১৫ -২৪ বছৰ বয়সৰ ভিতৰত এই ভুল সমূহ নকৰিব নহলে গোটেই জীৱন কান্দিব লাগিব !!
যেতিয়া তুমি জন্মৰ পিছত প্ৰথম বাৰৰ বাবে চকু মেলিছা তেতিয়া প্ৰথম সাক্ষাৎ তোমাৰ মা দেউতাৰ সৈতে হৈছে, মা দেউতাক প্ৰথমে দেখিছা ; তুমি জীৱনৰ আৰম্ভণিত মা দেউতাক প্ৰথম ভাল পাইছিলা আৰু সেয়ে হয়তো আজি তোমাৰ মা দেউতাৰ এটাই ইচ্ছা যে যেতিয়া তেওঁলোকৰ দুচকু বন্ধ হৈ পৰিব সেই সময়ত তুমি তেওঁৰ সন্মুখত থাকিবা যাতে তেওঁলোকে গৌৰৱ কৰিব কব পাৰে যে তেওঁলোকৰ সন্তানে ভাল সংস্কাৰ শিকিছে।
সেয়ে কোনো ক্ষন্তেকীয়া আৰু মিছা প্ৰেম ভালপোৱাত উটি ভাঁহি গৈ নিজৰ মা দেউতাৰ ইচ্ছা সমূহ নষ্ট কৰি নেপেলাবা। প্ৰেম গোটেই জীৱন হয় যেনেদৰে চকু মেলোতেই মা দেউতাৰ সৈতে হৈছিল ; তুমি এই বয়সত নিজৰ কেৰিয়াৰৰ ওপৰত গুৰুত্ব দিয়া ; প্ৰেম নহয়, ভাল সংস্কাৰ শিকাৰ ওপৰত গুৰুত্ব দিয়া দামী বাইক নহয় , দামী মোবাইল ফোন উপভোগত নহয় ; তেতিয়াহে নিজৰ ভৰিত থিয় হব পাৰিবা, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হ’বা আৰু প্ৰতিষ্ঠিত হ’লে প্ৰেম কৰিবলৈ প্ৰেমিক বা প্ৰেমিকা হিচাপে আজি দেখি পছন্দ হোৱা একে ৰঙৰ ভিতৰতে বিভিন্ন ডিজাইনৰ পাবা মাত্ৰ নিৰ্বাচন কৰিলেই হৈ যাব।
মনত ৰাখিবা মাত্ৰ এজন মানুহেই তোমাৰ জীৱন সম্পূৰ্ণ নকৰে। জীৱন হৈছে অনেক মানুহ আৰু অভিজ্ঞতাৰ সংমিশ্ৰণ। কিন্তু বহুজনে অসময়ত এজন মানুহৰ পৰিসৰত জীৱন সীমাবদ্ধ কৰি নিজৰ জীৱনৰ প্ৰথম প্ৰেম আৰু ভালপোৱা মা দেউতাৰ সপোন বোৰক ব্ৰেক আপ কৰিছে। তেওঁলোকৰ সপোন বোৰ চূৰ্ণ বিচুৰ্ণ কৰি পেলাইছে, বিপথে পৰিচালিত কৰি লৈ গৈছে নিজৰ ভূত আৰু ভৱিষ্যতক।
এই পৃথিৱীত তোমাৰ জীৱনৰ এক লক্ষ্য আৰু উদ্দেশ্য আছে তাক অনুসৰণ কৰা প্ৰথমে আৰু সেই লক্ষ্য আৰু উদ্দেশ্যক সফল কৰিবলৈ এক সুদৃঢ় ভেটি প্ৰস্তুত কৰা কাৰণ তুমি জানা যিমান মজবুত ভেটি হ’ব সিমানেই জীৱনৰ অট্টালিকা মজবুত কৈ নিৰ্মাণ হ’ব । আজি তোমাৰ মা দেউতাই যি সমুহ উপদেশ সদায় দি আছে তাক অনুসৰণ কৰা তাক সাৰ্থক কৰিবলৈ যত্নপৰ হোৱা, বাহ্যিকতাক নহয়। এই সপোন সাৰ্থক কৰিবলৈ সদায় কিছু কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰা আৰু তেতিয়াই তোমাৰ বৰ্তমান আৰু ভৱিষ্যত সাৰ্থক হ’ব।
১) আনৰ উপদেশ গ্ৰহণৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা :-
এই সময়ত তোমাক তোমাৰ কেৰিয়াৰ ওপৰত বহুতে উপদেশ দিব ; বোলে এইটো কৰা সেইটো কৰা । মানুহে উপদেশ দিব তেওঁলোকৰ ব্যক্তিগত অভিজ্ঞতা আৰু নিজৰ ব্যৰ্থতাৰ পৰা পোৱা জ্ঞানৰ ভিত্তিত, তোমাৰ পছন্দ অপছন্দ আৰু তোমাৰ সপোনৰ ভিত্তিত নহয়। যেনে এজন অভিজ্ঞতা সম্পন্ন ব্যক্তিয়ে উপদেশ দিছে যে তুমি চিকিৎসক হোৱা বা ইঞ্জিনীয়াৰ হোৱা কিন্তু তোমাৰ ইচ্ছা এজন এজন প্ৰশাসনিক বিষয়া হোৱাৰ গতিকে তুমি তোমাৰ ইচ্ছা অনুসৰিহে আগবাঢ়িব লাগিব তেওঁৰ পৰামৰ্শ অনুসৰি নহয়। কাৰণ মানুহে নিজৰ ভাল লগা কাম যিমান কষ্টকৰ নহওঁক বাৰে বাৰে কৰি ভাল পায় । আৰু যদিহে তুমি তোমাৰ পছন্দ আৰু সপোন এতিয়াও স্থিৰ কৰিব পৰা নাই তেতিয়া সেইজনৰ উপদেশ পালন কৰা যিজন সেই বিষয়ত নিজেও পাৰ্গত বা অভিজ্ঞ। আৰু এই উপদেশ বুকুত বান্ধি লৈ তাক সফল কৰিবলৈ নিৰন্তৰ চেষ্টা অব্যহত ৰাখা তেতিয়াই তোমাৰ মা পিতাই শান্তি পাব।
২) নিজৰ লক্ষ্য স্থিৰ কৰি অভিজ্ঞতা ক্ৰয় কৰা দামী দামী বস্তু নহয় :-
ভৱিষ্যত জীৱনৰ বাবে নিজৰ মনটোৱে ভালপোৱা লক্ষ্য স্থিৰ কৰি তাক সাৰ্থক কৰিবলৈ জ্ঞান আহৰণ কৰা । যদি প্ৰয়োজন হয় জ্ঞান কিনি লোৱা জ্ঞানৰ বজাৰৰ পৰা। ছাত্ৰ ছাত্ৰী সকল এই বয়সত নিজৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে আৰু এই বয়সতেই আকৌ দামী দামী বস্তু যেনে স্মাৰ্ট ফোন, দামী বাইক, দামী ঘড়ী কিনাৰ প্ৰৱণতা বেছি থাকে আৰু তোমাৰো থাকিব। কিন্ত তুমি সেই দামীবোৰ পৰিহাৰ কৰি মাত্ৰ কাম চলি যোৱা এপদহে ক্ৰয় কৰা আৰু বাকী টকা বচাই সেই টকাৰে জ্ঞান ক্ৰয় কৰা। অৰ্থাৎ ভাল কোচিং কৰা, ভাল ট্ৰেইনাৰৰ ওচৰত গৈ তোমাৰ বিষয়ৰ ওপৰত প্ৰশিক্ষণ লোৱা। কাৰণ এই বয়সত তুমি ৪০,০০০ টকা দামৰ মোবাইল ফোনটোৰে যি কাম কৰিবা সেই কাম ১০,০০০ টকাৰ মোবাইলেৰেই হৈ যাব । আৰু আজিৰ পৰা দহ বছৰ পিছত তোমাৰ আজি কিনা দামী মোবাইলটো বা দামী ঘড়ীটো নাথাকিব ; থাকিব এটি কেৰিয়াৰ হে মাত্ৰ। আৰু সেই কেৰিয়াৰ যদি নিকৃষ্ট হৈ যায় তেতিয়া আৰু অনুতপ্ত হৈ লাভ নহ’ব কিয়নো আৰু পিছৰ দিনলৈ উভতিব নোৱাৰিবা তুমি । মাত্ৰ তোমাৰ আত্ম অনুসূচনাই তিলতিলকৈ আঘাট হানিব।