HEALTH BENIFITS OF GREAN BANANA

কাচকল কিয় খাব লাগে ?? কি উপকাৰ আছে এই কলৰ ?

পকা কলৰ বিভিন্ন স্বাস্থ্যগুণ সৰ্বজন বিধিত। তাৰ বিষয়ে সকলোৱে জানে। ঠিক একেদৰে সেউজীয়া কাচকলৰো আছে বহু স্বাস্থ্য উপকাৰ।

HEALTH BENIFITS OF UNRIPE BANANA

পাচলি হিচাপে খানা পিটিকা কৰি আৰু অন্যান্য ব্যঞ্জন হিচাপে বহুজনেই এই কল সেৱন কৰি আহিছে। এই কলত শৰীৰ গঠনৰ বাবে পৰ্যাপ্ত পৰিমানে পোষক দ্ৰব্য থাকে। ইয়াৰ বিভিন্ন স্বাস্থ্য গুণ সমূহ :-

১) কাৰ্বহ্যড্ৰেট যথেষ্ট পৰিমাণে থাকে বাবে দেহত শক্তি যোগান ধৰে। নিৰামিষভোজী লোকৰ বাবে উত্তম খাদ্য এবিধ হৈছে এই কল যিহেতু ইয়াত বহু পোষক দ্ৰব্য উপলব্ধ।

GREEN BANANA CAN PREVENT COLON CANCER

২) কেলচিয়াম, মেগনেছিয়াম থকা হেতুকে এই কল সেৱনে হাড়ৰ গঠনত মজবুতি প্ৰদান কৰাৰ উপৰিও সন্ধিবাত , সন্ধিবিষ আদি হোৱাৰ পৰা বচাই ৰাখিব।

৩) পতাচিয়াম থকা হেতুকে এই কল সেৱনে উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি ৰাখিব । সেইবাবেই হৃদযন্ত্ৰৰ ক্ৰিয়া নিয়ন্ত্ৰিত হৈ ৰব।

৪) ভিটামিন C, আইৰন, ভিটামিন B6 সমৃদ্ধ এই কল মহিলাৰ গৰ্ভৱতী সময়ত বৰ উপকাৰী। কিন্তু নিয়মিত খালে কোষ্ঠ্য কাঠিন্য হ’ব পাৰে সেয়ে এই সময়ত এই কল সেৱন কৰিলে দিনৰ ভাগত খোৱা ভাল ৰাতি নহয়।

GREEN BANANA VERY HELPFUL FOR PREGNANT LADY TO ENHANCE IRON

৫) যথেষ্ট ফাইবাৰ সমৃদ্ধ এই কল সেৱনে খাদনলীৰ কলন কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

৬) ৰক্তহীনতাত ভোগা লোকৰ বাবে এই কল অতি উপকাৰী।

৭) ডায়েৰীয়া, ডিচেন্ত্ৰী, কলাইটিছ, IBS আদি ৰোগৰ বাবে এই কল উত্তম পথ্য। বাকলিৰ সৈতে এই কল সিজাই লৈ বাকলি এৰুৱাই কলা নিমখৰ সৈতে পিটিকি খালে পেটচলা ৰোগ উপশম হয়।

৮) ভিটামিন C, B6 আদি থকা হেতুকে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ভাল হয় এই কল সেৱন কৰিলে।

৯) অতিৰিক্ত মেদবহুলতা কমাবলৈ এই কল খোৱা উপকাৰী।

১০) পটাছিয়াম থকা হেতুকে কিডনিৰ বাবে উপকাৰী এই কল সেৱন কৰা।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *