বিশ্ব বিখ্যাত বৈজ্ঞানিক ষ্টিফেন্স হকিন্সে নিজৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ পৰা এবাৰ কৈছিল, ” মানুহে জীৱনটো দুই ধৰণে চলাই নিব পাৰে (১) নিজৰ কঠিন পৰিস্থিতি দেখি নিৰাশ হৈ মাত্ৰ মৃত্যুৰ অপেক্ষা কৰিব পাৰে আৰু (২) পৰিস্থিতিৰ সৈতে যুঁজি , নিজৰ সপোন বোৰৰ বাবে নিজক সমৰ্পণ কৰি এক অৰ্থপূৰ্ণ জীৱন নিৰ্বাহ কৰি” ।
আজিকালি মানুহ খুব সোনকালে নিৰাশ হৈ পৰে কাৰণ মানুহে জীৱনত সকলোখিনি খুব সোনকালে পাব বিচাৰে। আৰু সকলো বোৰ খুব সোনকালে পাবলৈ গৈ যেতিয়া কোনো সমস্যাত পৰে, তেতিয়া মনত এটি কথা বাৰ বাৰ আহি থাকে যে সকলোবোৰ ইমান কঠিন কিয় !
সংগ্ৰাম জীৱনৰ এনে এক অবয়ব যিয়ে মানুহক ভিতৰি মজবুট কৰে, যাৰ বাবে জীৱনত আহি পৰা নানান সমস্যাক সহজতে মোকাবিলা কৰিব পৰা শক্তি তৈয়াৰ হয় । বৈজ্ঞানিক ষ্টিফেন্স হকিন্সে জীৱনত যিমান কষ্ট কৰিছে, সংগ্ৰাম কৰিছে সিমান সংগ্ৰাম কৰা মানুহ এই পৃথিৱীত কিজানি আজি পৰ্য্যন্ত এজনো নোলাব । এই ষ্টিফেন্স হকিন্সৰ কথা শুনিলে আপোনাৰ আৰু মোৰ মাজত থকা নিৰাশ মনোভাৱ আৰু হতাশা দূৰ হৈ মনত সাহস আৰু জেদ প্ৰস্তুত হৈ পৰিব।
হুইল চকীত বহি থকা এজন মানুহ যিয়ে কম্পিউটাৰৰ সাহাৰ্য্য অবিহনে কোনো কথাই কব নোৱাৰিছিল, তেনে এজন মানুহ যাৰ শৰীৰ এটি জীৱন্ত মৃতদেহৰ দৰে, যাৰ মাত্ৰ মগজুৱে কাম কৰি আছিল সেই মানুহ জনে সেই অৱস্থাটো পৃথিৱীৰ এজন শ্ৰেষ্ঠ বৈজ্ঞানিক হোৱাৰ সপোন পূৰণ কৰিছিল। সেইজন হৈছে পৃথিৱীয়ে চিনি পোৱা ষ্টিফেন্স হকিন্স ( Stephen Hopkins) । সেয়ে কোৱা হয় সোন যেতিয়া জুইত বেছিকৈ পোৰা হয় বেছি উজ্জ্বল হৈ পৰে ; ঠিক একেদৰে যেতিয়া এজন মানুহ বহু সমস্যাৰ মাজত থাকে তেতিয়া হয় তেওঁ শেষ হৈ যাব অথবা তেওঁ এনে এজন মানুহ হিচাপে বাহিৰ হৈ আহিব যাক এই পৃথিৱীয়ে চেলুট কৰিব লাগিব। ষ্টিফেন্স হকিন্স এনে এক ব্যক্তিত্বৰ অধিকাৰী আছিল যিয়ে পৰাজয় কেতিয়াও সহ্য নকৰিছিল।
ষ্টিফেন্স হকিন্স সৰু কালৰ পৰা পংগু নাছিল, কিন্তু জীৱনৰ ২১ বছৰত যেতিয়া সকলো যুৱকে ডাঙৰ ডাঙৰ সপোন দেখে কিবা কৰাৰ, সেই সময়ত ষ্টিফেন্স হকিন্সৰ শৰীৰত এক জটিল ৰোগ ধৰা পৰিছিল। যি ৰোগৰ ফলত তেওঁৰ শৰীৰৰ সকলো অংগ অকাৰ্যক্ষম হৈ পৰিছিল মগজুৰ বাহিৰে। চিকিৎসকে তেওঁৰ পিতৃ মাতৃক অৱগত কৰিছিল যে তেওঁ মাত্ৰ দুবছৰ জীয়াই থাকিব।
ষ্টিফেন্স হকিন্সে নিজেই প্ৰকাশ কৰিছিল যে তেওঁৰ দেহত এই ৰোগ হোৱাৰ আগতে তেওঁ পঢ়া শুনা কৰিবলৈ পছন্দ নকৰিছিল। কিন্ত এই ৰোগৰ পিছত তেওঁ তেওঁৰ সকলো মনোযোগ পঢ়া শুনা আৰু গৱেষণাত মনোনিবেশ কৰিছিল। তাৰ পৰিনামত ষ্টিফেন্স হকিন্সৰ মনোযোগ মৃত্যুৰ পৰা আঁতৰি নিজৰ লক্ষ্যৰ ফালে ধাৱমান হৈছিল। তেওঁ জীয়াই থকা দিন কেইটিৰ বাবে লক্ষ্যস্থিৰ কৰিছিল আৰু মৃত্যুৰ আগদিনালৈ গৱেষণা কৰি গৈছিল। ফলশ্ৰুতিত পৃথিৱীৰ পৰা বিদায় লোৱাৰ আগতে নিজকে এজন বিজ্ঞানী হৈ পৰিচয় দিব পাৰিছিল।
মৃত্যু নিশ্চিত, ইয়াৰ পৰা কোনো বাছি যাব নোৱাৰে কিন্ত যদি মানুহৰ মাজত জীয়াই থকাৰ প্ৰবল ইচ্ছা থাকে, সন্মুখৰ সকলো পৰিস্থিতিৰ সৈতে যুঁজিবলৈ ক্ষমতা থাকে , সাহস থাকে তেতিয়াহে নিজৰ এক পৃথক পৰিচয় প্ৰস্তুত কৰিব পাৰি । জীৱন আৰু মৃত্যুৰ মাজত আপুনি কেনেকৈ থাকিব বিচাৰে সেয়াও আপুনিয়েই ঠিক কৰিব লাগিব। এইটো ভাবিব নালাগে যে ইমান সমস্যা কিয়, পৰিস্থিতি ইমান কঠিন কিয় ; মাত্ৰ এই কঠিন পৰিস্থিতিৰ পৰা নতুন সুযোগৰ সন্ধান কৰিব লাগে আৰু সেই সুযোগ সমূহ বাস্তৱত ৰূপায়িত কৰি জীৱন সুন্দৰকৈ সাজিবলৈ সংগ্ৰাম কৰিব লাগে । সেয়ে কেতিয়াও নিজৰ মনোবল নাভাগিব, নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাব ; এই বিশ্বাস আৰু ইচ্ছাইহে মানুহক সফল কৰি তুলিব পাৰে বাকী অইন একোৱে নোৱাৰে।
বুদ্ধিমান শিশু কেনেকৈ জন্ম হয় জানিবলৈ তলত ক্লিক কৰক