আমাৰ দেশৰ লিখা পঢ়া মানে হৈছে এক বহুত চিৰিয়াছ কথা। ফুল কুমলীয়া বয়সত আপুনি খেলাৰ চলেৰে ঘৰত যি শিকাইছে শিশুটি সেয়াই শিকিছে কিন্ত স্কুল মানে হৈছে এক নিৰ্দেশনা আৰু দিনলিপিৰ আধাৰত প্ৰচলিত নিয়মানুৱৰ্তীতা। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে তিনিটা বিষয় ১) প্ৰতিদিনে লিখা পঢ়া ২) হোম অৱৰ্ক আৰু ৩) নিৰ্দিষ্ট সময়ৰ ব্যৱধানত পৰীক্ষা । আৰু এই ধৰাবন্ধা নিয়মৰ বাবেই বহু কণমানিৰ স্কুল আৰু লিখাপঢ়াৰ প্ৰতি আহি পৰে অনিহা। বহু কণমানিয়ে এই অনিহাৰ বাবেই স্কুলত নিজৰ মাজতে কৰে কাজিয়া পেছাল আৰু বহুজনে স্কুললৈ যোৱাৰ সময়ত বেমাৰৰ নাটক আৰম্ভণি কৰে। ইফালে স্কুল কৰ্তৃপক্ষই সেই কণমানি খিনিৰ বাবে পৰে বিমোৰত, কাৰণ সেই কণমানি খিনিৰ পৰীক্ষাৰ ৰিজাল্ট অভিভাৱকে ভবা ধৰণে বা আশানুৰূপ হৈ নুঠে। ফলস্বৰূপে মা পিতাৰ লগতে কণমানিটোও হতাশাত ভোগে। মা দেউতাৰ মাজত আৰম্ভণি হয় মানসিক ভয় আৰু অস্থিৰতা।
সেয়ে এক ব্যতিক্ৰমী মতামত হিচাপে এটি শিশুক ৩-৪ বছৰ বয়সতে স্কুলত নিদি ৫ বছৰলৈ ঘৰতে খেল ধেমালিৰ চলেৰে শিকোৱা উচিত আৰু ৫ বছৰ বয়সত তাক নাৰ্ছাৰীত ভৰ্তি কৰাই দিয়ক ; ৩ -৪ বছৰতে এই কণমানি খিনিক পঢ়াৰ বাবে অত্যাচাৰ নকৰাই শ্ৰেয়। আৰু যদি ৩ -৪ বছৰতে স্কুলত দিছেও তেতিয়াও কিন্ত পঢ়াক লৈ অভিভাৱক সকল বেছি চিৰিয়াচ ( Over serious) নোহোৱাই ভাল। ডাঙৰ কথা যে এই সময়ছোৱাত বহু শিশু অভিভাৱকৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে, মা দেউতাই বহুসময়ত নিৰ্ধাৰণ কৰিব নোৱাৰে যে তেওঁ নিজৰ শিশুটিক মৰমৰ চলেৰে নে খুব শাসনৰ চলেৰে নিয়ন্ত্ৰন কৰিব ! বেছি কঠোৰ হ’ব নোৱাৰি কাৰণ ইয়াৰ ফলত শিশুটিৰ অভিমান তুংগত উঠে ; বেছি মৰমো কৰিব নোৱাৰি কাৰণ সিহঁতৰ দুষ্টামি দুগুন হৈ যায় ! তেন্তে কি কৰিব অতি শাসন কৰিব নে খং কৰিব ? ৰব ভয় নাখাব , আপোনাৰ শিশুটিৰ সৈতে আপুনি কি ব্যৱহাৰৰ বা আচৰণ কৰিলে আপুনি উভয় সমস্যাক নিয়ন্ত্ৰণ কৰিব পাৰিব তাৰে কেইটিমান টিপছ্ দিয়া হৈছে :-
১) এই প্ৰথম টিপছ্ টো শিশুৰ মা দেউতাৰ নিজৰ বাবে । দেখিব আজিকালি বহু মা দেউতা উভয়ে চাকৰি কৰে আৰু কণমানি সন্তান সময়ৰ পৰা বঞ্চিত হয় আৰু মা দেউতাৰ সেই অপৰাধবোধ লুকাবৰ বাবে মা দেউতাই সন্তানে যি বিচাৰে লাগিলে বহু দামী হলেও কিনি আনি দি সন্তানৰ অভাৱ পূৰণ কৰে। কিন্তু মন কৰক সেয়াই জানো সমাধান সূত্ৰ হ’ব পাৰে ?
এইটো কোৱা হোৱা নাই যে সন্তানক কোনো বস্তু নিদিয়াকৈ থাকক , দিব লাগিব প্ৰয়োজন খিনিহে। কিন্তু মনত ৰাখিব সন্তানৰ মনত ভালোপোৱা, পৰিয়ালৰ প্ৰমূল্যবোধ এইবোৰ গঢ়ি উঠিব আপুনি কিমান যত্ন লৈছে তাৰ পৰা আৰু বেছিখিনি সহজাত ভাবে আহিব ; সেইবুলি অযথা ব্যয়বহুল পাৰ্থিৱ বস্তু যোগান ধৰি সন্তানৰ বিলাসিতা বঢ়াই তুলিলে ভৱিষ্যতে সেই সন্তান আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত ওলাই যাব পাৰে। অ কেতিয়াবা নিজৰ পছন্দৰ বস্তু নাপায় কান্দিব পাৰে , দুখ পাব পাৰে আৰু সেয়া লাহে লাহে ঠিক হৈ যাব মাত্ৰ আপুনি তাৰ যত্ন লওঁক আৰু যিমান পাৰে সময় দিবলৈ যত্নবাদী হওঁক।
২) এই সময়ৰ পৰাই সন্তানৰ কিছু ভাল অভ্যাস গঢ়ি তোলাৰ যত্নপৰ হওঁক। ভাল অভ্যাস মানে অকল সময়মতে খোৱা লোৱা কৰা আৰু সময়মতে টোপনি মাৰা আদিকে নুবুজায় ; আনৰ সৈতে নিজৰ বস্তু ভাগৱতৰা কৰিবলৈ শিকাবলৈ নাপাহৰিব। যেনে আপোনাৰ গৃহলৈ কোনো আত্মীয়ৰ সন্তান আলহী হৈ আহিছে তেতিয়া আপোনাৰ সন্তানৰ সৈতে সেই আলহীৰ শিশুই খেলাধূলা কৰাৰ সময়ত তাৰ নিজৰ খেলা বস্তু সমূহ ভাগৱতৰা কৰিছেনে নাই তাক আপুনি অভিভাৱক হিচাপে নজৰ দিয়ক, যদি কৰা নাই তেন্তে আপুনি বুজাই বুজাই লাহে লাহে সেই অভ্যাস গঢ়াৰ চেষ্টা কৰক আৰু তেতিয়াই সেই শিশুৰ নিজৰ বয়সৰ আন শিশুৰ প্ৰতি অপৰাধ প্ৰৱণতা বহুগুণে কমি আহিব।
৩) লোকৰ বস্তুৰ ওপৰত চকু দিয়া কাৰ্য্য আপোনাৰ শিশুটিৰ মনৰ পৰা আঁতৰাবৰ বাবে চেষ্টা কৰক। বহু শিশু যেতিয়া শ্বপিং মললৈ যায় তেতিয়া দেখিব সিহঁত কিছু গাড়ী , এৰুপ্লেন বা আন পুতলাৰ প্ৰতি আকৰ্ষিত থাকে আনকি অইনৰ ঘৰলৈ গলেও সেই গৃহৰ শিশুৰ পুতলা বা খেলা ধূলা কৰা বয়বস্তুৰ প্ৰতিও খুব বেছি আকৰ্ষিত হৈ পৰে আৰু তাক সেইটো নিদিয়ালৈ আশা নেৰে ; তেনে ক্ষেত্ৰত তাক অন্যমনস্ক কৰাবলৈ যত্ন ৰাখক । এই বিষয়ত সেই শিশুক বুজাই জ্ঞান দিবলৈ চেষ্টা ৰাখক আৰু এনে কৰাৰ ফলত শিশুৰ লোভ আৰু ঈৰ্ষা বহুগুণে লোপ পায়।
যদি শিশুৰ মাত ওলোৱা নাই তেন্তে কেইবছৰমান ৰখিব আৰু কি কৰিব জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
শিশুৰ কথা ওলোৱা নাই ? কিমান দিন অপেক্ষা কৰিব ? ডঃ এ জেদ আহমেদ ।
৪) বন্ধ বা ছুটীৰ দিনত সন্তানক লৈ বাহিৰলৈ ফুৰিবলৈ যাওঁক তাতে তাৰ ঘুৰাফুৰাৰ প্ৰতি আগ্ৰহ বাঢ়িব যাৰ ফলত সন্তানৰ অইন অনেক শিক্ষা হ’ব । এই ঘুৰা ফুৰাৰ মাধ্যমেৰে শিশুক পিতৃ মাতৃৰ ফালে মনযোগী কৰি তুলিব ।
Popular Assamese video