Facts of Kamakhya temple

  অসমৰ এটি পৰিয়ালে কামাখ্যা মন্দিৰত ভৰি দিলেই নিঃশেষ হৈ যাব কিয়নো অভিশাপ আছে সেই পৰিয়ালৰ ওপৰত মা কামাখ্যা দেৱীৰ।

Ambubasi festival details
বৰ্তমান কামাখ্যাত অম্বুবাচী উৎসৱ উলহ মালহেৰে অনুষ্ঠিত হৈ আছে। আৰু সেইবাবেই কামাখ্যা মন্দিৰ আৰু নিলাচল পাহাৰ এই অম্বুবাচীৰ সময়কাল ভক্ত সকলৰ দ্বাৰা ভৰি পৰিছে। অকল এই অম্বুবাচীৰ সময়তে নহয় গোটেই বর্ষজুৰি মা কামাখ্যাৰ আশীষ লবলৈ ভক্ত সকলৰ আগমন হৈ থাকে এই নিলাচল পাহাৰলৈ। কিন্তু আচৰিত কথা এই যে অসমৰ এটা পৰিয়াল আজি পৰ্যন্ত কামাখ্যা মন্দিৰত খোজ দিব পৰা নাই ; নোৱাৰে তেওঁলোকে মা কামাখ্যাৰ আশীৰ্বাদ লবলৈ। কিয়নো মা কামাখ্যা দেৱীয়ে সেই বংশ পৰিয়ালক আদিতে অভিশাপ দিছিল।

Ambubasi festival details

কাহিনী অনুসৰি ৰজা নৰ নাৰায়ণে ১৫৬৫ কামাখ্যা মন্দিৰ নিৰ্মান কৰিছিল আৰু সেই সময়ৰ প্ৰথম আৰু প্ৰধান পূজাৰী আছিল কেন্দুকলাই আৰু তেওঁ প্ৰতিদিনে মা কামাখ্যা দেৱীৰ সন্মুখত পূজা অৰ্চনা আগবঢ়াই গৈছিল। কেন্দুকলাইৰ পূজা অৰ্চনাত মা কামাখ্যা দেৱী সন্তুষ্ট হৈছিল আৰু সেইবাবে কেন্দুকলাই দেৱীমা’ৰ প্ৰিয়ভাজন হৈ পৰিছিল।

Ambubasi festival detailsMORITIOUS AS TOURIST VENUE

সময় এনে আহিছিল যে যেতিয়া কেন্দুকলাই মা’ক পূজা অৰ্চনা দিছিল দেৱীমা’ই কেন্দুকলাইক সোঁশৰীৰে দেখা দিছিল আৰু কেন্দুকলাইৰ সন্মুখত দেৱীমাই নৃত্য কৰিছিল। আৰু যি পৰিঘটনা নিতৌ ঘটিবলৈ লৈছিল ; আৰু সেই কথা এদিন হঠাৎ ৰজা নৰ নাৰায়ণে গম পাইছিল। সেই কথা জানি ৰহস্য ভেদ কৰিবলৈ ৰজাৰ মনত হাবিয়াস জন্মিছিল ; সেইবাবে দেৱী মাক সোঁশৰীৰে প্ৰত্যক্ষ কৰাৰ বাবে লগতে দেৱী মাৰ নৃত্য চাবলৈ ৰজাই কেন্দুকলাইক যাবতীয় ব্যৱস্থা কৰিবলৈ হুকুম জাৰি কৰিছিল। প্রথম অৱস্থাত পূজাৰীয়ে ৰজাৰ হুকুম শুনিবলৈ অমান্তি হৈছিল যদিও ৰজাৰ হুকুম নামানিলে নিজৰ বিপদৰ কথা বুজি কেন্দুকলাই উপায়ন্তৰ হৈ পৰি মন্দিৰৰ বেৰত সৰু বিন্ধা কৰিছিল যাতে সেই বিন্ধাৰে ৰজাই মা দেৱীৰ নৃত্য প্রত্যক্ষ কৰিব পাৰে। আৰু এদিন কেন্দুকলাই মন্দিৰৰ ভিতৰত পূজা অৰ্চনা কৰা সময়ত দেৱীমা সন্তুষ্ট হৈ সোঁশৰীৰে নৃত্য কৰা ৰজা নৰ নাৰায়ণে মন্দিৰৰ দেৱালৰ সৰু বিন্ধাৰে প্রত্যক্ষ কৰিবলৈ সক্ষম হৈছিল ।

Facts of Kamakhya temple Facts of Kamakhya temple
কিন্তু দেৱীমা  সেই কথা নিজেই গম পাইছিল আৰু পূজাৰীৰ প্ৰতি ৰুদ্ধ হৈ পূজাৰী কেন্দুকলাইৰ শিৰচ্ছেদ কৰি পেলাইছিল আৰু দেৱী মাই ৰজা নৰ নাৰায়ণক অভিশাপ দিছিল যে ৰজাই কেতিয়াও সেই মন্দিৰত পূজা অৰ্চনা কৰিব নোৱাৰিব বুলি। কেন্দুকলাইৰ কাটি পেলোৱা মূৰটো চিটিকি গৈ দৰং জিলাৰ কলাইগাঁও নামে ঠাই এডোখৰত পৰিছিল আৰু দেহ পৰি ৰৈছিল নিলাচলৰ বুকুত। পূজা অৰ্চনাৰ পৰাই বিৰত ৰখাৰ উপৰিও দেৱী মাই ৰজা নৰ নাৰায়ণক আৰু তেওঁৰ বংশক সেই নিলাচল পাহাৰত প্ৰৱেশ কৰিলে ধ্বংস হৈ পৰিব বুলিও অভিশাপ দিছিল।

অম্বুবাচীত কি কি কৰা অনুচিত ? 2023 চনৰ নিয়ম আৰু সময়সূচী! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

অম্বুবাচীত কি কি কৰা অনুচিত ? 2023 চনৰ নিয়ম আৰু সময়সূচী!

মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

মদ্যপান কৰা ব্যক্তিয়ে নৰকত ভয়ানক শাস্তিৰ সন্মুখীন হয় – হিন্দু শাস্ত্ৰ।

আৰু সেই দিনৰ পৰা আজিলৈকে ৰজা নৰনাৰায়ণৰ বংশোদ্ভৱ সকলে সেই নিলাচল ৰ বুকুত খোজ নিদিয়ে ও সেইফালে চকু নিদিয়ে।

 

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *