NINE TIPS TO INCREASE INTELLIGENCE

বুদ্ধিমত্তা বঢ়াবলৈ ১১ টা টিপছ্ !! মানুহ কেনেকৈ বুদ্ধিমান হ’ব পাৰে ? কি উপায়েৰে আপুনি আপোনাৰ বুদ্ধিমান হ’ব ?কেনেকৈ মগজুৰ প্ৰশৰতা বঢ়াই তুলিব পাৰি ?

 পুৰণি কালত সৰ্বসাধাৰণ মানুহ আনকি বিশেষজ্ঞ লোক সকলেও বিশ্বাস কৰিছিল যে মানুহ যি জ্ঞান বুদ্ধি লৈ জন্ম গ্ৰহণ কৰে সেইখিনিক আৰু কেতিয়াও বঢ়াই তুলিব নোৱাৰি বা কমিও নাযায়।

9 tips to increase intelligence and iq

  অৰ্থাৎ তেওঁলোকৰ বিশ্বাস আছিল যে বুদ্ধিমত্তা এক স্থিৰ বস্তু। কিন্তু সম্পূৰ্ণৰূপে বিপৰীত মন্তব্য প্ৰকাশ কৰিছে আধুনিক যুগৰ বিশেষজ্ঞ বিজ্ঞানীসকলে। উপযুক্ত প্ৰমাণ সহকাৰে এওঁলোকে মন্তব্য কৰিছে যে বুদ্ধি, বুদ্ধিমত্তা যাক intelligence বুলি কোৱা হয় তাক ব্যক্তিবিশেষে নিজৰ যত্নৰ দ্বাৰা অধিক পৰিমানে বঢ়াই তুলিব পাৰে। এওঁলোকৰ মতে মানুহৰ দৈনন্দিন জীৱনৰ প্ৰাথমিক জীৱন শৈলীৰ কিছু সলনি কৰিলেই সময়ৰ সোঁতত বুদ্ধিমত্তাৰ সলনি হৈ পৰে।

কাৰোবাৰ বুদ্ধিমত্তা বেছি থকা বুলিয়ে এনেকুৱা নহয় যে তেওঁ অন্য দহজন লোকতকৈ বেছি বেছি বিষয় জানিব লাগিব; বুদ্ধিমত্তা এনে এটি বস্তু যিয়ে লোকৰ মগজুক সকলো সময়তে সক্ৰিয় কৰি ৰাখে, এই বুদ্ধিমত্তাৰ বাবেই এজন লোকে অইন দহজনৰ তুলনাত অতি কম সময়তে সমস্যা সমাধান কৰিবলৈ সক্ষম হয়; বুদ্ধিমত্তাই এজন লোকে কিমান কম সময়ত নতুন নতুন বিষয়  খুব সোনকালে আয়ত্বলৈ আনিব পাৰে তাক নিৰূপণ কৰে। এই বুদ্ধিমত্তাক আৰোহণ কৰাবলৈ দৈনিক যিবোৰ কাম কৰা উচিত সেইসমূহ হৈছে:-

exercise for 35 minitues daily to increse iq and intelligence

১) নিয়মিত শাৰীৰিক ব্যায়াম:- দৈনিক শাৰীৰিক ব্যায়াম হৈছে শাৰীৰিক ভাবে সুস্থ থকা আৰু মন মগজুক সক্ৰিয় কৰি ৰখাৰ উত্তম উপায়। লঘু ব্যায়ামে মগজুৰ এটি   বিশেষ অংগ হিপ’কেম্পাছক সক্ৰিয় কৰি ৰাখে যাৰ ফলত স্মৃতিশক্তি বৃদ্ধি হয়। শাৰীৰিক ব্যায়ামে নিউৰন সমূহক সক্ৰিয় ৰাখে যাৰ ফলত মগজুৰ কোষ সু-সংগঠিত হয় আৰু বুদ্ধিমত্তা বৃদ্ধি পায়। সেয়ে প্ৰতিদিনে ৩৫ মিনিট খোজ কাঢ়িলে বা যোগ ব্যায়াম কৰিলে নাইবা পৰিশ্ৰমী কাম কৰিলে মগজু আৰু মেধাৰ উন্নতি হয়। চেদুল পেচিফিক ইউনিভাৰ্চিটিৰ বিখ্যাত বিশেষজ্ঞ জন মেদিনে কৈছিল ” আপুনি ব্যায়াম কৰিছে শৰীৰ ঠিকেই ৰাখিবলৈ কিন্তু আপুনি গম নোপোৱাকৈয়ে আপোনাৰ মন আৰু মগজুৰ  বুদ্ধিমত্তা প্ৰখৰ হৈ গৈ আছে লগতে দেখিব আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি হৈছে”।

২) নিজৰ মগজুক নিজেই ব্যৱহাৰ কৰা :- বাস্তৱ জীৱনৰ কাম কাজ আৰু মোবাইল, লেপটপৰ বাহিৰলৈ ওলাই আহি আপোনাতকৈ অভিজ্ঞ, বুদ্ধিমান আৰু জ্ঞানী লোকৰ সৈতে অলপ কথা বতৰা পাতিবলৈ আৰম্ভ কৰক। এনে কৰাৰ ফলত মগজুৰ অগ্ৰগতি হ’ব আৰু আপুনি নতুন কিবা শিকিবলৈ পাব। মানুহ সামাজিক জীৱ সেয়ে সামাজিক ভাৱে জীৱন নিৰ্বাহ কৰিলে বুদ্ধিমত্তা বৃদ্ধি হয়।

tips to increase iq and intelligence

৩) টোপনি :- বিজ্ঞান সন্মত ভাবে দৈনিক এজন প্রাপ্তবয়স্ক লোকক ৭-৮ ঘণ্টা টোপনিৰ প্ৰয়োজন। টোপনি কমকৈ গৈ লিখা পঢ়া কৰা, কাম কাৰ্যত নিয়োজিত থকা ভুল আৰু মগজুৰ বাবে ক্ষতিকাৰক। বুদ্ধিমত্তা বঢ়াই তুলিবলৈ হিচাপৰ টোপনিৰ খুবেই প্ৰয়োজন। যেতিয়া আপুনি টোপনি মাৰে তেতিয়া আপোনাৰ দিনটোৰ ৰোমন্থন কৰা স্মৃতিসমূহ পুনৰবিন্যাস হয় আৰু যেতিয়া সাৰ পায় তেতিয়া জ্ঞান লাভৰ বাবে ক্ষমতা বাঢ়ি যায়।

৪) ধ্যান কৰা :- এই ধ্যানৰ দ্বাৰা মানুহৰ স্মৃতিশক্তিয়ে আগতকৈ ভালকৈ কাম কৰাৰ শক্তি পায় আৰু নতুন সৃষ্টিৰ বাবে মগজু প্ৰকট হয়। বহু গৱেষণাত প্ৰকাশ যে এজন লোকে যদি দৈনিক ১৩ মিনিটকৈ ৮ সপ্তাহৰ বাবে ধ্যান কৰে তেতিয়া তেওঁৰ মনোযোগ, কামৰ স্পৃহা আৰু স্মৃতিশক্তিৰ পৰিৱৰ্তন দেখা পাব লগতে মনৰ ভয়ভাব দূৰ হ’ব।

৫) দৈনিক কফি সেৱন কৰা :- মানুহৰ দৈনন্দিন পাক বিপাকৰ ফলত এদিন’চাইন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য মগজুত ক্ষৰণ হয় যিয়ে মগজুক উত্তেজিত কৰে ফলতে ব্যক্তিবিশেষৰ সকলো কামতে আউল লাগে। কিন্তু কফিট পোৱা ‘কেফেইন’ নামৰ ৰাসায়নিক দ্ৰব্যবিধে এদিন’চাইন ক প্ৰতিৰোধ কৰাৰ শক্তি ৰাখে আৰু ই মানুহৰ শক্তি আৰু উৎসাহ বৃদ্ধি কৰে। সেয়ে দৈনিক দুই তিনিকাপ কফি সেৱনে মগজুৰ নিউৰন ৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।

৬) সেউজীয়া চাহ ( green tea) :- সেউজীয়া চাহত থাকে এন্টী অক্সিডেণ্ট আৰু কেফেইন । বিভিন্ন গৱেষণাত প্ৰকাশ যে গ্ৰীণটি সেৱনে মনোযোগ আৰু স্মৃতি শক্তি প্ৰকট কৰে।

tips to build up intelligence and iq

৭) পুষ্টিকৰ খাদ্য গ্ৰহণ :- যি সমূহ খাদ্যত অমেগা ৩ ফেঁটী এচিড, ফ্লেৱোনৈডছ, ভিটামিন K বেছি থাকে তেনে খাদ্য মেধাশক্তিৰ বাবে লাভজনক। চৰ্বীযুক্ত মাছ, বাদাম, এভাকদা আদিত অমেগা ৩ ফেঁটী এচিড প্ৰচুৰ মাত্ৰাত থাকে। বন্ধাকবী, বিলাহী, পালেং শাক, গাখীৰ আদিত ভিটামিন K প্ৰচুৰ মাত্ৰাত থাকে। আৰু ফ্লেৱোনৈডছ বেছি থাকে ডাইল, চয়াবিন, ষ্ট্ৰবেৰী, ব্লুবেৰী আদিত। এই খাদ্য সমূহ বুদ্ধিমত্তাৰ বাবে অতি প্ৰয়োজন।

৮) কৰ্মৰ মাজে মগজুক বিশ্ৰাম দিয়া :- একেৰাহে দিনৰ দিন মগজুক কামত নলগাই কিছু কম সময়ৰ বাবে হলেও জিৰণি ললে মগজুৰ অৱসাদ দূৰ হয় আৰু পুনঃ কাম কৰিবলৈ মগজু উজ্জীৱিত হয়।

৯) মানুহৰ কিছুমান চখ বা হবি (hobby) থকা দৰকাৰ :- সদায় নিজৰ মূল বা প্ৰধান কামতে ব্যস্ত নাথাকি কিছু মনোৰঞ্জন ধৰ্মী কাম কৰিব লাগে। যেনে ধৰক ছবি অংকন কৰা, গান গোৱা, বাদ্যযন্ত্ৰ বজোৱা, আপোন জনৰ সৈতে ফুৰিবলৈ যোৱা আদি । লগতে কোৱা হয় মানুহে সদায় একে কাম নকৰি কেতিয়াবা অলপ বেলেগ কামত নিয়োজিত হলে মগজুৰ কোষ সক্ৰিয় হয়।

STAYING ALONE IS A QUALITY OF INTELLIGENT PERSON

১০) কিতাপ পঢ়া :- দৈনিক কিতাপ পঢ়িলে মগজুৰ কোষ উজ্জীৱিত হয়। ফলত মগজুত নিউৰণ সমূহৰ মাজৰ সংযোগ দ্ৰুত হয় যাৰ ফলতে বুদ্ধিমত্তা ক্ৰমান্নয়ে বৃদ্ধি পায়।

১১) চাওঁক, শুনক আৰু শিকক :- এইটো হৈছে এটি গভীৰ তত্ত্ব যিয়ে বুজি পাই তেওঁলোক বুদ্ধিমান হয়। ভিডিঅ চাওঁক, টিভি চাওঁক, বিতৰ্কিত আলোচনা শুনক, গম্ভীৰ ভাষণ শুনক ; এনে কৰিলে মগজুৰ প্ৰশৰতা বাঢ়িব। বুদ্ধিমত্তা বঢ়াবলৈ গোটেই জীৱন শিকি থাকক। কাৰণ দীৰ্ঘদিন শিকাৰ বাবে উচ্চ ক্ষমতা সম্পন্ন মেধা প্ৰস্তুত হ’ব। অকল ডিগ্ৰী ল’বৰ বাবেই নহয় নিজকে জ্ঞানী কৰিবলৈ সদায়ে শিকি থাকক।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *