Why do CSK be favourite team in 2024 IPL

2024 বৰ্ষৰ IPL খিতাপ CSK দলে যে দখল কৰিব তাৰ তিনিটা কাৰণ!

    ২২ মাৰ্চৰ পৰা আৰম্ভ হবলৈ গৈ আছে ২০২৪ বৰ্ষৰ ক্ৰিকেটৰ মহাৰণ আই পি এল , যাৰ অপেক্ষাত আছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী সকলৰ লগতে খেলুৱৈ সকলো। আৰু শৃংখলা আৰম্ভ হোৱাৰ আগতেই ক্ৰিকেট বিশেষজ্ঞ সকলে ২০২৩ বৰ্ষৰ আই পি এল চেম্পিয়ন মহেন্দ্ৰ সিং ধোনীৰ দল CSK ক এই বৰ্ষৰ IPL ট্ৰফী বিজয়ৰ আটাইতকৈ favourite দলসমূহৰ ভিতৰত প্ৰথম স্থান দিছে ।

Why do CSK be favourite team in 2024 IPLWhy do CSK be favourite team in 2024 IPL
ক্ৰিকেট বিশেষজ্ঞ সকলৰ মতে CSK favourite হোৱাৰ প্ৰধান কাৰণ তিনিটাৰ প্ৰথমটি হৈছে, অধিনায়ক মহেন্দ্ৰ সিং ধোনী নিজে, যিটো কাৰণ কোনো কাৰণতে অগ্ৰাহ্য কৰিব নোৱাৰি; লগতে ২০২৪ বৰ্ষৰ আই পি এল শৃংখলা হৈছে তেওঁৰ আই পি এল কেৰিয়াৰৰ বিদায় শৃংখলা, সেই হেতুকে ধোনীৰ হৃদয়ত থাকিব আকাশলঙ্ঘী আবেগ আৰু উত্তেজনা, লগতে ধাৰাবাহিক ভাৱে ইনিংছৰ শেষৰ অভাৰ সমূহত ধুমুহা গতিত চাৰি আৰু ছয় কোবাই ৰাণ সংগ্ৰহ কৰি নিজ দলক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ক্ৰীড়াশৈলী আছে ধোনিৰ ; যিয়ে দলৰ অইন খেলুৱৈ সকলক অনুপ্ৰেৰণা যোগায় আৰু চেন্নাই চুপাৰ কিংছ দলক সদায় সফলতাৰ শিখৰত অবতৰণ কৰাই।

Why do CSK be favourite team in 2024 IPL

দ্বিতীয় কাৰণ যাৰ বাবে চেন্নাই চুপাৰ কিংছ এই বৰ্ষৰ favourite সেয়া হৈছে ঘৰুৱা খেলপথাৰত খেলাৰ সুবিধা। বি চি চি আয়ে যদিওবা এতিয়ালৈকে এই বৰ্ষৰ খেল সমূহৰ সম্পূৰ্ণ সময়সূচী আৰু স্থান ঘোষণা কৰা নাই তথাপি যদি পূৰ্বৰ ধাৰা অব্যাহত থাকে তেনেহলে CSK য়ে তেওঁলোকৰ বেছিভাগ খেল চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়াম খনত খেলিবলৈ সুবিধা পাব, লগতে CSK নক আউট পৰ্যায়লৈ উন্নীত হলে এই ষ্টেডিয়ামতে অনুষ্ঠিত হ’ব কোৱালিফাইয়াৰ এক ( qualifier one ) আৰু ফাইনেল খেলখন, যিখন ষ্টেডিয়ামত CSK য়ে সদায় আচৰিত ভাৱে ঘৰুৱা দৰ্শকৰ সহাঁৰি আৰু সমৰ্থন লাভ কৰে। যদিহে চেন্নাই চুপাৰ কিংছ দলে লীগ পৰ্যায়ৰ যিসমূহ খেল এই ষ্টেডিয়াম ত অনুষ্ঠিত হব সেই সমূহৰ ৫ – ৬ খন জিকিব পাৰে তেন্তে এই দলটি পইন্ট টেবুলৰ প্ৰথম নাইবা দ্বিতীয় স্থান দখল কৰি ফাইনেললৈ উন্নীত হোৱা নিশ্চিত।

Why do CSK be favourite team in 2024 IPL
তৃতীয় আৰু প্ৰধান কাৰণ যাৰ বাবে চেন্নাই চুপাৰ কিংছ এই বৰ্ষৰ favourite সেয়া হৈছে চেন্নাই চুপাৰ কিংছ দলত সেইসমূহ খেলুৱৈ আছে যিসকলে ২০২৩ বৰ্ষৰ আই পি এল ট্ৰফী বিজয় কৰিছিল । মাত্ৰ দলৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ক্ৰিকেটাৰ বেন ষ্টোকছ’ক অব্যাহতি দিয়াৰ উপৰিও দুজন নতুন তাৰকা ক্ৰিকেটাৰ ক্ৰমে ডাৰেল মিটকেল্ আৰু চাৰ্দুল ঠাকুৰক অন্তৰ্ভুক্তি কৰিছে চেন্নাই চুপাৰ কিংছ দলে; লগতে অৱসৰ লোৱা ক্ৰিকেটাৰ আমবাটি ৰাইডুৰ বাহিৰে প্ৰায় একেখিনি খেলুৱৈ আছে CSK ত ; যাৰ বাবে হয়তো এজন খেলুৱৈ অইনজন খেলুৱৈৰ পৰিপূৰক হৈ এটি দল হিচাপে খেলাৰ সামৰ্থ্য থাকিব চেন্নাই চুপাৰ কিংছ দলৰ সৈতে , যিটো যিকোনো মানৰ ক্ৰিকেটৰ আটাইতকৈ ডাঙৰ শক্তি।

Why do CSK be favourite team in 2024 IPL
চেন্নাই চুপাৰ কিংছ দলৰ খেলুৱৈ সকল হৈছে মহেন্দ্ৰ সিং ধোনি ( অধিনায়ক) , ঋতুৰাজ গাইকোৱাৰ্ড , দেৱন কোনৱে, আজিংকে ৰাহানে, ৰবিন্দ্র জাদেজা, শিবম ডুবে, মৈন আলী, অজয় মণ্ডল , নিশান্ত শিন্দ্ধু, মিটকেল চাটনাৰ ,মহেশ ঠিকশানা, প্রশান্ক চোলান্কী, দিপক চাহাৰ , মাঠেছা পাথিৰাণা, ৰাজবর্শন হখ্যৰজেকৰ মুকেশ চৌধুৰী, টুশাৰ দেশপাণ্ডে, চিমার্জিট সি‍ং ,শেইখ ৰাশিদ, ডাৰিল মিটকেল, চামিৰ ৰিজভী, মুস্তাফিজুৰ ৰহমান, ৰচিন ৰবিন্দ্র, চার্দুল ঠাকুৰ আৰু আৰভেলী অভানিশ ৰাও।

Why do CSK be favourite team in 2024 IPL

আৰু আপুনিও যদি চেন্নাই চুপাৰ কিংছ আৰু মহেন্দ্ৰ সিং ধোনি ৰ অনুৰাগী হয় তেন্তে কমেণ্ট বক্সত my favorite team CSK অথবা মোৰ প্ৰিয় আই পি এল দল CSK বুলি লিখি চেন্নাই চুপাৰ কিংছ আৰু মহেন্দ্ৰ সিং ধোনিৰ মনোবল বঢ়াব পাৰে।

বিতৰ্কই এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক ! এইবাৰ আচৰন বিতৰ্ক .. পঢ়িবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

বিতৰ্কই এৰা নিদিয়ে অসমৰ ক্ৰিকেটাৰ  ৰিয়ান পৰাগক ! এইবাৰ আচৰন বিতৰ্ক ..

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *