How to impress people easily ?

মানুহক কেনেকৈ সহজতে আকৰ্ষিত কৰিব পাৰি ? কোনোবাই আপোনাক ভাল পাবলৈ কি কি গুণৰ দৰকাৰী ??

  যদিওবা মানুহে মানি লবলৈ টান পায় কিন্তু সকলো মানুহেই নিজৰ প্ৰতি অইন লোকক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা সদায়ে ৰাখে আৰু বহুজন সফলো হয়। আনক আকৰ্ষিত কৰাৰ উদ্দেশ্য সকলোৰে বেলেগ বেলেগ। যদিহে কোনোৱে এখন নতুন ঠাইলৈ গৈ বসবাস কৰিবলৈ লৈছে আৰু তাত তেওঁৰ কোনো বন্ধু নাই তেতিয়া তেওঁ আনক তেওঁৰ প্ৰতি আকৰ্ষিত কৰি বন্ধুত্ব স্থাপনৰ চেষ্টা কৰিব, কোনোৱে ভাল লগাজনক প্ৰেমৰ সম্পৰ্কৰে আপোন কৰি লব বিচাৰিলে তেওঁ সেইজনক আকৰ্ষণ কৰাৰ চেষ্টা কৰা, কাৰ্যালয়ৰ নতুন মূৰব্বীক নিজৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা আদি ইত্যাদি।

  কিন্তু এটা কথা ঠিক যে মানুহক আকৰ্ষিত কৰা এটা সহজ কামো নহয়। সেয়ে বাৰ্ণন হাৱাৰ্ডে কৈছিল ” কাৰোবাক নিজৰ প্ৰতি আকৰ্ষিত কৰা পৃথিৱীৰ সকলো বোৰ ভয়ানক কামৰ আধা” । অৰ্থাৎ সকলো মানুহৰে পচন্দ – অপচন্দ, ৰুচি – অভিৰুচি , ভাল লগা – বেয়ালগা আদি একে নহয়। সেয়ে কোৱা হয় আপুনি যি উপায়েৰে কোনোবা এজন আপোনাৰ প্ৰতি আকৰ্ষিত কৰিলে সেয়া উপায় আন এজনক আকৰ্ষিত কৰিবলৈ কামত নিদিব পাৰে। তথাপিও বহু গৱেষকে মানুহক আকৰ্ষিত কৰিবলৈ বহু মন্তব্য প্ৰকাশ কৰিছে যিসমূহ সততে খুব উপযোগী বুলি তেওঁলোকে মত পোষণ কৰি আহিছে। সেইবোৰ হৈছে :-

Tips to impress people ?

  ১) মুখত এমুঠি হাঁহিৰ প্ৰয়োজন। আপুনি যাৰ সৈতে কথা পাতিছে বা যাক আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ সৈতে বাৰ্তালাপত মিলিত হওঁতে মুখত সদায় এটি মিঠা হাঁহি ৰাখিব। তেওঁ কোৱা ধেমেলীয়া কথা , তেওঁ কোৱা কিবা ঘটনা প্ৰবাহ আদিত মনোযোগ দি হাঁহিৰে ক্ৰিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তেওঁ বুজি উঠিব যে আপুনি তেওঁৰ সংগত আনন্দ পাইছে । আৰু তেতিয়াই তেওঁ আপোনাৰ প্ৰতি লাহে লাহে আকৰ্ষিত হবলৈ ধৰিব আৰু আপোনাৰ সংগত আনন্দ পাব।

  ২) কিছু উদৰতাৰ প্ৰয়োজন কাৰোবাক আকৰ্ষিত কৰিবলৈ। আপুনি যাক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ ওচৰত উদাৰ মনোভাৱ দেখুৱাব লাগিবই। আপুনি তেওঁক সময় দিয়ক, আপোনাৰ শ্ৰম দিয়ক বা ধন টকাই দিছে সেইবোৰ ওভতাই পোৱাৰ আশাত নিদিব বা তেওঁক সেইখিনি আপুনি বিনিময়ৰ আশাত দিয়া বুলি অনুমান হ’বলৈ নিদিব।

gift something to your loved one to strenghten the relation

 ৩) আনক সন্মান দিবলৈ শিকিব লাগিব। আনক সন্মান কৰিবলৈ একো টকা পইচাৰ প্ৰয়োজন নহয়; আপুনি কাৰোবাৰ চৰ্চাৰ বিষয় হবলৈ আনৰ প্ৰিয়ভাজন হৈ পৰিবলৈ সন্মান কৰিব শিকিবই লাগিব। আপোনাৰ বিপৰীত জন আপোনাৰ সসকৰ্মী হব পাৰে, আপোনাতকৈ তলৰ শ্ৰেণীৰ কাম কৰা হব পাৰে, আপোনাতকৈ কম বয়সৰ হব পাৰে বা শিশুৱে যিয়েই নহওঁক সকলোকে সন্মান দিব পাৰিব লাগিব।

  ৪) যাৰ সৈতে কথা পাতিছে বা যাক আকৰ্ষিত কৰিব বিচাৰিছে তেওঁৰ সৈতে চকুত চকু ৰাখি কথা পাতিবলৈ কেতিয়াও নাপাহৰিব। এনেদৰে কথা পাতিলে  মানুহৰ বিশ্বাস পাব পাৰি। আৰু ইয়াৰ বিপৰীত হ’লে আপুনি কিবা কথা লুকুৱাই ৰখা বুলি ভাৱিব। মহিলাৰ সতে কথা পাতিবলৈ চকুত চকু ৰখা অত্যন্ত জৰুৰী।

know your partner whether he or she is loving you truly by this tips

 ৫) কথা দি কথা ৰাখিব পাৰিব লাগিব কাৰোবাৰ আস্থাভাজন হ’বলৈ অন্যথা প্ৰতিশ্ৰুতি নিদিবই। আপুনি যিটো কৰাৰ সামৰ্থ নহয় মিছাতে পাৰিম বুলি কৈ কেতিয়াও আপুনি সময়ত লাজৰ পাত্ৰ নহ’ব। ব্যৰ্থতা ঢাকিবলৈ গ’লে সম্ভবনাময় সুযোগ হেৰাই।

 ৬) আপুনি এজন ভাল শ্ৰোতা হ’ব পাৰিব লাগিব। যাকে আকৰ্ষণ কৰাৰ চেষ্টা নাৰাখক কিয় আপুনি তেওঁ কোৱা সকলো কথা একান্তমনে শুনিব পাৰিব লাগিব। তেওঁৰ সুখ, দুখ , অভাৱ, অভিযোগ আপুনি সকলো পূৰণ কৰাৰ সমৰ্থবান নহ’ব পাৰে কিন্ত তেওঁ তেওঁৰ সমস্যা সমূহ ভালদৰে শুনিলে খুব আনন্দ পায় আৰু আপোনালৈ বিশ্বাস বহুগুণে বাঢ়ি যাব।

 ৭) সময়ৰ মূল্য দিব জানিব লাগিব। যাকে আকৰ্ষিত কৰাৰ চেষ্টা নকৰক কিয় তেওঁৰ আগত আপোনাৰ সময় অমূল্য। যদি সময়ত কৰিব খোজাটো আপুনি কৰিবলৈ অসমৰ্থ হৈছে তেন্তে জানিব আপুনি তেওঁৰ সুবিধাৰ পৰা বঞ্চিত হৈ গৈ আছে আৰু আপোনাৰ সুবিধাখিনি বেলেগে লবলৈ গৈ আছে।

 ৮) দুটি মিঠা শব্দৰ ব্যৱহাৰ সঘনাই কৰক যি দুটা শব্দ টকাৰে কিনিব নালাগে। ধন্যবাদ আৰু স্বাগতম শব্দ দুটি প্ৰয়োজনত সঘনাই ব্যৱহাৰ কৰাটো যিকোনো সম্পৰ্কৰ বাবে ইন্ধন স্বৰূপ।

 ৯) কৰমৰ্দন কৰি আৰু সাৱটি ধৰি মানুহৰ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ শিকক। ই যিকোনো সম্পৰ্ককে দৃঢ় কৰে , মৰম আৰু বিশ্বাস বঢ়াই ।

Tips to impress people ?

 ১০) নিজৰ মাজত সততা আৰু আৰু নিজকে সংগঠিত কৰি ৰাখিব। এই গুণৰ বাবে বহুজন আপোনাৰ প্ৰতি আকৰ্ষিত হৈ পৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *