চাৰি প্ৰকাৰৰ ইচ্ছা মানুহৰ কেতিয়াও পূৰণ নহয় !! – আচাৰ্য চাণক্য
আচাৰ্য চাণক্য আছিল অতীত কালৰ শ্ৰেষ্ঠ বুদ্ধিমান লোক সকলৰ মাজত এজন। তেওঁ মানুহৰ জীৱন পৰিক্ৰমা ৰ বহু মূল্যৱান উপদেশ দি থৈ গৈছে যি সমুহৰ প্ৰয়োজন বৰ্তমান সমাজ ব্যৱস্থাতো উলাই কৰা টান। তাৰে কিছুমান মানৱ সভ্যতাৰ বাবে অতি প্ৰয়োজনীয়।
১) তেওঁ কৈছিল লক্ষ্মী সদায় উদ্দোগী লোকৰ সৈতে থাকে ; তেওঁ কাপুৰুষ ব্যক্তি সকলক কৈছিল যে ভাগ্যক ধিয়াই নাথাকি নিজৰ শক্তিৰে পুৰুষত্ব অৰ্জন কৰা, চেষ্টা কৰিও যদি ফল নাপায় তেন্তে তাতে কোনো ক্ষতি নহয় বৰং শিক্ষা হ’ব । গীতাত কোৱা হৈছে ” ভাগ্যক নিৰ্ভৰ নকৰি পৰিশ্ৰম কৰি যোৱা ঈশ্বৰে মুৰ দাঙি চাব “। সাফল্য ৰ বাবে কোনো যাদু মন্ত্ৰ নাথাকে যিয়ে পৰিশ্ৰম কৰিব তেওঁ জয়ী হ’ব। কঠিন শ্ৰম অবিহনে কতো সফলতা নাথাকে।
২) অসৎ ব্যক্তিৰ সৈতে শত্ৰুটা বা বন্ধুত্ব কৰিব নালাগে। চাণক্যই কৈছিল কয়লা গৰম হ’লে হাত পোৰে, ঠাণ্ডা হ’লে হাতত কলা লাগে । ঠিক অসৎ ব্যক্তি কয়লাৰ দৰে আৰু অসৎ ব্যক্তিয়ে যিয়ে অৱস্থান নকৰক কিয় তেওঁ লোকৰ ক্ষতি কৰিবই ।
হাতীক এহেজাৰ হাত দূৰত্বত, ঘোঁৰাক এশ ফুট দূৰৈৰ পৰা, শিং থকা জন্তুক দহ ফুট দূৰত্বৰ পৰা আৰু অসৎ ব্যক্তিক দেখা মাত্ৰেই সেই স্থান ত্যাগ কৰিব লাগে। ইয়াৰ দ্বাৰা চাণক্যই কব বিচাৰে যে অসৎ ব্যক্তি পশুত কৈ ভয়ংকৰ।
৩) সদাই নিজৰ বুদ্ধিত অথবা গুৰুৰ বুদ্ধিত বিচৰণ কৰা ভাল। তেওঁ কৈছিল নিজৰ বুদ্ধি কল্যাণকামী আৰু গুৰুৰ বুদ্ধি অতি কল্যাণকামী কিন্তু পৰৰ বুদ্ধি বিনাশকাৰী, স্ত্ৰীৰ বুদ্ধি প্ৰলয়কাৰী। আৰু কোৱা হয় আনৰ বুদ্ধিত ৰজা হোৱাতকৈ ভিক্ষাৰী হৈ থকা শ্ৰেয়। অৱশ্যে গুৰুৰ বুদ্ধি লব পাৰে কাৰণ তেওঁ অভিজ্ঞ । কিন্তু সম্পূৰ্ণভাবে স্ত্ৰীৰ বুদ্ধিত চলিলে সৰ্বনাশ নিশ্চিত। আচৰ্য চাণক্যৰ মতে পুৰুষৰ তুলনাত স্ত্ৰীৰ আহাৰ দুগুন, লাজ চাৰিগুন, বুদ্ধি ছয়গুণ আৰু কৰ্ম দক্ষতা আঠগুণ । তথাপিও নিজৰ মঙ্গল বিচাৰিলে অসৎ নাৰীৰ কু অভিপ্ৰায়ী স্ত্ৰীৰ বুদ্ধিত কেতিয়াও চলিব নালাগে।
৪) চাণক্য নীতি অনুসৰি যি বন্ধুৱে এবাৰ শত্ৰুতা কৰিছে তেওঁৰ লগত পুনঃ বন্ধুত্ব কৰা আৰু বিষাক্ত সাপ নিজ হাতেৰে ধৰি নিজৰ মৃত্যুক আঁকোৱালি লোৱাৰ সমান। সেয়ে এবাৰ শত্ৰুতা কৰা বন্ধুক সদায় এৰি চলা ভাল।
৫) যি ঠাইত শ্ৰোতা নাই সেই ঠাইত বক্তাৰ কি কাম। যত উলংগ সন্ন্যাসী বাস কৰে তাতে বস্ত্ৰৰ কি প্রয়োজন। আচৰ্য চাণক্যই কৈছে স্থান কাল আৰু পাত্ৰ নিৰীক্ষণ কৰি কোনো সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। এই নীতি ব্যৱসায়ী লোকৰ বাবে খুবেই প্ৰযোজ্য।
৬) আচৰ্যই উল্লেখ কৰিছে যে উদ্দম, সাহস, ধৈৰ্য্য, বুদ্ধি, শক্তি আৰু পৰাক্ৰম এই ছয় গুণ যত থাকে সেই ঠাইত দেৱতাই বাস কৰে। অৰ্থাৎ এই কথাৰে চাণক্যই বুজাব খুজিছে যে এই ছয় গুণ থাকিলে মানুহৰ উন্নতি হয় ।
৭) উপকাৰৰ দ্বাৰা বশ কৰি শত্ৰুৰ দ্বাৰা অপশত্ৰুক দমন কৰা উচিত। আচৰ্যই কোৱা অনুসৰি হাতৰ কটাৰে ভৰিৰ কটা উলিয়া হয়, যেনেদৰে লোহাৰ দ্বাৰা লোহা কটা হয়, হাতীৰ দ্বাৰা হাতী ধৰা হয় তেনেকৈ এজন শত্ৰুৰ বিনাশৰ বাবে আন এজন শত্ৰু নিৰ্বাচিত কৰাটো বুদ্ধিমানৰ কাম।
৮) ভালকৈ চাই খোজ দিয়া উচিত , কাপোৰৰ দ্বাৰা চেকি পানী খোৱা উচিত, সত্য কথা কোৱা উচিত, মনে যি কয় তাকে কৰা উচিত। ইয়াৰ দ্বাৰা আচৰ্য চাণক্যই কব বিচাৰিছে যে সকলো কাম ভাবি চিন্তি কৰিব লাগে।
৯) যি দেশত সন্মান নাই, জীৱিকা অৰ্জনৰ সুযোগ নাই, বন্ধু বান্ধৱ নাই, শিক্ষা অর্জনৰ সুযোগ নাই সেই দেশ পৰিত্যাগ কৰা উচিত। চাণক্যই কব বিচাৰিছে যে সন্মান, বন্ধু বান্ধৱ, জীৱিকা আৰু শিক্ষা খুবেই মূল্যবান বস্তু।
১০) আচৰ্যই কৈছিল আদৰত বহু দোষ আৰু শাসনত বহু গুণ থাকে। অৰ্থাৎ পুত্ৰ আৰু শিষ্যক শাসনত ৰখা উচিত আদৰত নহয়। অতি আদৰত সন্তানৰ স্বভাৱ আৰু চৰিত্ৰ নষ্ট হ’ব পাৰে সেয়ে প্ৰত্যেক পিতৃ মাতৃয়ে আদৰৰ লগতে সন্তানক শাসনত ৰখা দৰকাৰী।
১১) নিদ্ৰা, তন্দ্ৰা, ভয়, আনৰ সমালোচনা , ক্ৰোধ, এলাহ আৰু লোভ এই সাতটি দোষ জ্ঞানী ব্যক্তিয়ে ত্যাগ কৰা উচিত। আচৰ্যৰ মতে এই দোষবোৰ থাকিলে মানুহ আগুৱাই যাব নোৱাৰে।
১২) আচৰ্যই কৈছে ধন, জীৱন , ভোজন আৰু স্ত্ৰীমোহ এই চাৰিটা বস্তুৰ ক্ষুধা মানুহৰ কেতিয়াও শেষ নহয়। সকলো মানুহ এই চাৰি বস্তুৰ ভোক শেষ নোহোৱাকৈ এই সংসাৰৰ পৰা বিদায় লয়। ধন যিমানে নাথাকক মৃত্যুৰ দিনলৈ তাৰ মোহ শেষ নহয়, যিমান বছৰ জীয়াই নাথাকক জীৱন ত্যাগ কৰাৰ ইচ্ছা কোনোৱে নকৰে, নিজৰ স্ত্ৰী যিমানেই সুন্দৰী আৰু সৎ নহওঁক আনৰ স্ত্ৰী বেছি ধুনীয়া দেখা মানুহৰ অভাৱ নাই এই পৃথিৱীত, যিমানেই ভাল আৰু সুস্বাদু খাদ্য গ্ৰহণ নকৰক তাতোকৈ বেছি সুস্বাদু খাদ্য খোৱাৰ আশংকা কেতিয়াও শেষ নহয়।
১৩) আচৰ্যৰ মতে লোকৰ ভূলৰ পৰা শিক্ষা লব লাগে আৰু সেই ভুলবোৰ কৰাৰ পৰা দূৰৈত থাকিব লাগে কাৰণ মানুহ ইমান বছৰ বাছি নাথাকে যে বাৰে বাৰে ভুল কৰি শিকি থাকিব ।
আচাৰ্য চাণক্যৰ আৰু মহান উপদেশ জানিবলৈ তলত ক্লিক কৰক
বুদ্ধিমান লোকৰ ১১ টি কি কি গুণ থাকিব লাগিব ? আচাৰ্য চাণক্য….
dhuniya likhisa….khsay pohi vl lgil