Featured Video Play Icon

বিতৰ্কই এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক ! এইবাৰ আচৰন বিতৰ্ক ..

বিতৰ্কই লগ এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক !

CONTROVERSY OF RIYAN PORAG

ৰঞ্জিট্ৰফিত দ্ৰুততম শতৰাণ কৰি ৰেকৰ্ড গঢ়াৰ দুদিন পিছতে বিতৰ্কত সোমাই পৰিল আকৌ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ!দ্ৰুততম শতৰাণ কৰি ৰেকৰ্ড গঢ়াৰ দুদিন পিছতে এটা মন্তব্যই বিতৰ্কলৈ ঠেলি দিলে ৰিয়ান পৰাগক।

Gripe water harmful effects

দুদিন আগতে ক্ৰিকেটাৰ জনে ৰঞ্জিট্ৰফীৰ ইতিহাসৰ দ্বিতীয় দ্ৰুত শতক কৰি ৰেকৰ্ড গঢ়া পৰাগ ৰ এটি আচৰণে বিতৰ্কৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

Bangladesh as tourist venue

ইতিহাসৰ দ্বিতীয় দ্ৰুত শতক কৰি ৰেকৰ্ড গঢ়াৰ পিছতে সামাজিক মাধ্যম ইনষ্টাগ্ৰম ত এটি ভিডিঅ পোষ্ট কৰিছিল ৰিয়ান পৰাগে আৰু তাৰ পিছতে সামাজিক মাধ্যমত ক্ৰিকেট প্ৰেমিৰ দ্বাৰা ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে ক্ৰিকেটাৰ গৰাকী।

বিগত ৰঞ্জিট্ৰফীৰ দুটি ইনিংছ খেলিছে পৰাগে আৰু প্ৰথম খেলৰ দ্বিতীয় ইনিংছত ৫৬ টা বলত কৰিছে শতৰাণ; শেষ পৰ্যন্ত ৮৭ বলৰ ইনিংছ খেলি ১৫৫ ৰাণ কৰি আউট হৈছিল পৰাগ, যিটো ইনিংছ ত আছিল ১১ টি 4 আৰু ১২ টি ছিক্স ; যি শতৰাণ ৰঞ্জি ট্ৰফী ইতিহাস ৰ দ্বিতীয় দ্ৰুততম শতক , আৰু শীৰ্ষত আছে ৰিশ্বভ পন্ত।

 

 

 

এই কৃতিত্বৰ অধিকাৰী হোৱাৰ পিছতে ৰিয়ান পৰাগে নিজৰ instagram একাউণ্ট ত এটি ভিডিঅ’ শ্বেয়াৰ কৰিছিল, যি ভিদিও ত পৰাগে এক বিশেষ ধৰনৰ celebration কৰি দেখুৱাই দিছিল যে তেওঁৰ দৰে কৃতিত্বৰ অধিকাৰী আৰু কোনো নাই, তেওঁৰ দৰে শিখৰত আৰু আন কোনো নাই ।

অনেক বিৰতিৰ পিছত এটি ভাল ইনিংছ খেলা পৰাগৰ তেনে অহংকাৰী আচৰণ বহু ক্ৰিকেট প্ৰেমিয়ে পছন্দ কৰা নাই । এজন ক্ৰিকেট অনুৰাগী যদি লিখিছে, ” IPL ত তুমি এটাও ভাল ইনিংছ খেলিব পৰা নাই, আৰু এতিয়া তুমি কেনেকৈ কলা যে তুমি সকলোৰে ওপৰত “। আকৌ কোনোৱে লিখিছে, ” তুমি প্ৰথমে তোমাৰ right side ৰ খেল ভালকৈ শিকি লোৱা তাৰ পিছত দেখিম কোন ওপৰত”। আকৌ এজনে লিখিছে, টেষ্ট মেচত টি 20 ষ্টাইল ৰ বেটিং আৰু টি 20 ত টেষ্ট মেছৰ ষ্টাইল ত বেতিং” আদি ইত্যাদি বহুত। এতিয়া আগন্তুক সময়লৈ মাথোঁ অপেক্ষা যে ৰিয়ান পৰাগে নেটিজেন সমূহক আগন্তুক ৰঞ্জি ট্ৰফী খেলসমূহত নিজৰ বেটৰ দ্বাৰা কেনেকৈ প্ৰত্যুত্বৰ দিয়ে।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *