হাৰ্ট এটেকৰ এই সাতোটি পূৰ্বলক্ষণ কেতিয়াও অৱহেলা কৰা অনুচিত!!
জানানে গোটেই বিশ্বতে প্ৰায় সাত মিলয়ণ লোক হাৰ্ট এটাক হৈ প্ৰতিবছৰে মৃত্যু হয়। প্ৰতি বছৰে আমেৰিকাত আটাইতকৈ বেছি লোক হৃদযন্ত্ৰৰ ৰোগৰ বাবেই মৃত্যুবৰণ কৰে যদিও আমাৰ ভাৰতবৰ্ষত আটাইতকৈ বেছি লোকৰ মৃত্যু হয় শ্বাস প্ৰশ্বাসৰ সমস্যাত তাৰ পিছতে হৃদৰোগ।
আমেৰিকাৰ হৃদৰোগ বিশেষজ্ঞ সন্থাৰ তথ্য মতে পৃথিৱীৰ প্ৰতি তিনিজন মানুহৰ মৃত্যু হলে তাৰে এজনৰ মৃত্যুৰ কাৰণ হৈছে হাৰ্ট এটেক।
আমি মনতে ভাবো যে হৃদযন্ত্ৰ বিকল হোৱাৰ আগে আগে বুকুৰ বিষ হব কিন্তু নহবও পাৰে। অইন কিবা লক্ষণ ও দেখা দিব পাৰে হাৰ্ট এটেকৰ আগে আগে।
হাৰ্ট এটেক বা হৃদযন্ত্ৰ বিকল তেতিয়াই হয় যেতিয়া হৃদযন্ত্ৰক তেজৰ যোগান ধৰা ৰক্তপৰিবাহী ধমনী (CORONARY ARTERY) ৰ তেজৰ চলাচল বন্ধ হৈ পৰে বা বাধা প্রাপ্ত হয়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ কোষ সমূহে অক্সিজেন নাপাব আৰু এই কোষ মৃত্যু হৈ পৰিব যি পৰিঘটনাক কোৱা হয় মায়োকৰ্ডিয়েল ইনফাৰক্সন ( myocardial infarction) কোৱা হয়। আৰু এয়া হয় কৰনাৰী ধমনীৰ ভিতৰভাগত চৰ্বী জমা হোৱাৰ বাবে বা এই ধমনীৰ হঠাৎ কোনো কাৰণত হোৱা সংকোচনৰ ফলত।
আৰু সদায় মন কৰিব লগীয়া কথা যে হৃদযন্ত্ৰ বিকল হোৱাৰ আগে আগে কিছু লক্ষণ শৰীৰত দেখা যাব যাক কেতিয়াও অৱহেলা কৰা উচিত নহয়। সেই সমূহৰ ভিতৰত হল :-
১) বুকুৰ বিষ :- বুকুৰ বিষ আৰু বুকুখন বেয়া লগা হৃদৰোগৰ এটি সাধাৰণ লক্ষণ। বুকুখন খামুচি ধৰি বিষ অনুভৱ হয় বুকুৰ সোঁমাজত অথবা বুকুৰ বাওঁফালে। এই বিষ কিছুসময় থাকি হঠাতে নাইকিয়া হৈ পৰিবও পাৰে বা আকৌ কিছু সময়ৰ ব্যাবধানত পুনৰ আহিব পাৰে। এনেধৰণৰ বিষ অনুভৱ হলে কেতিয়াও অৱহেলা কৰা অনুচিত।
২) দেহৰ যিকোনো অংগ প্ৰতঙ্গত সিও সিও কৰা বা মৃদু বিষ অনুভৱ হোৱা আদিও হাৰ্ট এটকাৰ আগজাননী হব পাৰে। হাত ভৰি বা পেটত বা পিঠিৰ ফালে জিন জিন কৰা বা সিওসিওনি আদি যদি কিছু মিনিটৰ ভিতৰতে কম হৈ নাযায় তেন্তে ইয়াক অৱহেলা কৰিব নালাগে।
৩) ঠাণ্ডা ঠাণ্ডা ঘাম ওলোৱা। কপালৰ পৰা বা ডিঙিৰ পিছফালৰ পৰা, বুকুৰ পৰা ঠাণ্ডা ঘাম ওলাই অলপ ঠাণ্ডা ঠাণ্ডা অনুভৱ হোৱা যাক ডায়েফৰ’ছিছ বুলি কোৱা হয়। এই লক্ষণ দেখিলে কেতিয়াও অৱহেলা নকৰিব।
৪) কোনো কাৰণ নোহোৱাকৈ বমি হোৱা আৰু বমি বমি লগা । খুব কম ক্ষেত্ৰত হাৰ্ট এটাকৰ লক্ষণ পাকস্থলীতো দেখা যাব পাৰে আৰু তেতিয়াই হঠাৎ বমি আৰু বমি ভাব আহিব পাৰে।
৫) উশাহ চুটি অনুভৱ কৰা। হঠাতে কোনো কাৰণ নোহোৱাকৈ উশাহ চুটি হৈ পৰিলে দেৰি নকৰিব বা অৱহেলা নকৰিব।
৬) বুকুৰ ঢপঢপনি হঠাতে বৃদ্ধি হৈ পৰা হৃদযন্ত্ৰ বিকল বা হাৰ্ট এটকেৰ পুৰ্ব লক্ষণ হব পাৰে।
৭) মূৰৰ ঘূৰোৱা আৰু মূৰতো হঠাতে পাতল পাতল লাগি পৰাও হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে।
সেয়ে এই লক্ষণবোৰ দেখিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতিকৈ জৰুৰী।
Thank you very much Sir