get bumper lottery in this festive diwali

দ্বীপাৱলীৰ তিনিদিনৰ আগতে ঘৰত কৰক এই মহত্বপূৰ্ণ কাম দেখিব চমৎকাৰ আৰু ধনৰ দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ বৰ্ষণ হ’ব !! দ্বীপাৱলীৰ দিনা কি বস্তু দেখিলে শুভ মান্যতা দিয়া হয় ?

 

দ্বীপাৱলী হৈছে হিন্দু ধৰ্মৰ লোকৰ এটি মূখ্য পৰ্ব । এই পৱিত্ৰ দিনত গণেশ আৰু মা লক্ষ্মীৰ পূজা কৰা হয় । এই দিনটোত অযোধ্যাৰ ৰজা শ্ৰী ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি আপোন ঘৰলৈ উভতি আহিছিল। সেয়েহে এই দিনটোত পোহৰৰ উৎসৱ আৰু আনন্দৰ উৎসৱ পালন কৰা হয়। লগতে এই দিনটোত ধন সম্পত্তিৰ দেৱী মা লক্ষ্মীক বিধি বিধানৰে পূজা কৰা হয় । হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসৰি এই দিনটোতে মা লক্ষ্মীয়ে সকলোৰে ঘৰত প্ৰৱেশ কৰে।

Get bumper lottery in diwali by this tips

 সেয়ে এইদিনা শ্ৰদ্ধা ভক্তিৰে মা লক্ষ্মীক পূজা কৰিলে গোটেই বছৰ ধৰি মা লক্ষ্মীৰ কৃপা থাকিব আৰু ঘৰখনত কোনো অশুভ শক্তিয়ে অপকাৰ কৰিব নোৱাৰিব। সেইহে মা লক্ষ্মীৰ বেছি বেছি শুভ দৃষ্টি পাবলৈ এই কাম কৰিবলৈ কেতিয়াও নাপাহৰিব।

‌আম পাতৰ অধিক মহত্ব আছে সেয়ে আম পাত বহু পূজাত ব্যৱহাৰ কৰা হয় লগতে আম পাত মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়েহে দেৱালীৰ তিনিদিন আগতে ঘৰখন সুন্দৰকৈ চাফা চিকুণ কৰি লওক তাৰ পিছত স্নান কৰিলৈ শুদ্ধ বস্ত্ৰ পৰিধান কৰি ১১ টি আম পাত চিঙি আনি ৰঙা সূতাৰে মালা গাঁঠি ঘৰৰ মূল দুৱাৰত উলমাই ৰাখক । এনে কৰিলে ঘৰখনত সুখ শান্তি বিৰাজ কৰিব, ঘৰখনত ৰোপ ব্যাধি দূৰ হ’ব আৰু ঘৰখনত কেতিয়াও অশুভ শক্তিৰ প্ৰবেশ নঘটে।

Get bumper lottery in this festival Diwali

লগতে জানক দ্বীপাৱলীৰ দিনা কি বস্তু দেখিলে শুভ মান্যতা দিয়া হয় ?

দ্বীপাৱলীৰ দিনা ৰাতি যদিহে চাৰিটা বস্তু আপোনাৰ ঘৰ বা ব্যৱসায় স্থানত দেখা যায় তাক অত্যন্ত শুভ মান্যতা দিয়া হয়। যাৰ অৰ্থ এইটোৱে যে মা লক্ষ্মী সেই স্থানলৈ প্ৰৱেশ হৈছে। এই পোহৰৰ উৎসৱৰ দিনা মা লক্ষ্মীয়ে গোটেই পৃথিৱী ভ্ৰমণ কৰে। আৰু সেই চাৰিপদ বস্তু হৈছে :-

১) লক্ষ্মী ফেঁচা :- এই ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন । এই দ্বীপাৱলীৰ দিনা মা লক্ষ্মী ফেঁচাত বহি পৃথিৱী দৰ্শন কৰে সেয়ে এই দিনত ঘৰত বা ব্যৱসায় স্থানত ফেঁচা দেখিলে মা লক্ষ্মীৰ কৃপা সিদ্ধি হ’ব।

২) মেকুৰী :- দ্বীপাৱলীৰ দিনা ঘৰত বা ব্যৱসায় স্থানত মেকুৰীৰ দৰ্শন হ’লে মঙ্গলজন মান্যতা দিয়া হয় যাৰ ফলতে আগন্তক বছৰটো মা লক্ষ্মীৰ কৃপাত অত্যন্ত ভালদৰে পাৰ হব।

৩) চিকা :- এই দ্বীপাৱলীৰ দিনা চিকাৰ দৰ্শন অত্যন্ত ভাগ্যৰ কথা বুলি মান্যতা দিয়া হয়। এই দিনত চিকা যদি আপোনাৰ ঘৰত বা ব্যৱসায় স্থানত দেখিবলৈ পাইছে জানিব আপোনাৰ আকস্মিক লাভ সমাগত।

৪) জেঠী :- এই দিনত জেঠী দেখা পোৱাটো মঙ্গলজনক। যদিহে পূব দিশত জেঠী দেখা পাই তেন্তে আগন্তুক বছৰত ব্যৱসায় বাণিজ্যত লাভ বাঢ়িব, আপোনাৰ সন্মান বৃদ্ধি হ’ব। উত্তৰ দিশত জেঠী দেখিলে ধন কুৱেৰ দেৱৰ আপোনাৰ ওপৰত কৃপা পৰিব আৰু মা লক্ষ্মীৰ আশীৰ্বাদ পাব। পশ্চিম দিশত দেখিলে বছৰটো সুখ সমৃদ্ধিৰ হ’ব, বছৰটো ৰোগৰ পৰা দূৰৈত থাকিব পাৰিব। আৰু দক্ষিণ দিশত দেখিলে পৰিয়ালত সুখ বাঢ়িব, সামাজিক জীৱনৰ সন্মান বৃদ্ধি হ’ব।

এই চাৰিটাৰ এটা দেখা পোৱা সৌভাগ্যৰ কথা। যিকোনো এটা সংকেত দেখিলেই কেইটামান চাউল চটিয়াই দি মালক্ষ্মী জ্ঞান কৰি হাতযোৰ কৰি নিজৰ মনোকামনাৰ পাৰ্থনা কৰিবলৈ নাপাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *