পৃথিৱীত দুই ধৰণৰ মানুহ পোৱা যায় প্ৰথম জন আটাইতকৈ বেছি অকলশৰীয়া আৰু দ্বিতীয় জন তেওঁ অকলেই তেওঁৰ বাবে যথেষ্ট। দুখ তেতিয়া লাগে যেতিয়া গম পোৱা যায় যে যিজনক আপুনি বহুত গুৰুত্ব দিয়ে তেওঁৰ ওচৰত আপোনাৰ গুৰুত্বই নাই। সেয়ে কোৱা হয় কিছুমান মানুহক সঠিক সময়তে এৰি দিয়া উত্তম, কাৰণ আজি যদি তেওঁক এৰি নিদিয়ে তেন্তে তেওঁ কোনোদিন নহয় কোনোদিন আপোনাক এৰি বহুত আঘাত দিব।
এই পৃথিৱীৰ অপ্ৰিয় সত্য হৈছে যাকে আপুনি প্ৰয়োজনতকৈ বেছি সন্মান আৰু গুৰুত্ব দিব তেওঁ আপোনাৰ দৰকাৰী সময় নষ্ট কৰিব আৰু আপোনাক সন্মান কৰা এৰি দিব। যোৱাকালি এয়াই সত্য আছিল আৰু আজিও এইটোৱে সত্য যে প্ৰতাৰণা সদাই লগত থকা জনেই কৰে। সেয়ে কোনো কথাত যদি মনটো বেয়া লাগে তেতিয়া দুই ধৰণে চিন্তা কৰক ১) যদি সেই মানুহজন বহুত প্ৰয়োজনীয় তেন্তে তেওঁৰ কথাবোৰক পাহৰি যাওঁক আৰু ২) যদি তেওঁৰ কথাবোৰ দৰকাৰী তেন্তে তেওঁ মানুহজনক পাহৰি যাওঁক।
যিটো আপোনাৰ সেইটো আপুনি এদিন নহয় এদিন পাবই, লাগিলে গোটেই বিশ্বব্ৰহ্মাণ্ড বিপৰীতে অৱস্থান কৰক । সেয়ে কোনোবাই কৈছিল যিয়ে পৰি যোৱাৰ পিছতো নিজক নিয়ন্ত্ৰণত ৰাখিছে সেইজনে এই জীৱনক ভালকৈয়ে বুজি পাইছে।
অহংকাৰ বহুত দৰকাৰী যদিহে বিষয় অধিকাৰ, চৰিত্ৰ আৰু সন্মানৰ হয়। দেৰি লাগিব পাৰে, বিষয় কিন্তু আয়ত্বলৈ আহে, কোন কেনে তাক চিনি পাবলৈ সহজ হৈ পৰে। বহু লোকে আপোনজনৰ ভাও ধৰে, কিন্তু সময় আহিলে তেওঁৰ আচল চেহেৰা ওলাই পৰে।
ধুনীয়া জীৱন কটাবলৈ এটাই মূলমন্ত্ৰ , ” দুনীয়াৰ বোজা মন আৰু মগজুৰ পৰা বাহিৰ কৰি দিয়া কিয়নো দুদিনৰ জীৱন হাঁহিৰে কটাই দিয়া ; বিজয় কাৰ বাবে, পৰাজয় কাৰ বাবে , জীৱনভৰ এই সংগ্ৰাম কিহৰ বাবে, সকলোৱে যাব লাগিব এদিন , তাৰ পিছতো মানুহৰ অহংকাৰ কিহৰ বাবে” ?
কোনোৱে যদি বেয়াকৈ কৈছে অন্তৰত নলব, কিয়নো এই পৃথিৱীত এনে লোক এজনো নাই যিজনে সদায় ভালে কয়। বুজি পোৱা নাযায় এনে কিয় হয় যিজনক বহুত ভাল পোৱা যায় সেই মানুহজনেই এদিন আপোনাক বেছিকৈ অপব্যৱহাৰৰ কৰে ! আৰু যি বস্তু বেছিকৈ পাবলৈ চেষ্টা কৰা যায় সেইটোৱেই বেছি দূৰলৈ গুছি যায়।
“যেতিয়া কোনোবাই নুবুজে তেওঁক বুজাবৰ ইমান প্ৰয়োজন কত , যিজনে মানি নলয় তেওঁক কোৱাৰ প্ৰয়োজন কত , যি সম্পৰ্কত এইজনে সেইজনৰ অনুভূতিৰ মূল্য নিদিয়ে তেনে সম্পৰ্ক ধৰি ৰখাৰ প্ৰয়োজন কত , যত তুমি আনৰ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব লাগে তেনে সম্পৰ্কৰ প্ৰয়োজন কত “? সেয়ে কোনো কথাতে বেছি টেনশ্যন (Tension) লব নালাগে কাৰণ ই আপোনাক এদিন শেষ কৰি পেলাব আৰু পৃথিৱীৰ পৰা গুছি যাব লাগিব , তেতিয়া মানুহে কব যে মানসিক ভাৱে কমজুৰি মানুহ আছিল আৰু তেওঁ টেনশ্যন সহিব নোৱাৰি নিজকে শেষ কৰি পেলালে, কিন্তু এইটো নকয় যে মানুহ জন ভাল আছিল আমি টেনশ্যন দি তেওঁক শেষ হ’বলৈ বাধ্য কৰিলোঁ !
ধৈৰ্য্য ধৰিব শিকিব লাগে, যিজনে ধৈৰ্য্য ধৰি সময়লৈ অপেক্ষা কৰিব জানে তেওঁৰ হাতলৈ সকলো বস্তু আহি পৰে, তেতিয়াই নিজৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণ হয় , মাত্ৰ হাৰ মানিব নালাগে আৰু সদায় মনত ৰাখিব লাগে যে ,” মই অকলেই যথেষ্ট”।
কথাবোৰ ভাল লাগিলে আপোনজনৰ সৈতে ভাগৱতৰা কৰিব।
গৌতম বুদ্ধৰ বাণীৰে জীৱনৰ বহু দুখ দুৰ কৰিবলৈ তলত ক্লিক কৰি পঢ়ক
হিট কমেদি ভিডিঅ’ ?? পুলিচৰ wrong information??