ভাগ্যশালী ছোৱালীৰ গাত কি কি চিহ্ন থাকে ? দেহত কি কি চিহ্ন থাকিলে ছোৱালী ভাগ্যশালী হয় ??

 

ছোৱালীৰ গাত কি কি লক্ষণ বা চিহ্ন থাকিলে তেওঁ নিজেই সুখী হ’ব, তেওঁৰ স্বামী কেনে হ’ব , তেওঁৰ পৰিয়াল কেনে হ’ব ইত্যাদি কথাবোৰ বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। হিন্দু ধৰ্মত স্ত্ৰীক ঘৰৰ লক্ষ্মী বুলি কোৱা হয়। আনকি ছোৱালী সন্তানক দেৱী জ্ঞান কৰি কুমাৰী পূজাও কৰা হয়। 

Symbolic signs of girl to be lucky !!

 যিসকল নাৰীয়ে তেওঁৰ মা দেউতাৰ বাবে, পতিৰ বাবে, সতী সন্তানৰ বাবে সৌভাগ্য আৰু সুখ সমৃদ্ধি কঢ়িয়াই আনিব পাৰে তেওঁলোকৰ লক্ষণ সমূহ হৈছে :-

১) গোলাপী আৰু উজ্জ্বল নখ :- যিসকল নাৰীৰ হাতৰ নখ গোলাপী আৰু উজ্জ্বল হয় তেনে নাৰী সৌভাগ্যশালী হয়; তেওঁলোকৰ প্ৰকৃতি আৰু আচৰণ মধুৰ হয়। তেওঁলোকৰ চৰিত্ৰ দৃঢ় আৰু নিষ্পাপ মনা হয়। এওঁলোক সদায় নিজৰ স্বামী আৰু পৰিয়ালৰ খুব যত্নপৰ হয়। এনে নাৰীয়ে খুব আনন্দৰে পৰিয়ালৰ সেৱা শুশ্ৰূষা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

২) বাওঁফালৰ গালত তিল থকা :- যি মহিলাৰ বাওঁ গালত তিল থাকে তেনে মহিলাৰ খোৱা লোৱা , পিন্ধন উৰণত খুব চখ থাকে ।

 

Symbolic signs of girl to be lucky !!এওঁলোক ৰন্ধন প্ৰণালীত খুব পটু হয়, এওঁলোকে যি ৰন্ধা বঢ়া কৰে অমৃতৰ দৰে খুব সুস্যাদু হৈ পৰে। এনে নাৰীয়ে পৰিয়ালৰ সকলো সদস্যৰে যত্ন লয় ; এনে মহিলাই পৰিয়ালৰ সকলোৰে সুখ শান্তি লৈ আহে।

৩) দীঘলীয়া নাক :- দীঘলীয়া নাক থকা ছোৱালীৰ বাবে পৰম সৌভাগ্যশালী কথা। এনে মহিলাই হাই উৰুমী , কাজিয়া পেছাল ভাল নাপায় আৰু নিজেও নকৰে।

 

Symbolic signs of girl to be lucky !!এই মহিলা প্ৰচণ্ড বুদ্ধিমত্তাৰ অধিকাৰী হোৱা বাবে যিকোনো সমস্যা চকুৰ পলকতে সমাধান কৰিব পাৰে। এই মহিলাই নতুন বস্তুৰ প্ৰতি লালচি হয়; কিন্ত অদৰকাৰী খৰছ তেওঁলোকে নকৰে।

৪) দীঘলীয়া হাতৰ আঙুলি :- এনে মহিলা সদায় বুদ্ধিমত্তা সমৃদ্ধিশালী হয়; এওঁলোক লিখা পঢ়াত পাকৈত হয়। জীৱনৰ সকলো পৰীক্ষাত এওঁলোকে সফলতা আৰু কৃতকাৰ্য পায়।

 

Symbolic signs of girl to be lucky !! এওঁলোকৰ সফলতা এওঁলোকৰ হাতৰ মুঠিত থাকে। এওঁলোকে খৰছ কৰিবলৈ বৰ টান পায়, এওঁলোকৰ হাতত ধন আহিলে সেই ধন দুগুণ হৈ যায়। এওঁলোক স্বামী আৰু পৰিয়ালৰ সৈতে সন্তুষ্ট থাকে আৰু সুখৰ সংসাৰ গঢ়ে।

৫) গোলাপী ৰঙৰ ভৰি :- যিসকল নাৰীৰ ভৰি গোলাপী ৰঙৰ হয় তেওঁলোকে স্বামীক খুব সুখত ৰাখিব পাৰে। এই মহিলা ৰসাল মনৰ হয়। এই মহিলাই সদায় অপ্ৰিয় কথা বৰ্জন কৰে।

 

Symbolic signs of girl to be lucky !! এওঁলোক পৰিয়ালৰ সকলোৰে মৰমৰ হৈ পৰে। এওঁলোকে কাৰো সৈতে হাই কাজিয়াত লিপ্ত নহয়। এনে ছোৱালী বিয়া কৰালে স্বামীৰ জীৱন ধন্য হয়।

৬) ভৰিৰ তলুৱাত ত্ৰিকোন সংকেত চিহ্ন:- যদিহে নাৰীৰ ভৰিত এই চিহ্ন থাকে তেন্তে এয়া ভগৱানৰ শুভ সংকেত মান্যতা দিয়া হয়। এই ছোৱালী চতুৰ আৰু বুদ্ধিমান হয় ,

Symbolic signs of girl to be lucky !!

এওঁলোকে কোনো কাম অপৰিপাটিকৈ নকৰে। স্বভাৱ সুলভ ভাৱে নিয়াৰিকৈ কৰিব পাৰে । এনে ছোৱালী লাখৰ ভিতৰত এজনী পাবলৈও টান।

 এওঁলোকে খুব চিন্তা ভাৱনা কৰি বিচাৰ বিবেচনা কৰি সকলো কাম কৰিবলৈ সমৰ্থবান। এনে ছোৱালী বিয়া কৰালে স্বামী সৌভাগ্যশালী হয়। এওঁলোক পত্নী হিচাপে খুব জ্ঞানী হৈ পৰে ।

৭) ডাঙৰ চকুৰ ছোৱালী অৰ্থাৎ হৰিণী নয়না :- যিবোৰ ছোৱালীৰ চকু হৰিণী তেওঁলোকে সকলোকে আকৰ্ষিত কৰিব পাৰে। এই নাৰী প্ৰেম ভালপোৱাত মচগুল হৈ থাকে। এনে নাৰীয়ে পুৰুষক প্ৰেমত হাবু ডুবু খুৱাই। এনে নাৰীয়ে বহু সুখী জীৱন যাপন কৰিব পাৰে; এওঁলোক সকলো সময়তে সন্তুষ্ট হৈ থাকে। এনে নাৰীয়ে স্বামীক অত্যন্ত সুখী কৰি ৰাখিব জানে।

৮) নাকত থকা সৰু তিল :- বহুতৰে মুখত তিল থাকে কিন্তু নাকত থকা সৰু তিল বহুত গুৰুত্বপূৰ্ণ। নাকত তিল থাকিলে জীৱন বহু সুখ আৰু সমৃদ্ধিৰ হয়। এনে নাৰীয়ে সংসাৰৰ সকলো সুখ সমৃদ্ধি লাভ কৰে। এনে নাৰী জীৱনত কেতিয়াও অভাৱত নপৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *