মুখমণ্ডলৰ ছাল কোঁচ গলে কিন্তু কম বয়সতে বুঢ়া দেখি! তাৰেই দিহা —-
মুখমণ্ডল আৰু চকুৰ পতাৰ ছাল যেতিয়া কোচ যাব তেতিয়া কিন্তু কম বয়সতে মানুহক বেছি বয়স হোৱা যেন দেখা যায়। ইয়াৰ লগতে যদি আছে কলা দাগ আৰু লগতে মুখমণ্ডলৰ ছালখন প্ৰত্যক্ষদৰ্শীয়ে ফুলা ফুলা দেখে তেন্তে লোকজনক বুঢ়া বুলিও কব পাৰে বহুজনেই। কিয়নো ছালখনতে প্ৰতিফলন ও প্ৰতিসৰণ হয় ব্যক্তি বিশেষৰ বাহ্যিক আৰু আভ্যন্তৰীণ স্বাস্থ্যৰ।
আৰু যদিহে ছালখনক উচিত সময়ত উচিত কৰ্মৰে যতন লোৱা হয় তেন্তে বুঢ়াও ডেকা হবলৈ বা ডেকা হৈ দেখুৱাবলৈ বেছি অসুবিধা নহয়।
কম বয়সতে ছাল কোঁচ যায় কিয়??
অনিয়মীয়া টোপনি ; বংশগত ভাবে বা জন্মগত শুকান ছাল হোৱা বা ছালৰ এলাৰ্জি ৰোগ থকা; অত্যাধিক নিমখ সেৱন কৰা ; অত্যাধিক মদ্যপান কৰা, চিগাৰেট হুপি খোৱা আৰু সুষম আহাৰৰ অভাৱ আদিয়ে মুখমণ্ডলৰ ছাল কোঁচ খোৱাৰ প্ৰধান কাৰণ।
কি কৰিব এই সমস্যাটো নহবলৈ বা যদিহে হৈছে তেতিয়া ??
সুষম আহাৰ গ্ৰহণ কৰা আৰু উপৰোক্ত কাৰণসমূহৰ পৰা দূৰৈত থকাৰ লগতে ৰদত ওলালে Sunscrean ব্যৱহাৰ কৰা, সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা দূৰৈত থকাৰ লগতে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজন কিছু যোগ আসনৰ। ৫ বিধ এনে আসন আছে যিয়ে ছালৰ কোচ যোৱা WRINKLE , FINE LINES ৰোধ কৰি সৌন্দৰ্য্য বৃদ্ধি কৰিব , নখৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব পাৰে।
১) পদহস্তাসন :- দুয়োখন ভৰি সমানে ৰাখি থিয় হওঁক লগে লগে উশাহ লৈ দুয়োখন হাত ওপৰলৈ উঠাই দি উশাহটো এৰি লাহে লাহে আগফালে হালি গৈ হাতৰ পতা ভৰিৰ তলত সোমাই দি উশাহ এৰি দি মূৰটো দুয়ো
আঁঠুৰ মাজত সোমাই দিয়ক আৰু লাহে লাহে মূৰটো উলিয়াই আনি আগফালে হাতদুখন আগবঢ়াই দি উশাহ লৈ লাহে লাহে ওপৰলৈ হাত দুখন উঠাই উশাহ লৈ লাহে লাহে হাত দুখন তললৈ নমাই কঁকালত ৰাখক।
২) পশ্চিমোত্তনাসন :- ভৰিদুখন সন্মুখৰ ফালে আগবঢ়াই দি বহি লওঁক আৰু উশাহ লৈ দুয়োখন হাত ওপৰলৈ লাহে লাহে দাঙি মূৰৰ ওপৰলৈ লৈ যাওঁক আৰু উশাহ এৰি দিয়ক তাৰ পিছত হাত দুখন আগফালে
নমাই আনি সন্মুখৰ ফালে আগবঢ়াই লৈ আগফালে হাউলি গৈ হাত দুখন দুয়োখন ভৰিৰ পতালৈ আগবঢ়াই নি দুখন ভৰি হাতৰ মাজত সোমাই লৈ সোওহাতৰ গাঠিটোত বাওহাতেৰে ধৰক আৰু একে সময়তে মুখখন আঁঠুৰ মাজলৈ সোমাই দি দীঘলীয়া উশাহ এৰি দিয়ক আৰু এটি উশাহ লৈ হাত দুখন এৰি দি লাহে লাহে ওপৰলৈ উঠি যাওঁক আকৌ উশাহ লৈ আগৰ অৱস্থালৈ ঘূৰি যাওঁক।
৩) দণ্ড আসন :- ভৰি দুখন আগবঢ়াই দি কঁকাল চিধা কৰি বহি লওঁক তাৰ পিছত হাতৰ তলুৱা দুখন তপিনাৰ দুয়োকাষে ভূমিত পাতি দি ৰাজহাড়ত চিধা কৰি দিয়ক একে সময়তে মুখমণ্ডল পোনাই ৰাখক ।
এই সময়ত সাধাৰণ ভাবে উশাহ নিশাহ লৈ থাকি প্ৰায় ২০- ৩০ চেকেণ্ড ৰৈ পুনঃ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহক।
৪) হলাসন :- মজিয়াত ওপৰৰ ফালে মুখ কৰি দুয়োখন হাত ভৰি দীঘলকৈ মেলি দি শুই দিয়ক।
এতিয়া দুয়োখন ভৰি ওপৰলৈ কোচাই আনি মূৰৰ ওপৰেৰে পাৰ কৰি লৈ গৈ ভৰি দুখনৰ আঙুলি মাটিত লগাই দিয়ক আৰু উশাহ লওঁক আৰু এবাৰ উশাহ এৰি দিয়ক আৰু তাৰ পিছত লাহে লাহে আগৰ অৱস্থালৈ ঘূৰি আহক।
৫) মৰ্জাৰি আসন :- প্ৰথমতে মজিয়াত আঁঠুকাঢ়ি লৈ তাৰ পিছত হাত দুখন আগবঢ়াই লৈ গৈ হাতৰ তলুৱা দুখন মজিয়াত পাতি দিয়ক যেন আপোনাক এটি কুকুৰৰ নিচিনা দেখা গৈছে।
তাৰ পিছত যিমান পাৰে বল প্ৰয়োগ কৰি নিশাহ এৰি দি লগে লগে উশাহ লৈ জোৰ দি মূৰটো ওপৰলৈ দাঙি দি কঁকালত জোৰ প্ৰয়োগ কৰক । লাহে লাহে এই কাম ৫-১০ বাৰ কৰক।
Very fine