বহু সময়ত মানুহে বুজি নাপায় যে তেওঁ কি কৰিব লাগে আৰু কি কৰা অনুচিত, তেওঁৰ বাবে কোনটো ঠিক হ’ব আৰু কোনটো ঠিক নহ’ব ! এনে সিদ্ধান্ত লব নোৱাৰাৰ ফলতে মানুহ সদায় বিপদৰ সন্মুখীন হয় আৰু অশান্তিত পৰে।
কোৱা হয় মূৰ্খ লোকৰ সৈতে কেতিয়াও তৰ্কত লিপ্ত হ’ব নালাগে। আপোনাৰ বন্ধুৰ তালিকাত এনে কিছু বন্ধু বান্ধৱী ওলাব যিসকলে একো নুবুজে আৰু বুজিবলৈ চেষ্টা নকৰে আৰু কেতিয়াবা সেই লোকৰ সৈতে আপুনি বাকযুদ্ধত লিপ্ত হবলগীয়া হয়। যদিও আপুনি তেওঁক শুদ্ধ আৰু ভাল কথাই কৈ আছে কিন্তু তেওঁ আপোনাক উত্তৰ দিব যে তেওঁহে শুদ্ধ অৰ্থাৎ আপুনি ভুল কথা কৈছে। সেই অৱস্থাত আপোনাৰ নিশ্চিত ভাবে খং উঠিব , ফলতে আপুনি তেওঁক বাৰে বাৰে বুজাব চেষ্টা কৰিব । সেয়ে কোৱা হয় এই মূৰ্খ ব্যক্তিয়ে সেইটোই শুনে যি তেওঁ শুনি ভাল পাই, আপুনি কি কৈছে আৰু কি কবলৈ লৈছে তাতে তেওঁৰ গুৰুত্ব নাথাকে বা তেওঁ দৰকাৰী অনুভৱ নকৰে। সেয়ে কোৱা হয় তেওঁক বুজাব পাৰি যিজন বুদ্ধিমান , মূৰ্খক নহয়। এই লোকে কিবা কলে এখন কানেৰে শুনি আন খনৰে উলিয়াই দিব লাগে, তেতিয়া আপোনাৰ সম্পৰ্ক ভালে থাকিব আৰু আপোনাৰ কামো হৈ যাব।
কোৱা হয় নিজৰ গোপন কথা আনক কব নালাগে। আজিকালি মানুহে কি কৰে যেতিয়া বন্ধুত্ব গভীৰ হৈ পৰে তেতিয়া নিজৰ সমস্ত কথা সন্মুখৰ জনক কৈ দিয়ে । কিন্ত মনত ৰাখিব আজি যিজন আপোনাৰ বন্ধু আছে সেইজন গোটেই জীৱন আপোনাৰ বন্ধু হৈ নাথাকিব, বহুদিন আগতে যিজন বন্ধু আছিল সেইজনো আজি আপোনাৰ বন্ধু হৈ থকা নাই। যি বন্ধু আপোনাৰ স্কুলত আছিল সেই বন্ধু আপোনাৰ কলেজৰ বন্ধু নাছিল। আজি যিজন বন্ধু আছে কাইলৈ তেওঁ কেতিয়াও বন্ধু হৈ নথকাটো বাস্তৱ। মনত ৰাখিব শত্ৰুতকৈ ভয়ানক শত্ৰু হৈছে তেওঁ যিজন আপোনাৰ বন্ধু আছিল কাৰণ তেওঁ আপোনাৰ বিষয়ে সকলো জানে লগতে জানে আপোনাৰ দুৰ্বলতা খিনি। আৰু তেওঁ আপোনাৰ এই দুৰ্বলতা খিনিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব। সেয়ে নিজৰ দুৰ্বলতা আনৰ ওচৰত প্ৰকাশ নকৰিব।
ধন, টকা আৰু সম্পত্তি ভাবি চিন্তি খৰছ কৰিব লাগে। নিজৰ টকা আজিৰ কথা চিন্তা কৰি নহয় কাইলৈৰ কথা চিন্তা কৰি খৰছ কৰক। কাৰণ আজি সকলো ঠিকে থকা বাবেই এইটো নুবুজিব যে কাইলৈ সকলো থাকিব। জীৱন পৰিবৰ্তনশীল ; আজি ভাল দিন চলি থাকিলেও কাইলৈ বেয়া সময় আহিব পাৰে। সেয়ে কিছু সঞ্চয় কৰা দৰকাৰী যাতে বেয়া দিন আহিলেও আপুনি কষ্টত নপৰে।
যিয়ে আপোনাৰ কথা অগ্ৰাহ্য কৰে তেওঁক কেতিয়াও বিশ্বাসত নলব। যিয়ে আপোনাৰ কথা নুশুনে তেওঁ আপোনাৰ সন্মান ৰক্ষা কৰিব নোৱাৰে আৰু নকৰে। সেয়ে এনে লোকক বিশ্বাসত লৈ নিজৰ গোপন কথাৰ ভাগবতৰা নকৰিব। এওঁলোকক সেইবোৰ কথা নকব যি কথা আপুনি সকলোৰে সন্মুখত কব নোৱাৰে। এওঁলোকৰ লগত সিমান খিনি কথা পাতিব যিখিনি সকলোকে ৰাজহুৱা কৈ কব পাৰি।
জীৱন সফল কৰিবলৈ তলত ক্লিক কৰি পঢ়ক
হিট কমেদি ভিডিঅ ??