এইকেইটা কাম কৰিলে আপোনজন আঁতৰি নাযায় !! কি কাম বা কৰ্মৰ দ্বাৰা আপোনজনক ধৰি ৰাখিব পাৰি ? এহাল প্ৰেমিক – প্ৰেমিকাই ইজনে আনজনৰ কি গুণবোৰ বেছি পচন্দ কৰে ?

strenghten your relation by this few beautiful tips

  প্ৰেম হৈছে এক আচৰিত শক্তি যাৰ গতি পোহৰৰ ৰশ্মি আৰু শব্দ তৰংগ তকৈ বেছি। এক ঐশ্বৰীক বান্ধোন প্ৰেম হৈছে সৃষ্টিৰ ঘাই উপাদান ; সেয়ে প্ৰেমক প্ৰকৃতিৰ সৈতে কেইবাবাৰো তুলনা কৰা হৈছে। এক স্বৰ্গীয় অনুভূতি প্ৰেম সকলোৰে জীৱনলৈ এবাৰ নহয় এবাৰ আহে। এই প্ৰেম ভালপোৱাৰ সাগৰত ডুবি বহু বিখ্যাত কবিয়ে লিখিছে কবিতা, বহু চিত্ৰশিল্পীয়ে অংকন কৰিছে বহু ছবি, সাহিত্যিকে লিখিছে কত উপন্যাস গল্প আদি। এই প্ৰেমৰ উৎসাহতে সৃষ্টি হৈছে দৈনন্দিন ন ন সৃষ্টিৰাজি। বিপৰীতে বহুজনে কিছু সৰু সৰু ভুলৰ বাবে প্ৰেম বিচ্ছেদ হোৱাৰ বাবে বহু দুৰ্ভোগ ভুগিছে। আবেগ , অনুভূতিৰ বশৱৰ্তী হৈ কাৰোবাৰ সতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈছে যদিও এই সম্পৰ্ক ঠুনুকা কাছৰ দৰে ভাঙি যোৱাৰ ফলত চৰম আত্মহত্যাৰ দৰে পথো বাছি লৈছে বহুজনেই। সেয়া হবলৈ পায় সম্পৰ্কটোৰ অপৰিপক্কতা আৰু প্ৰেমৰ প্ৰকৃত মূল্যবোধ নুবুজাৰ ফলত ।

  এটি প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাৰ পৰা প্ৰথম কিছুদিন সম্পৰ্কটো ভালদৰে চলে কিন্তু সম্পৰ্কত জড়িত উভয় পক্ষৰ কিছু সৰু সৰু ভুলৰ বাবে লাহে লাহে সম্পৰ্কত ব্যৱধান বা দূৰত্ব বাঢ়ে; আৰু যদিহে ভুলবোৰ শুধৰণি নহয় সময়ৰ লগে লগে সেই সম্পৰ্কত ভাঙোন ( break up) আহে। সেয়ে এটি সুমধুৰ সম্পৰ্ক অটুট ৰাখিবৰ বাবে উভয় পক্ষই কিছু কথা মনত ৰখা উচিত তেতিয়াই নিজৰ ভালপোৱা জন সদায় নিজৰ কাষতে থাকিব আৰু যাৰ ফলতে প্ৰেম চিৰযুগমীয়া হৈ ৰব।

beautiful tips to get more love from your partner

 ১) কাৰোবাৰ সৈতে এটি সম্পৰ্ক গঢ়ি উঠিলে উভয়ে সম্পৰ্কটোক সন্মান কৰা উচিত। সম্পৰ্কটোক সন্মান কৰা মানে ইজনে সিজনক সন্মান কৰা বুজাইছে। ভালপোৱা জনক আপুনি এনেকুৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব যে তেওঁ আপোনাৰ আঙুলিৰ নিৰ্দেশত নাচিব। তেওঁৰো আবেগ, অনুভূতি, ইচ্ছা, আনন্দ আছে সেইবোৰক আপুনি সন্মান দিবলৈ শিকিব লাগিব। কিছুমান ক্ষেত্ৰত দেখা যায় যে উভয়ে উভয়কে একান্তমনে ভাল পায় কিন্তু কোনোবা এজনৰ ভাল আচাৰ ব্যৱহাৰৰ অভাৱত সদায়ে আনজন লজ্জিত হ’বলগীয়া হয় ; ইজনে বহু ভাল কাম কৰাৰ পিছতো সিজনে প্ৰশংসা কৰা দেখা নাযায়। ভালপোৱাই সদায় বিচাৰে যে তেওঁৰ সংগীয়ে সদায়ে তেওঁক বহুত বেছি ভাল পাওঁক, সদায়ে বেছিকৈ মৰম কৰক, বহু বেছি সন্মান কৰক, বহু বেছি যত্নপৰ হওঁক, বহুত বেছিকৈ সহযোগিতা আগবঢ়াই যাওঁক কিন্তু তাৰ বিপৰীত হ’লে সম্পৰ্কবোৰ ঠুনুকা হৈ পৰে আৰু সময়ৰ সোঁতত ই ভাগি যায়। সেয়ে আপুনি তেওঁক যিমানেই ভাল নাপায় কিয় যদিহে সদায়ে আপোনাৰ পক্ষত তেওঁ সন্মানৰ অভাৱ পাইছে এদিন নহয় এদিন তেওঁ আঁতৰি যাবই। জানি থোৱা ভাল যে অকল প্ৰেমৰ সম্পৰ্কই নহয় পৃথিৱীৰ যিকোনো সম্পৰ্কই সন্মান আশা কৰে।

get true love with this tips

  ২) প্ৰেমৰ সম্পৰ্ক এটাত সদায় ইজনে সিজনৰ ভুলবোৰ খুচৰি থকা এটি অতি বেয়া অভ্যাস। প্ৰেমৰ সম্পৰ্কত সোমোৱাৰ আগত আৰু সম্পৰ্ক স্থাপন হোৱাৰ কিছুদিনলৈ উভয় পক্ষই ইজনে সিজনৰ প্ৰশংসাত পঞ্চমুখৰ হৈ থাকে, ইজনৰ আবেগ অনুভূতিবোৰক সিজনে খুব যত্ন লোৱা দেখা যায়। কিন্তু লাহে লাহে সময়ৰ সোঁতত সম্পৰ্ক আগবাঢ়ি যোৱাৰ লগে লগে যদি ইজনে আনজনৰ সৰু সৰু দোষ বা ভুলবোৰতে লাগি থাকে, খং কৰে আৰু ইজনে সিজনক ক্ষমা ভিক্ষা কৰাৰ পিছতো সেই ভুলকে খুচৰি থাকে তেন্তে জানিব সম্পৰ্কত আউল লাগিছে। অকল প্ৰেমৰ সম্পৰ্কই নহয় সকলো সম্পৰ্কৰ বাবে ই এক বেয়া অভ্যাস। আৰু এনেদৰে সকলো কথাতে যদি ইজনে আনজনৰ মাত্ৰ ভুলবোৰহে বিচাৰি থাকে আৰু ভালবোৰৰ প্ৰশংসাও নকৰে তেন্তে আপোনাৰ আপোনজন আপোনাক আঁতৰি যাবলৈ বেছিদিন নালাগে। সেয়ে উত্তম হৈছে খঙেৰে নহয় ভালকৈ সহজ সৰল ভাবে সংগীজনৰ দোষ খিনি আঙুলিয়াই দিয়ক কাৰণ দোষ আৰু ভুল সকলো মানুহেই কৰে।

love tips

  ৩) জীৱন শৈলীক সদায় নতুনত্ব দিবলৈ চেষ্টা কৰিব লাগে। দীৰ্ঘদিনীয়া সম্পৰ্কবোৰ কেতিয়াবা আমুৱাই যি মানুহৰ এক সহজাত প্ৰবৃত্তি। যেনেদৰে একেখন তৰকাৰী বা একে ব্ৰেকফাষ্ট সদায় খাই আমনি লাগে কিয়নো মানুহে নতুন বস্তু সদায় ভাল পায়। সেয়ে যাতে আপোনাৰ ভালপোৱা জন বা আপোনাৰ মৰমৰ জনে আপোনাক আমনি নাপাই তেনে কিছু সৰু সৰু কাম আপুনি কৰিব পাৰে। আপুনি দৈনন্দিন কৰি থকা কামবোৰ যেনে আপোনাৰ খাদ্য গ্ৰহণ কৰাৰ ষ্টাইল, উঠা বহাৰ ধৰণ,কানি কাপোৰ পিন্ধাৰ ধৰণ, খোজ কঢ়াৰ ধৰণ আদিত মাজে প্ৰায়ে কিছু পৰিৱৰ্তন আনিবলৈ সদায়ে তৎপৰ থাকিব লাগে। এনে কৰা ফলত আপোনাৰ প্ৰতি তেওঁৰ আকৰ্ষণ বাঢ়ি গৈ থাকিব আৰু সম্পৰ্কই গভীৰতা পাব। মনত ৰাখিব মানুহৰ নতুন বস্তু ভাল লগাৰ প্ৰৱণতাৰ বাবেই আপোনাৰ প্ৰিয়জনে আনৰ সৈতে প্ৰথমে মনে মনে কথা পাতে আৰু সময় সলনি হলে আপোনাক এৰি যাবলৈ কুণ্ঠাবোধ নকৰে।

  ৪) নিজকে সদায় উন্নত আৰু সময় উপযোগী কৰি ৰখাটো এটি সম্পৰ্কৰ বাবে ইন্ধন স্বৰূপ। আপোনাৰ কাম আৰু শৈলী যিমানে নিখুঁত আৰু নিপুণ হ’ব সিমানেই অইন লোক আপোনাৰ প্ৰতি আকৰ্ষিত হয়। আপোনাৰ কথা কোৱাৰ ধৰণ, আপোনাৰ ব্যক্তিত্ব, আপোনাৰ চিন্তাধাৰাই অইনক আকৰ্ষিত কৰি ৰাখিব পৰাকৈ গঢ়ি তুলিব লাগিব তেতিয়াই আপোনাৰ আপোনজনৰ লগতে আন বহু দহজনে সদায় আপোনাক অনুসৰণ কৰিব।

know your love whether your love is true or time pass by this 6 tips

  ৫) এটি সম্পৰ্কত থকা উভয়ে কিছু ত্যাগ কৰিব লাগিব। সম্পৰ্কটো মধুৰ আৰু গভীৰ কৰি ৰাখিবলৈ হ’লে নিজকে সদায়ে সৰু কৰি ৰখা এক বুদ্ধিমানৰ কাম। সম্পৰ্কত সৰু ডাঙৰ ভুল বুজাবুজি, কাজিয়া পেচাল থাকিব কিন্ত সেইবুলি ভুল কৰি উঠি সেই ভুল ঢাকিবলৈ পুনঃ নতুন নতুন ভুল কৰে বা মিছাৰ আশ্ৰয় লয় তেতিয়া সম্পৰ্কত বিশ্বাসৰ অভাৱ দেখা দিব। সেয়ে হৈ যোৱা নিজৰ ভুল নিজেই স্বীকাৰ কৰি সৰু হৈ দিয়াটোয়ে সম্পৰ্কটোক দীৰ্ঘস্থায়ী কৰিব। মনত ৰাখিব যদি আপুনি নিজৰ কৰ্মক্ষেত্রত বা অফিচত নাইবা বন্ধুৰ লগত কিবা ভুল কৰে লগে লগে তেন্তে লগে লগে ক্ষমা খোজে ঠিক একেদৰে প্ৰিয়জনৰ আগত কিবা ভুল কৰিলেও গম পোৱা মাত্ৰকে ভুল স্বীকাৰ কৰিব লাগে। সেয়ে কোৱা হয় কেতিয়াবা যুদ্ধত জিকিব লাগিলে এখোজ পিছুৱাই আহিব লাগিব পাৰে।

  ৬) প্ৰেমত সদায় সৰু টিপছ্ বা কামে আপোনাৰ সম্পৰ্কক মধুৰ কৰি তোলে। সম্পৰ্কত থাকিলে ইজনে সিজনক দিয়া সৰু উপহাৰ এটিয়ে সম্পৰ্কৰ মহৌষধ হৈ পৰে।

gift something to your loved one to strenghten the relation

 আপুনি যিমান কৰ্মব্যস্ত হৈ থাকিলেও আপোনাৰ সংগীয়ে দিনটোৰ ভিতৰত এটা ফোন বা দুটা মেছেজ আশা কৰে বা আপোনাৰো মনে কামনা কৰে। কেতিয়াবা সময় পালে তেওঁৰ ঘৰৰ পৰিয়ালৰ বিষয়ে খবৰ লোৱা আদিয়ে আপোনাৰ আপোনজনক অতি আনন্দিত কৰে আৰু আপোনাৰ প্ৰতি বিশ্বাস বঢ়াই।

  ৭) সম্পৰ্কত থকা উভয়ে উভয়ৰ কৰ্মৰাজিক সন্মান দিয়া আৰু গুৰুত্ব প্ৰদান কৰাটো মনে প্ৰাণে কামনা কৰে। তেওঁ কৰা কাম বা বৃত্তি আপোনাৰ পছন্দনীয় নহব পাৰে তথাপিও সম্পৰ্কটো দৃঢ় কৰি ৰখাৰ স্বাৰ্থতে আপুনি তেওঁৰ কামৰ প্ৰশংসা কৰা, তেওঁৰ কামৰ উন্নতিৰ খবৰ লোৱাটো বাঞ্ছনীয়। এনে কৰাৰ ফলতে আপোনাৰ সম্পৰ্কৰ দৃঢ়তা বৃদ্ধি পাব।

  ৮) এটি প্ৰেমৰ সম্পৰ্কত আটাইতকৈ মূল্যবান কথাটো হৈছে সময়। আপুনি যিমান ব্যস্ত নাথাকক কিয় তাৰ মাজতে প্ৰিয়জনক লগ কৰাটো ফোন কৰি খবৰ লোৱাটো অতি প্ৰয়োজন। নহলে যেনেদৰে সময়ে সকলো সলনি কৰে ঠিক সময়ৰ অভাৱেই এটি মধুৰ সম্পৰ্ক তিতা কৰি পেলাব পাৰে।

  ৯) প্ৰেমৰ সম্পৰ্কত মিছা কথাৰ স্থান নাই। মিছা কথা এদিন নহয় এদিন পোহৰলৈ আহিবই। আৰু যিদিনা মিছাবোৰ ধৰা পৰিব বা বেলেগৰ দ্বাৰা সঁচাবোৰ প্ৰিয়জনে গম পাব সিদিনা কিন্তু মহাপ্ৰলয়ৰ বাদে একো নহয়। যিকোনো সম্পৰ্ক মিছা আৰু প্ৰৱঞ্চনাৰে দীৰ্ঘস্থায়ী নহয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *