জীৱনত কিবা কৰা ইচ্ছা থকা লোকৰ জীৱন সলনি হৈ যাব এইখিনি পঢ়াৰ পিছত !
এজন ব্যক্তিয়ে তেওঁৰ কোম্পানীটো বিক্ৰী কৰাৰ পিছত তেওঁ এক হাজাৰ কোটি টকা পাইছিল; তেওঁ সেই সমস্ত টকা সমূহ বেলেগ বেলেগ ব্যৱসায়ত লগাই দিলে আৰু তেওঁ নিজে কিন্তু এটা ভাড়া ঘৰত থাকিবলৈ ললে। তেতিয়া কিন্তু মানুহ জনক ওচৰ চুবুৰীয়া আৰু লগ বন্ধুৰ লগতে পৰিয়ালৰ লোকেও পাগল বুলি কবলৈ আৰম্ভ কৰিছিল। সঁচা কথা এনে কাম উন্মাদ পাগলেই কৰিব পাৰে আমিও কম। কাৰণ সেই স্থানত এজন সৰ্বসাধাৰণ লোক হ’লে তেওঁ গাড়ী, বিলাসী অট্টালিকা কিনি বিলাসী জীৱন যাপন কৰিলেহেঁতেন।
এতিয়া চিনাকি কৰি দিওঁ সেই উন্মাদ পাগলজন হৈছে ১৯৭১ চনত দক্ষিণ আফ্ৰিকাত জন্ম গ্ৰহণ কৰা অভিযন্তা এল’ন মাস্ক (Elon Musk) যি আজি বিশ্বৰ আগশাৰীৰ কোম্পানী ফৰবেচ (Forbes) ৰ স্বত্বাধিকাৰী ; বৰ্তমান তেওঁৰ সম্পত্তি এক লাখ চল্লিছ হাজাৰ কোটিৰ। এয়া সম্ভৱ হৈ উঠিছিল তেওঁৰ পাগলামীৰ বাবহে ; যাক আখ্যা দিব পাৰি নিজৰ জীৱনত সফল হোৱাৰ উন্মাদনা বা জেদ। কাৰণ ভিৰ পথত চলাচল কৰিবলৈ সহজ কিন্তু অকলশৰীয়া পথেৰে গৈ কিবা কৰিবলৈ এনেধৰণৰ জেদ, লক্ষ্য আৰু পাগলামীৰ দৰকাৰ।
যিজন মানুহক নিজৰ কণ্ঠ নিম্নস্তৰৰ বুলি অনাতাঁৰ কেন্দ্রৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়া হৈছিল; সেই ব্যক্তি জনে নিজৰ মনত এটি জেদ প্ৰস্তুত কৰি লৈছিল আৰু এই জেদ আৰু লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰি শেষত তেওঁ ইমান এটি স্থানত অৱস্থান কৰিলে যে সেই স্থান পাবলৈ মাত্ৰ মানুহে সপোন দেখে মাত্র সপোন।
তেওঁ যি স্থান দখল কৰি ললে তেওঁ যি ডিগ্ৰী আজুৰি আনিলে সেই জগতত তাৰ ওপৰত আৰু একো ডিগ্ৰী বা সন্মান সংযোজন হোৱা নাই; সেইজন হৈছে চুপাৰষ্টাৰ/মেগাষ্টাৰ অমিতাভ বচন। যাৰ প্ৰথম চুপাৰহীত কথাছবি “জঞ্জীৰ” অহাৰ আগতে প্ৰথম ১৭ খন কথাছবি ফ্লপ হৈছিল। ইমান বিফলতাৰ পিছতো তেওঁ চেষ্টা এৰি দিয়া নাছিল, জেদ এৰি দিয়া নাছিল।
২০০৬ চনত কৰ্ণাটকত এজন ক্ৰিকেট খেলুৱৈয়ে ৰঞ্জী ট্ৰফীৰ এখন খেলত বেটিং কৰি দিনটোৰ শেষত ৪০ ৰাণত অপৰাজিত হৈ ৰৈছিল আৰু সেইদিনা সন্ধিয়া খবৰ আহিছিল যে তেওঁৰ পিতৃৰ মৃত্যু হৈছে ; সকলোৱে ভাবিছিল যে খেলুৱৈ জন ঘৰলৈ যাব দেউতাকক শেষৰবাৰ চাবলৈ, আনকি প্ৰশিক্ষকে এইটোও ঠিক কৰি পেলাইছিল যে পিছদিনা ৰাতিপুৱা তেওঁৰ ঠাইত কাক বেটিঙত পঠিয়াব ; কিন্ত খেলুৱৈজনে মনত পুহি ৰাখিছিল নিজৰ জেদ আৰু লক্ষ্য আৰু বহু পাগলামী; তেওঁ নগল ঘৰলৈ, নামি গল খেলপথাৰত আৰু তেওৰ কেৰিয়াৰৰ প্ৰথম শতক অর্জন কৰি নিজৰ দলক বিজয়ৰ সোৱাদ দিছিল।
সেইজন কোন জানে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কৌহলী। সঁচাই এনে পাগলামী সকলোৰে নাথাকে; যি দুই এজনৰ থাকে তেওঁলোকে এই পৃথিৱীত বহু কিবা কৰি যায়।
যাৰ পত্নীক সঠিক সময়ত চিকিৎসালয়ত লৈ যাব নোৱাৰা বাবে পত্নীৰ মৃত্যু হয়; যাৰ বাবে দায়ী মাত্ৰ এটি পথ ; এটি পাহাৰীয়া দুৰ্গম পথ। যাৰ ফলতে তেওঁ খং আৰু ক্ষোভত এটি জেদ বান্ধি ললে মনত আৰু এখন ছেইনি আৰু এটি হাতুৰী লৈ ২২ বছৰ কষ্ট ত্যাগ স্বীকাৰ কৰি পাহাৰ ভাঙি ,পাহাৰ কাটি ১১০ মিটাৰ দীঘল ৯.১ মিটাৰ বহল আৰু ৭.৭ মিটাৰ গভীৰ এটি সুৰংগ পথ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ল।
সেইজন হৈছে বিহাৰৰ পৰ্বত মানৱ ৰূপে খ্যাত দশৰথ মাঁজি ( Dashrath Manjhi ) । সেয়ে কওঁ পাগলামী আৰু জেদ নহলে এয়া সম্ভৱ হলহেঁতেন নে ? এনে লক্ষ্য আৰু জেদ তেতিয়াই আহে যেতিয়াই বুকুত আঘাট লাগে । বহু কিছুমান মানুহে এই আঘাটত ভাগি পৰি নিজক ধ্বংস কৰি পেলাই কিন্তু অসাধাৰণ মনৰ ব্যক্তিয়ে এই আঘাটক গঠনমূলক ৰূপ দি কিছু নতুন সৃষ্টি কৰে ।
এজন জেদি মানুহ কেতিয়াও অকলে আৰু এনেই বহি কটাব নোৱাৰে, বহুবাৰ ব্যৰ্থ হোৱাৰ পিছতো পুনঃ আকৌ কৰিবলৈ আগবাঢ়ি যায় আৰু তেতিয়ালৈকে কৰি যায় যেতিয়ালৈ সফল নহয়। আৰু সেই পাগল আৰু জেদি মানুহবোৰেই কিন্তু ইতিহাস সলনি কৰিব পাৰে। এনে এজন সাধাৰণ ব্যক্তি আমি বিচাৰি পামনে যিয়ে এক হাজাৰ বাৰ ফেইল কৰিও চেষ্টা এৰি নিদিয়ে; নিশ্চিত ভাবে পাগলামী থকা, জেদ এৰি নিদিয়া জনে হ’ব। আৰু এনেদৰে তেওঁলোকে যেতিয়া সফলতা লাভ কৰে তেতিয়া তেওঁ নিজেই উজ্জ্বলি উঠে আৰু গোটেই পৃথিৱীক উজ্জ্বলাই তোলাৰ সামৰ্থ ৰাখে। এনে এজন ব্যক্তি হৈছে থমাছ এলবাৰ্ট এদিছন । ৬৫ বছৰ বয়সৰ এজন বৃদ্ধ লোক যিয়ে গোটেই জীৱন অসফল হোৱাৰ পিছত গোটেই পৃথিৱীত গঢ়ি তুলিলে তেওঁৰ এক বৃহৎ আন্তৰ্জাতিক কোম্পানী কে এফ চি (KFC) ।
এই জেদ আৰু কিবা কৰি দেখুৱাৰ প্ৰবল ইচ্ছাশক্তিয়ে এজন সাধাৰণ মানুহক পাগল কৰি তোলে, জেদি কৰি তোলে, উন্মাদ সজাই দিয়ে আৰু এই লোকে জীৱনত এনে কিছুমান কাম কৰি পেলাই তাক সাধাৰণ মনৰ মানুহে কল্পনাই কৰিব নোৱাৰে। সেয়ে তোমাৰ মনত যদি কিবা কৰাৰ ইচ্ছা জাগিছে, তোমাৰ কিবা এটা কৰিলে যদি মনটো প্ৰসন্ন হ’ব বুলি ভাবিছা, কিবা এটা পাবৰ বাবে খুব হেঁপাহ যদি জাগিছে তেনেহলে তাৰ বাবে মন আৰু মগজুত জেদ বান্ধি লোৱা, নিজৰ মাজত উন্মাদ হৈ পৰি কৰ্মত নিয়োগ কৰা ; নিজৰ জীৱন আৰু প্ৰাণ উচৰ্গা কৰি দিয়া সেয়া পাবলৈ ; দেখিবা সফলতা তোমাৰ পদূলিত ৰৈ থাকিব।