এজন বুদ্ধিমান মানুহ হৈছে সেইজন যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত লব জানে , যিজনে সঠিক সময়ত সঠিক উত্তৰ দিব পাৰে ; বুদ্ধি কেতিয়াও স্কুল আৰু কলেজত পোৱা নাযায়, স্কুল কলেজত মানুহে মাত্ৰ জ্ঞান অৰ্জন কৰিব পাৰে। আৰু সেই স্কুল কলেজত পোৱা জ্ঞানসমূহ বাস্তৱ জীৱনত ব্যৱহাৰ কৰিব পৰা ক্ষমতা খিনিকে বুদ্ধি কোৱা হয়। যি লোকে কঠিন সমস্যাৰ সহজ সমাধান উলিয়াব পাৰে তেওঁক বুদ্ধিমান কোৱা হয়।
এবাৰ এজন গুৰুৰ কেইজনমান শিষ্যৰ মাজত দণ্ড হৈছিল যে বুদ্ধিমান মানুহ কোনজনক কোৱা হয় , আৰু এনে কি অভ্যাস আছে যিসমূহে মানুহক বুদ্ধিমান কৰি সজাব পাৰে ? দীৰ্ঘ সময় তৰ্ক বিতৰ্কৰ পিছত যেতিয়া ইজনে সিজনৰ কথাত একমত হ’ব পৰা নাছিল তেতিয়া সকলোজন শিষ্যই সেই একে প্ৰশ্ন লৈ নিজৰ গুৰুৰ ওচৰ চাপিছিল ।
শিষ্য সকলৰ কথা শুনি গুৰুৱে হাঁহিছিল আৰু কবলৈ পাতনি মেলিছিল যে এজন মানুহ নিজৰ কিছুমান অভ্যাসৰ বাবেই বুদ্ধিমান হৈ পৰে। বুদ্ধিমান লোকে নিজৰ মনৰ কথা আনক নকয়, তেওঁলোকে এইটো জানে যে যিজন আজিৰ বন্ধু সেইজন কাইলৈ হঠাৎ শত্ৰু হৈ যাব পাৰে, সেই কাৰণে বুদ্ধিমান লোকে নিজৰ দুৰ্বলতাৰ কথা আৰু ব্যক্তিগত বিষয় অইন কাৰো ওচৰত প্ৰকাশ নকৰে। কিন্তু সমাজত বেছি সংখ্যক লোকে নিজৰ পৰিয়ালৰ কথা, নিজৰ গোপন কথা, নিজৰ ব্যাক্তিগত কথা যিবোৰ গোপন ৰখা উচিত সেইবোৰ অইনক কৈ ফুৰাৰ অভ্যাস ৰাখে ; আৰু নিজৰ বেয়া সময়ত সেই লোকসকলে অইন লোকৰ পৰা প্ৰতাৰিত হয়।
বুদ্ধিমান লোকে সকলোৰে সৈতে মত বিনিময় কৰে, যাতে তেওঁ সকলোৰে পৰা ভিন্ন জ্ঞান আহৰণ কৰিব পাৰে। বুদ্ধিমান মানুহে জানে যে যিকোনো এটি বিষয়ত অভিজ্ঞ লোক এজনে কথা এটি মুহূৰ্ততে শিকাব পাৰে যিটো কথা বা বিষয় তেওঁ নিজে শিকিবলৈ হয়তো বছৰ বছৰ সময় লাগিছিল। তাৰোপৰি বুদ্ধিমান লোকে অইন মানুহৰ সফলতাৰ খিনিৰ লগতে সেই লোকৰ ব্যৰ্থতাৰ খিনিৰ পৰা শিকাৰ চেষ্টা কৰে সামৰ্থ্য ৰাখে।
বুদ্ধিমান লোকে নিজৰ কাৰ্য্য সিদ্ধি হোৱাৰ পিছতহে লোকৰ সন্মুখত বিষয় বস্তু প্ৰকাশ কৰে, আনহাতে মূৰ্খ লোকে নিজৰ কাম শেষ নৌহওঁতেই নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা জনাই দিয়ে বা কৈ ফুৰে। বুদ্ধিমান মানুহে জানে যে কোনো কাম সিদ্ধি কৰাৰ আগতে লোকৰ আগত প্ৰকাশ কৰিলে নিজৰ মাজত সফলতা পোৱাৰ যি জেদ থাকে সেয়া দুৰ্বল হৈ পৰে। বুদ্ধিমান মানুহে কেতিয়াও নিজৰ পৰিকল্পনা আৰু লক্ষ্যৰ কথা সেই সমূহ মানুহৰ সৈতে আলোচনা নকৰে যিসমূহ লোকে সেই কাম আৰু লক্ষ্য ত কোনো ধৰণৰ সহায়ক হ’ব নোৱাৰে। বুদ্ধিমান লোকে নিজৰ শত্ৰু পক্ষৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ নিজৰ কৰ্ম শেষ নোহোৱা পৰ্য্যন্ত কোনো কথা আনক অৱগত নকৰে, পৰিবৰ্তে তেওঁলোকে হঠাৎ নিজৰ কৰ্ম সম্পন্ন কৰি লক্ষ্যত উপনীত হৈ সকলোকে আচৰিত কৰি তুলি ভাল পায়।
বুদ্ধিমান লোকে কোনো কথা, কাৰোবাৰ কথা শুনা মাত্ৰকে বিশ্বাসত নলয় ; বিপৰীতে তেওঁলোকে সেই কথা নিজে বিচাৰ বিবেচনা কৰে , যিকোনো ঘটনা প্ৰবাহৰ সত্যতা জানিবলৈ প্ৰয়াস প্ৰচেষ্টা কৰে আৰু তাৰ পিছতহে বিশ্বাস কৰে আৰু সেই বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। সন্মুখৰ মানুহ জনে যিমানেই সুন্দৰ আৰু মিঠা কথা নকওঁক কিয় বুদ্ধিমান লোকে তেতিয়ালৈ বিশ্বাস নকৰে যেতিয়ালৈ সন্মুখৰ মানুহ জনৰ কথা আৰু কাম একে বুলি পতিয়ন নাযায়। বুদ্ধিমান লোকে তথ্য আৰু সত্যক বিশ্বাস কৰে, তেওঁলোকে নিজৰ চকুৰে যি দেখে নিজৰ কাণেৰে যি শুনে সেইটোৱেই বিশ্বাস কৰে। বুদ্ধিমান লোকে কথাত কৈ কৰ্মৰ ওপৰত বেছি বিশ্বাস কৰে আৰু গুৰুত্ব দিয়ে , সেইকাৰণেই বুদ্ধিমান লোকক কোনোৱে প্ৰবঞ্চনা কৰিব নোৱাৰে।
বুদ্ধিমান লোকে নিজৰ গুৰুত্বপূৰ্ণ কাম সমূহ প্ৰথমে কৰে , তেওঁলোকে আজৰি সময় খিনিকো ভাল কামত ব্যৱহাৰ কৰে । বুদ্ধিমান লোকে সময়ক অৰ্থতকৈ মূল্যবান বুলি ভাবে, কাৰণ তেওঁলোকে জানে যে এই পৃথিৱীত সময় মাত্ৰ এটি বস্তু যিটো প্ৰত্যেক মানুহৰ বাবে সীমিত, আৰু জীৱনত সময় সীমিত বাবেই তেওঁলোকে সকলো কামৰ বাবে সময়ৰ এক পৰিকল্পনা প্ৰস্তুত কৰে । বুদ্ধিমান মানুহে নিজৰ অলসতাক নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু জ্ঞান কৰে, কিয়নো মানুহৰ অসফলতাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে এই অলসতা অৰ্থাৎ এলাহ।
বুদ্ধিমান লোকে লোকৰ ওপৰত অভিযোগ নকৰে ; এজন বুদ্ধিমান লোকে লোকৰ ভুল খিনিকো সহজে মানি লয়, কিয়নো তেওঁলোকে জানে যে মানুহ মাত্র ভুল হ’ব পাৰে। বুদ্ধিমান লোকে সন্মুখৰ মানুহজন যেনে তেওঁক তেনে ভাবেই স্বীকাৰ কৰি লয়, কিয়নো তেওঁলোকে এই কথা জানে যে পৃথিৱীৰ প্ৰত্যেকজন মানুহ ইজন সিজনৰ পৃথক , সকলোৰে চিন্তা বিবেক আৰু ব্যৱহাৰ ভিন্ন।
বুদ্ধিমান লোকে বিফলতাৰ পিছতো হাৰ নামানে , পৰিবৰ্তে সেই বিফলতাক নিজৰ এপাত নতুন অস্ত্ৰ হিচাপে জ্ঞান কৰে, বিফলতাৰ পৰা নতুন কিছু শিকি পুনৰাই নতুন উদ্দামেৰে কাম আৰম্ভণি কৰে। লগতে বুদ্ধিমান লোকে নিজৰ অতীতৰ সফলতাক সুঁৱৰি স্ফূৰ্তি কৰি বহি নাথাকে, তেওঁলোকে কেতিয়াও অতীতৰ সফলতাক লৈ ডাঙৰ ডাঙৰ কথা নকয়, কাৰণ তেওঁলোকে ভালদৰে জানে যে পাৰ হৈ যোৱা অতীত ঘূৰি নাহে কেতিয়াও আৰু তেওঁ ভৱিষ্যতে সেইটোহে পোৱা যায় যিটোৰ বাবে তেওঁ পৰিশ্ৰম কৰিব পাৰিব। অসফলতাই কেতিয়াবা বুদ্ধিমান লোকক ক্ষন্তেকৰ বাবে বিচলিত কৰিলেও হেৰুৱাই পেলাব নোৱাৰে। কিয়নো বুদ্ধিমান লোকে এইটো ভালদৰে জানে যে অসফলতা অন্য একো নহয় বৰং সফলতাৰ এটি খোজ।
বুদ্ধিমান লোকে জীৱনৰ সকলো খিনি নিজে বিচৰা ধৰণে নাপালেও আনক দোষাৰোপ নকৰে বৰং তেওঁলোকে নিজকে অনুসূচনা কৰে, নিজৰ ভুল খিনিক বিশ্লেষণ কৰি সংশোধন কৰাৰ প্ৰয়াস কৰে ; বিপৰীতে সাধাৰণ মানুহে নিজৰ দোষ আনৰ ওপৰত জাপি দিয়ে আৰু বিষয় বস্তুৰ পৰা সঘনাই পলাবলৈ চেষ্টা কৰে, সেইবাবেই সাধাৰণ লোকে নিজৰ ভুল সংশোধন কৰি আগবাঢ়ি যাবলৈ সক্ষম নহয়।
বুদ্ধিমান লোকে নিজৰ সৈতে কথা পাতে, সদায় চিন্তাশীল হৈ থাকে, তেওঁলোকে সকলো সময়তে কিবা নহয় কিবা ভাবি থাকে, কিন্তু তেওঁলোকে কোনো অতীত অথবা কাল্পনিক কথাৰ ওপৰত চিন্তামগ্ন নাথাকে ; তেওঁলোক বাস্তৱ জীৱনৰ কোনো সমস্যা সমাধানৰ নিমিত্তে নিজকে চিন্তামগ্ন কৰি ৰাখে। যেতিয়াই বুদ্ধিমান লোকে কোনো বিষয়ৰ বাবে গভীৰ ভাৱে চিন্তা কৰে তেতিয়াই তেওঁলোকে নিজৰ মাজতে কথা পাতে , নিজকে প্ৰশ্ন কৰে , নিজেই উত্তৰ দিয়ে , যুক্তি কৰে আৰু সমাধান বিচাৰি উলিয়াই আৰু সেই সময়ত তেওঁলোকৰ মগজুৱে খুব দ্ৰুত ক্ৰিয়া কৰে।
বুদ্ধিমান লোকে ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানৰ কথা কয়, আৰু ইয়াৰ উপৰিও বুদ্ধিমান লোকে এনে কোনো প্ৰতিজ্ঞা নকৰে যিটো তেওঁ ভৱিষ্যতে পূৰণ কৰিব নোৱাৰে বুলি জানে। বুদ্ধিমান মানুহে কথা কোৱাৰ আগতে বহুবাৰ চিন্তা কৰি লয় ; আনকি খং ৰাগৰ বশৱৰ্তী হলেও বুদ্ধিমান লোকে কথা কওঁতে বহুবাৰ চিন্তা কৰে । অৰ্থাৎ এজন বুদ্ধিমান লোকৰ মহৎ গুণ সমূহৰ ভিতৰত অন্যতম এটি যে তেওঁলোকে খুব ভাবি চিন্তি , চালিজাৰী লৈহে বিষয় বস্তুৰ ওপৰত মন্তব্য প্ৰদান কৰে।
বুদ্ধিমান লোকে নিজৰ কৰ্ম আৰু দায়িত্বত এনেদৰে মজগুল থাকে যে তেওঁলোকে আনৰ কথা বাৰ্তা চিন্তা কৰিবলৈ আহৰি নেপাই ; বিনা কাৰণত কাৰো সৈতে গল্প নকৰে আনৰ সমালোচনা নকৰে।
এই ৫ বদ অভ্যাসে মানুহৰ জীৱন নিঃশেষ কৰে – অমৃত বাণী ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
বেয়া অভ্যাস সমূহ এৰি নিজকে শক্তিশালী কৰি তোলক ! সম্পুৰ্ণ জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
তাৰ পিছত গুৰুজনাই কৈছিল যে সেইসমূহে হৈছে বুদ্ধিমান লোকৰ বিশেষ গুণ যিসমূহে তেওঁলোকক সাধাৰণ লোকৰ পৰা পৃথক কৰি ৰাখে। আৰু শিষ্যসকল গুৰুৰ মুখৰ ফালে চাই অবাক হৈ যোৱা পৰিলক্ষিত হৈছিল।