excellent qualities of male person

   এজন পুৰুষ এটি তেজাল ঘোঁৰাৰ দৰে যিমানেই ন’দৌৰক কিয়, অর্থ সাম্ৰাজ্য যিমানেই নাথাকক কিয়, মল্লযুঁজাৰুৰ দৰে কিমানে শক্তিশালী ন’হওক কিয় ; সেয়া প্ৰকৃত পুৰুষৰ সংজ্ঞা নহয় !
excellent qualities of male person

 এজন পুৰুষ কিমান সৎ, কিমান মহান, কিমান শালীনতা গুণসম্পন্ন তাক জানিবলৈ কোনো মেচিন আবিষ্কাৰ হৈছে জানো আজিৰ তাৰিখলৈ ? পৃথিৱীৰ সকলো বস্তু জোখমাখ আৰু গুণগত মানদণ্ড নিৰূপণ কৰিবলৈ যন্ত্ৰপাতি আবিষ্কাৰ হৈছে যদিওবা মানুহৰ গুণ  জোখমাখ কৰাৰ বাবে কোনো ব্যৱহাৰিক সঁজুলি উদ্ভাৱন হোৱা নাই বা উদ্ভাৱনৰ কোনো প্ৰয়োজন বোধ নহয়। কাৰণ কিছু বিশেষ গুণ আৰু কিছু বিশেষ কৰ্মৰাজি হৈছে মানুহৰ মহানতা আৰু সততাৰ মানদণ্ড। কথাতে কোৱা হয় যে তেওঁ কাপুৰুষ আৰু এওঁ সঁচা পুৰুষ । এই পুৰুষত্ব নিৰ্ধাৰণ কৰে পুৰুষৰ কিছুমান বিশেষ বিশেষ গুণে। এনে চাৰিটা গুণ আছে যিয়ে পুৰুষৰ পুৰুষত্বক সংৰক্ষিত কৰে ; যেনেদৰে সোন পুৰি, ঘঁহি আৰু কাটি নকল নে আচল পৰীক্ষা কৰা হয় , ঠিক তেনেদৰে কিছু গুণৰ পৰা পুৰুষৰ নকল নে আচল পুৰুষত্ব আছে সেয়া নিৰ্ণয় কৰিব পাৰি , সেই গুণ সমূহ হৈছে :-

excellent qualities of male person

১) দানশীলতা :- যি পুৰুষৰ আনক দান কৰাৰ মানসিকতা আৰু প্ৰৱণতা থাকে , যিজনে নিজৰ বহুমূলীয়া অৰ্থ সাহাৰ্য্য কৰি কাৰোবাক বিপদৰ পৰা উদ্ধাৰ কৰে, কাৰোবাক নিজৰ বহুমূলীয়া সময় দি উপকাৰ সাধন কৰে, যি পুৰুষে নিঃস্বাৰ্থ ভাৱে আনক পথ প্ৰদৰ্শন কৰে সেইজন হৈছে প্ৰকৃত পুৰুষ। অকল অৰ্থ সাহাৰ্য্য কৰাকে দানশীলতা নকয় ; আনৰ বাবে কৰা শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু আৰ্থিক সেৱাৰ মানসিকতাই হৈছে পুৰুষৰ দানশীলতা।

২) শালীনতাবোধ :- আজিৰ সমাজে আকৌ এই গুণ অকল মহিলাৰ মাজতে বিচাৰি বিচাৰি হাবাথুৰি খাই ফুৰে। শালীনতাবোধ পুৰুষৰ বাবে বহু বেছি মূল্যৱান সম্পদ। এজন শালীনতা গুণী, সংস্কাৰ গুণী, নম্ৰ, ভদ্ৰ আৰু বিনয়ী পুৰুষ সদায় সন্মানৰ পাত্ৰ। এই গুণৰ বাবেই পুৰুষক সমাজে উচ্চ আসন অলংকৃত কৰে, কিয়নো এই গুণে পুৰুষৰ সততা নিৰূপণ কৰে, পুৰুষক মহান কৰে।

excellent qualities of male person

 

৩) বহুগুনী :- এজন পুৰুষৰ, তেও শান্ত স্বভাৱৰ হোৱাৰ উপৰিও তেওঁৰ ভাল বেয়া চিনাক্ত কৰিব পৰা হিতাহিত জ্ঞান থকাৰ প্ৰয়োজন। নিজৰ গতিবিধি, অঙ্গী ভংগী মাৰ্জিত হোৱা বাঞ্চনীয়। কোনো মানুহক বিশ্বাস কৰাৰ আগতে এই গুণ পৰীক্ষা কৰা অতি দৰকাৰী।

৪) নম্ৰ আচৰণ :- সকলো পুৰুষৰ সামাজিক ব্যৱহাৰ নম্ৰ আৰু ভদ্ৰ নহয়। বহুতৰে অৱশ্যে এই বিষয়ত জ্ঞানৰ অভাৱ। আচৰণৰ বিশুদ্ধতা আৰু সামাজিক ব্যৱহাৰৰ নম্ৰ – ভদ্ৰতা হৈছে প্ৰকৃত পুৰুষৰ অলংকাৰ আৰু বিভূষণ। এনে ব্যক্তিত্বৰ পুৰুষে সদায় সামাজিক স্বীকৃতি লাভ কৰে।

   সকলো তথ্য আচাৰ্য চাণক্যৰ উপদেশ অনুসৰি যুগুতাই দিয়া হৈছে। আশা কৰিছোঁ পৃথিৱীৰ সকলো পুৰুষৰ গাত এই গুণসমূহ বিৰাজমান হ’ব ।

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানিবলৈ তলত ক্লিক কৰক 

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ !! নাৰীয়ে সত্য পচন্দ কৰে বিশ্বাস কৰে মিছা !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *