human facts

 সৃষ্টিকৰ্তাৰ আটাইতকৈ সৰ্বোত্তম সৃষ্টি হৈছে মানুহ । আৰু এই আশ্চৰ্যজনক সৃষ্টি মানুহৰ নানান আশ্চৰ্যজনক কথা আছে যিসমূহ আপুনি শুনিলে অবাক হৈ পৰিব। তেনে আশ্চৰ্যজনক কিছু কথাই আজি যুগুতাই দিয়া হৈছে।

১) যিসমূহ লোকে বাওঁহাতেৰে কাম কৰে তেওঁলোকৰ বাওঁহাতৰ নখ দ্ৰুতভাৱে বাঢ়ে। একেদৰে সোঁওহাতেৰে কাম কৰা লোকৰ সোঁহাতৰ নখ অনেক দ্ৰুতভাৱে বাঢ়ে। বিশ্বাস নহলে আগন্তুক এক সপ্তাহ আপুনি ইয়াক নিৰীক্ষণ কৰক।

surprising facts of human

২) এজন সুস্থ্য লোকৰ মূৰত প্ৰায় এক লাখৰ পৰা ডেৰ লাখ চুলি থাকে। আৰু এয়া জানি আচৰিত হ’ব লাগিব যে আপুনি কি খাইছে, কি পান কৰিছে সেয়া বিজ্ঞানীসকলে আপোনাৰ মাত্ৰ এডাল চুলি পৰীক্ষা কৰি কৈ দিব পাৰে। কিয়নো খাদ্যৰ পুষ্টি উপাদান সমুহ আটাইতকৈ বেছি চুলিৰ বাবে প্ৰয়োজন হয়।

৩) খাদ্য, বস্ত্ৰ আৰু বাসস্থান আমাৰ সকলোৰে বাবে প্ৰয়োজনীয়, খাদ্য নোখোৱাকৈ কোনো মানুহ বেছিদিন বাছি থাকিব নোৱাৰে। সত্তৰ বছৰৰ এজন মানুহে নিজৰ জীৱন কালত প্ৰায় ২৭ হাজাৰ কেজি খাদ্য গ্ৰহণ কৰে যি সাতোটা প্ৰাপ্তবয়স্ক হাতীৰ ওজনৰ সমান।

৪) মানুহে একো খাদ্য নোখোৱাকৈ কেইবাদিনো জীয়াই থাকিব পাৰে কিন্তু পানী পান নকৰিলে চাৰি দিনতকৈ অধিক জীয়াই থাকিব নোৱাৰে।

Walking style identify characters of a girl

৫) এজন মানুহে প্ৰতি মিনিটত ১৭ বাৰ আৰু এদিনত চৈধ্য হাজাৰ দুশ আশী বাৰ চকুৰ পলক মাৰে। অৰ্থাৎ এক বছৰত প্ৰায় ৫২ লাখ বাৰ চকুৰ পলক মাৰে। আৰু এটা আচৰিত কথা হৈছে এবাৰ চকুৰ পলক মাৰিবলৈ এশ মিলিছেকেণ্ড সময়ৰ প্রয়োজন। আৰু অতি বেছি হ’লে এক চেকেণ্ডত প্ৰায় ৫ বাৰ চকুৰ পলক মাৰা সম্ভৱ। চকুৰ পলক মৰাৰ ৰহস্য হৈছে চকুৰ আদ্ৰতা বজাই ৰখা আৰু বাহিৰৰ ধূলি বালিৰ পৰা চকুক বচাই ৰখা।

৬) আমি বহুতে নাজানো আমি নিজৰ সৰুকালৰ কথাবোৰ মনত পেলাব নোৱাৰাৰ কাৰণ কি ? কিয় জানে সৰুকালত মানুহৰ মগজুৰ হিপ’কেম্পাছ সম্পূৰ্ণ ৰূপে প্ৰস্তুত হৈ নাযায়।

৭) জীৱিত মানুহৰ মগজু বহুত বেছি নৰম হৈ থাকে মৃত লোকৰ মগজুতকৈ।

৭) আধুনিক চিকিৎসা পদ্ধতিয়ে প্ৰমাণ কৰিছে যে মানুহৰ দেহত এনে কিছুমান বিশেষ ঠাই আছে যত টিপি ধৰিলে আমাৰ শৰীৰত থকা যিকোনো ৰোগ কোনো ঔষধ নোখোৱাকৈ ভাল হৈ যায়। এই বিশেষ ঠাই সমূহক কোৱা হয় আকুপ্ৰেছাৰ বিন্দু ( Accu pressure point) । আৰু আমাৰ দেহৰ আটাইতকৈ দৰকাৰী বিন্দুটি হৈছে দুই চকুৰ ভুৰৰ মাজ আৰু নাকৰ ওপৰৰ ঠাই খিনি। এই ঠাইখিনিত যদি প্ৰত্যেক দিনে এবাৰ টিপি ধৰে কিছু সময়ৰ বাবে তেন্তে প্ৰায় ১৫ দিনমানৰ ভিতৰত মাগজুৰ তীক্ষ্ণতাৰ পাৰ্থক্য দেখিবলৈ পাব।

কমেডি ভিডিঅ – WIFY WIFE ??

৮) মানুহৰ এক টোপাল তেজত প্ৰায় ২৫ কৌটিতকৈ অধিক কোষ থাকে।

৯) মানুহৰ হৃদপিণ্ড দিনটোত প্ৰায় এক লাখ বাৰ স্পন্দিত হয় ।

১০) যেতিয়া কোনো লোকে কাহ বা হাসি মাৰে তেতিয়া তেওঁৰ মুখেদি বাহিৰলৈ ওলোৱা বেক্টেৰিয়া বা ৰোগৰ বীজাণুয়ে ঘণ্টাত ৬০ মাইল বেগত গতি হয়।

১১) এজন সত্তৰ বছৰীয়া লোকে তেওঁৰ জীৱনত প্ৰায় বাৰ হাজাৰ গেলেন অৰ্থাৎ ৪২০০০ লিটাৰৰ অধিক পানী ইতিমধ্যে সেৱন কৰি পেলাই।

১২) মানুহৰ শৰীৰত তেজে প্ৰায় ২৪ ঘণ্টাত ২৪০০০ কিঃমিঃ তকৈ অধিক দূৰ গতি কৰে।

১৩) এক টোপাল তেজত প্ৰায় ১০০০০ বগা কোষ আৰু দুই লাখৰো অধিক প্লেটলেট নামৰ কোষ বিৰাজমান থাকে ।

১৪) পৃথিৱীৰ আটাইতকৈ বেছি বাৰ ৰক্তদান কৰা লোকজন অষ্ট্ৰেলিয়াৰ। তেওঁ যোৱা ৫০ বছৰত ১০০০ বাৰত কৈ বেছি বাৰ ৰক্তদান কৰিছে ।

14 surprising facts of human14 surprising facts of human

তেওঁৰ নাম হৈছে জেমছ্ হেৰিচন। আৰু আপোনালোকে জানেনে তেজ আমাৰ দেহৰ কোন অংগত জমা হৈ থাকে ? সেয়া হৈছে প্লীহা ( spleen) যাক blood bank of human body বুলি কোৱা হয়। সঁচাই এইবোৰ কথা শুনি আচৰিত নালাগিল নে ? আৰু যদি আপোনাৰ ভাল লাগিছে আন বহুজন লোকে জানিবলৈ ভাগবতৰা কৰি দিয়ক।

কেনে ছোৱালী পালে সোনকালে বিয়া কৰা উচিত জানিবলৈ তলত ক্লিক কৰক

এনে গুণৰ ছোৱালী পালে সোনকালে বিয়া কৰা উচিত !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *