Tips to be rich

শিৱৰাত্রীৰ দিনা ঘৰলৈ লৈ আনক এই বস্তু ঘৰখন সুখেৰে ভৰিব !

   শিৱৰাত্রীৰ দিনা শিৱ বাবাক পূজা অৰ্চনা কৰিলে সিদ্ধি লাভ হয়। শিৱৰাত্রীৰ দিনা মহাদেৱ শিৱলিংগতে বিৰাজমান থাকে। এই পবিত্ৰ দিনত ভগৱান শিৱক পূজা কৰিলে হাজাৰ গুণ বেছি আশীৰ্বাদ লাভ কৰিব পাৰি। এই দিনটোত হাজাৰ হাজাৰ ভক্তই গঙ্গাজল, গাখীৰ, পঞ্চামৃত আদি দি শিৱলিংগত পূজা অৰ্চনা কৰে আৰু মহাদেৱৰ আশীৰ্বাদ বিচাৰে । ভগৱান শিৱক ভোলানাথ বুলি কোৱা হয় কিয়নো তেওঁ ভক্তৰ অলপ প্ৰাৰ্থনাতে সন্তুষ্ট হৈ ভক্তক আশীৰ্বাদ প্ৰদান কৰে।

Advertisement

শিৱৰাতিৰ দিনা শিৱলিংগত গাখীৰ, মৌ ,বেলপাত আৰু ঘি আদিৰে অভিষেক কৰা হয় আৰু যদি আপুনিও এই বস্তুৰে অভিষেক কৰিছে তেন্তে শিৱলিংগৰ পৰা বৈ অহা অভিষেক এটি পাত্ৰত ভৰাই আনি ঘৰলৈ লৈ আহক আৰু ঘৰৰ চাৰিওফালে ছটিয়াই দিয়ক লগতে ঘৰৰ পৰিয়ালক খাবলৈ দিয়ক , এনে কৰিলে ৰোগ ব্যাধিৰ পৰা মুক্তি পাব আৰু ঘৰৰ সংকটবোৰ দূৰ হয়।

কাৰোবাৰ ব্যৱসায় – বাণিজ্যত সমস্যা থাকিলে এই মহাশিৱৰাত্রীত কিছু কাম কৰিলে সুফল পাব পাৰি। এই শিৱৰাত্রীৰ দিনা ৰাতিপুৱা অথবা সন্ধিয়া স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি  মহাদেৱৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাই হাতৰ মুঠিত এটি পঞ্চমুখীয়া ৰুদ্ৰাক্ষ লৈ হাতযোৰ কৰি  শ্ৰদ্ধা আৰু ভক্তিৰে ” ঔম্ নমঃ শিৱাই ” মহামন্ত্ৰটি ১০৮ বাৰ জপ কৰিব। যাৰ ফলত মহাদেৱ অত্যন্ত সন্তুষ্ট হ’ব আৰু ভক্তৰ সকলো দুখ দুৰ্গতিৰ লগতে আৰ্থিক সমস্যা আৰু ব্যৱসায়ৰ ক্ষেত্ৰত থকা সমস্যা আঁতৰ হব।  জপ কৰি উঠি সেই ৰুদ্ৰাক্ষ এখন ৰঙা কাপোৰত বান্ধি দোকানৰ কেচ্ বাকচত ৰাখিবলৈ নাপাহৰিব। ব্যৱসায় নকৰা সকলেও এই ৰুদ্ৰাক্ষ ঘৰৰ ধন টকা ৰখা বাকচত ৰাখিলে ঘৰলৈ ধন টকা অহাৰ পথ প্ৰশস্ত হয়।

Plant this tree to be happy

মহা শিৱৰাত্রীৰ দিনা কি কি নিবেদন কৰিলে কি কি লাভ হয় ?

 

যিজন ব্যক্তিৰ ওপৰত ভগৱান শিৱৰ আশীষ থাকে তেওঁক কোনো শক্তিয়ে অপকাৰ কৰিব নোৱাৰে। এই পবিত্ৰ দিনটোত শিৱলিংগত অভিষেক কৰিলে মানুহৰ আত্মা আৰু মন শুদ্ধ হৈ পৰে। নিঃসন্তান দম্পত্তি সকলে সুগন্ধি যুক্ত জলেৰে শিৱলিংগত অভিষেক কৰি সন্তান প্ৰাপ্তিৰ আশা কৰিব পাৰে। বেল ফল আৰু আন নবৈদ্য প্ৰদানেৰে আৰোগ্য কামনা কৰিব পাৰি। গাখীৰৰ দ্বাৰা নবৈদ্য কৰিলে মনৰ শান্তি ঘূৰাই পাব পাৰি। ঘি আৰু কুঁহিয়াৰ ৰসৰ দ্বাৰা মহাদেৱক অভিষেক কৰিলে সম্পদ আৰু সম্পত্তিৰ লগতে সুখ প্ৰাপ্তি হয়। ভাং অৰ্পণ কৰিলে শত্ৰুৰ ওপৰত জয়লাভ কৰিব পাৰি আৰু মনৰ আশা পূৰণ হয়। লগতে গঙ্গাজল অৰ্পণ কৰিলে মোক্ষ প্ৰাপ্তি হয়।

মনৰ দুখ আৰু অশান্তি সমুদায় দুৰ কৰিবলৈ তলত ক্লিক কৰক

এই কথা শুনিলে কোনোদিনে দুখ নহয় আপোনাৰ ! – সকলোৱে পঢ়ক

 হিট কমেদি ভিডিঅ’ 👇👇

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *