰ্তন কৰি তেওঁৰ বৰ্তমানৰ বেয়া অৱস্থা পৰিৱৰ্তন কৰিব পাৰে। কাৰণ এইটোয়ে হৈছে এটা উপায় যাৰ দ্বাৰা নিজৰ আশে পাশে থকা যিকোনো পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰি। কিন্তু বেছিভাগ মানুহে এই কথা নাজানে আৰু এনে নকৰে, মাত্ৰ তেওঁলোকে তেওঁলোকৰ ওচৰ পাজৰৰ পৰিস্থিতি আৰু বেছি বেয়াহে কৰি পেলায় , কিছু ভুল পন্থা হাতত লয় আৰু যেতিয়া সঁচাকৈ বিফল হয় তেতিয়া তেওঁলোকে নিজৰ ভাগ্যক দোষ দিয়ে ; বেয়া পৰিস্থিতিৰ দায়িত্ব নিজে নলৈ তেওঁলোকে আনক জগৰীয়া কৰিব বিচাৰে আৰু গোটেই জীৱন হতাশাত ভোগে।
নিজৰ সপোনৰ পৃথিৱী সকলো লোকেই প্ৰস্তুত কৰে নিজৰ মন আৰু মগজুত, কিন্তু প্ৰাৰ্থনা মাত্ৰ তেওঁৰহে পূৰ্ণ হয়, যাৰ এখনি ভাল ভাগ্য থাকে । এটি সৰু কথা আপোনালোকে বহুবাৰ শুনিছে কিন্ত এই কথাটো তেওঁলোকৰ বাবে যিয়ে সকলো সময়ত ভাগ্যক ভৰসা কৰি বহি থাকে, যদিহে আপুনি আপোনাৰ ভাগ্যক নহয় আপোনাৰ নিজৰ ওপৰত ভৰসা ৰাখে তেন্তে এই কথাতো আপুনিও মনত ৰাখিব , ” মানুহৰ মগজু আৰু মানুহৰ চিন্তাশক্তি এখন খালী বাগানৰ দৰে আৰু সেইটো মানুহৰ নিজৰ ওপৰতে নিৰ্ভৰশীল যে তেওঁ সেই বাগানত ফুলৰ গছ ৰুব নে অপতৃণ ৰুব , যেনেকৈ এখন বাগানত ফুলৰ গছ ৰুই দিয়াৰ পিছত ভৱিষ্যতে চৌপাশ সুগন্ধিৰে ভৰি পৰে ঠিক একেদৰে মানুহৰ ভাল চিন্তা ধাৰাই ভৱিষ্যতে মানুহক এক সুন্দৰ জীৱন দিয়ে, একেদৰে ঋণাত্মক চিন্তাধাৰাই মানুহৰ বাবে নানা ধৰণৰ সমস্যাৰ সৃষ্টি কৰে”।
সেয়ে এইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল যে আপুনি আপোনাৰ মগজুত ঋণাত্মক চিন্তা ধাৰাৰ বীজ ৰোপণ কৰিব নে ধনাত্মক ? আৰু একেদৰে যদি কোনোবাই বাগানখন খালী ৰাখি থয় তাতে মাত্ৰ জংঘললৈ পৰিৱৰ্তন হ’ব যি কোনো কামত নালাগে। ঠিক একেদৰে আপুনি যদি আপোনাৰ মন আৰু মগজু খালী ৰাখি থৈছে তেন্তে তাতে বেলেগ নহয় মাত্ৰ অদৰকাৰী চিন্তাধাৰাই বাঁহ লব।
ৰজাৰ দৰে জীৱন ধাৰণৰ বাবে কি কৰব লাগিব জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
কথাতে কোৱা হয় মানুহৰ চিন্তাৰ মাজত এটি পাৰমাণৱিক বোমাৰ সমান শক্তি থাকে, যিয়ে এজন মানুহক অসীম ক্ষমতা প্ৰদান কৰিব পাৰে, যি শক্তিয়ে অসফলতাৰ পাহাৰ ভাগি সাফল্য আনি দিব পাৰে। এই পৃথিৱীত মানুহৰ চিন্তাধাৰা হৈছে আটাইতকৈ শক্তিশালী বস্তু।
POPULAR ASSAMESE FUNNY VIDEO