How to avoid bad habits

বেয়া অভ্যাস সমূহ এৰি নিজকে শক্তিশালী কৰি তোলক !

  যিসকল লোকে বেয়া অভ্যাসৰ পৰা নিজকে দূৰৈত ৰাখিব খোজে তেওঁলোকে প্ৰথমে দুটা কথা অবশ্যে মন কৰা উচিত ; প্রথম কথা হৈছে কোনো ব্যক্তি ইচ্ছাকৃতভাৱে বেয়ালৈ নাযায়, কোনো কাৰণ আৰু পৰিস্থিতি অনুসৰি তেওঁ সেই বেয়াৰ মেৰপাকত সোমাই পৰে। স্বাস্থ্য নিজে তৈয়াৰ নহয় বৰং স্বাস্থ্য নিজেই ধৰি ৰাখিবলৈ যত্নৰ প্ৰয়োজন। আৰু দ্বিতীয় কথাটো হৈছে কোনো ব্যক্তিৰ নিজৰ অমনোযোগিতাৰ বাবেই বেয়া অভ্যাসৰ কবলত পৰে। সেয়ে নিজৰ জীৱনত ভাল অভ্যাস গঠন কৰিবলৈ নিজৰ ইচ্ছাশক্তি আৰু ধৈৰ্য্যৰ প্ৰয়োজন।

Ways to overcome bad days

শৈশৱ কালৰ বহু কিশোৰে বেয়া অভ্যাস হস্তমৈথুনৰ পৰা নিজকে দূৰৈত থাকিবলৈ হ’লে তলৰ টিপছ্ খিনি অৱলম্বন কৰি নিজকে সেই বদ অভ্যাসৰ পৰা আঁতৰাই ৰাখিব পাৰে ।

(১) Avoid too much taste ( অতি সুস্বাদু খাদ্য পৰিহাৰ কৰক ) :- আপুনি জীয়াই থাকিবলৈ খাদ্য সেৱন কৰে নে খাবলৈ জীয়াই আছে ? বিশেষজ্ঞৰ মতামত অনুসৰি যি ব্যক্তিৰ জিভাৰ কোনো নিয়ন্ত্ৰণ নাই সেই ব্যক্তিৰ যৌন আসক্তিৰো কোনো নিয়ন্ত্ৰণ নাথাকে। গভীৰ গৱেষণাৰ পৰা কোৱা হৈছে যে অতি সুস্বাদু খাদ্য খোৱাৰ সময়ত মানুহৰ নাকে এক sensor ৰ দৰে কাম কৰে আৰু মগজুলৈ signal পঠিয়াই, আৰু তেওঁ নিজে সকলো কাম এৰি সকলো সময়তে মাত্ৰ সোৱাদ লবলৈ সক্ৰিয় হৈ থাকে । যি ব্যক্তিয়ে ভাল সোৱাদৰ বাবেই বাৰে বাৰে খাদ্য সেৱন কৰে তেওঁৰ মগজুত সোৱাদৰ addiction আৰম্ভ হৈ পৰে ; তেওঁ কেতিয়াও সাধাৰণ খাদ্য গ্ৰহণ কৰিব নোৱাৰা হৈ পৰে, সুস্বাদু খাদ্য অবিহনে থাকিব নোৱাৰে। সোৱাদৰ addiction হৈছে মগজুৰ এটি দুৰ্বলতা, আৰু যিকোনো ধৰণৰ দুৰ্বলতা ব্রহ্মচাৰ্য আৰু শাৰিৰীক তৃপ্তি নিয়ন্ত্ৰণৰ বাবে সঠিক নহয়। মগজুৰ দুৰ্বলতাৰ ফলতে সেই কিশোৰে বাৰ বাৰ এৰিব খুজিও হস্তমৈথুন কাৰ্য্যৰ সৈতে লিপ্ত হৈ পৰে ।

Avoid bad habits

(২) Fasting ( লঘোন দিয়া ) :- যেনেদৰে এখন গাড়ী চলাই থাকিলে মাজতে তাৰ ইঞ্জিনক জিৰণি দিয়াৰ প্ৰয়োজন, এদিন servicing কৰাৰ প্ৰয়োজন হৈ পৰে , আৰু fasting য়ে মানুহৰ শৰীৰৰ বাবে servicing ৰ দৰে কাম কৰে ; ঠিক একেদৰে মানুহৰ মানসিক চিন্তা, মানসিক ব্যস্ততা, শাৰীৰিক পৰিশ্ৰম , খং আদিৰ ফলত শৰীৰত এটি হ’ৰমন ক্ষৰণ হয় যিয়ে শৰীৰত free radical ৰ সৃষ্টি কৰে , আৰু এই free radical সমূহে তেজৰ কোষৰ ক্ষতিসাধন কৰে, ক্ষতিগ্ৰস্ত তেজৰ কোষ যেতিয়া মগজুলৈ যায় তেতিয়া মগজুৰ ক্ৰিয়াত ব্যাঘাত জন্মে যাৰ ফলত সেই ব্যক্তি মাইগ্ৰেইনৰ ( মূৰৰ বিষ ) চিকাৰ হয়, এই সমস্যাটোৰ পৰা দূৰৈত ৰখাৰ আটাইতকৈ ভাল উপায় হৈছে fasting ( লঘোন ) কিন্তু মনত ৰাখিব লঘোন দিয়াৰ পিছত যদি অইন কিবা সমস্যা হয় তেন্তে নিজৰ সাধ্য অনুসৰি fasting কৰক । বিশেষজ্ঞ আৰু ভাৰতীয় স্বাস্থ্য বিধি অনুসৰি এজন মানুহে সপ্তাহত কমে এদিন ১২ ঘণ্টাৰ বাবে fasting কৰিব লাগে , নোৱাৰিলে ১৫ দিনত এবাৰ আৰু নহলে মাহত এবাৰ আৰু বছৰত কমেও ২৪ দিন fasting কৰা বিজ্ঞান সন্মত কথা। মনত ৰাখিব fasting কৰাৰ সময়ত গৰম পানী সেৱন কৰক যিয়ে অমৃতৰ সমান কাম কৰে যাতে শৰীৰৰ সমস্ত free radical দূৰ হৈ যায় আৰু এটি নতুন জীৱনৰ আৰম্ভণি হয়। জাপানী বিজ্ঞানী Yoshinori Ohsumi য়ে এই কথা প্ৰমাণ কৰিছে আৰু তাৰ বাবে তেওঁ নবেল বঁটা লাভ কৰিছিল , তেওঁ কৈছিল যে প্ৰত্যেক জন লোকে বছৰত কমেও ২০ বাৰ fasting কৰা উচিত , ১০ ৰ পৰা ১২ ঘন্টা fasting কৰাৰ ফলত দেহৰ energy কমি যায় লগতে সেই অৱস্থাত শৰীৰৰ কেঞ্চাৰ কোষ সমূহো নষ্ট হৈ যায়।

 এই ধাৰণাৰ পৰা আমি এইটো বুজা উচিত যে fasting ৰ প্ৰভাৱত শৰীৰ সম্পূৰ্ণৰূপে শুদ্ধ হৈ পৰে আৰু শুদ্ধ শৰীৰে এটি শুদ্ধ মন গঠন কৰে আৰু শুদ্ধ মনৰ সহায়ত হস্তমৈথুন আৰু ব্রহ্মচাৰ্যত সফল হোৱা অতি সহজ কাৰণ psychology আৰু syllabus ৰ মাজত এটি গভীৰ সম্পর্ক থাকে।

Know your enemy by these tips

(৩) Practice of silence ( নীৰৱতাৰ প্ৰশ্ৰয় ) :- লক্ষ্য কৰিব এজন মানুহ যেতিয়া ৰোগৰ পৰা পৰিত্ৰাণ লভে তেতিয়া সেই ব্যক্তিয়ে খুব কম কথা কয় কিয়নো সেই সময়ত তেওঁৰ দেহত শক্তি খুব কম থাকে ; আৰু তেওঁ normal হ’বলৈ কিছু সময় লাগে । প্ৰয়োজনতকৈ বেছি কথা কোৱা বা আদৰকাৰী কথা কলে শৰীৰৰ বাক যন্ত্ৰৰ ওপৰত প্ৰভাৱ পৰে, তাৰ ফলত life energy ৰ হ্ৰাস হয় সেয়ে যিমানে প্ৰয়োজন সিমানে কম কথা কোৱা অতি দৰকাৰী ; দিনটোত ২ -৩ ঘন্টা চুপচাপ থকা অতি দৰকাৰী আৰু তাৰ ফলত life energy সঞ্চয় হয়, আৰু সেই life energy ব্রহ্মচাৰ্যৰ দিশে promotion কৰিব পাৰে অৰ্থাৎ মনে মনে থকাৰ অভ্যাস গঠন হোৱাৰ লগে লগে হস্তমৈথুনৰ পৰা দূৰৈত থকাৰ অভ্যাস একেদৰে গঠন কৰিবলৈ বেছি কষ্টৰ প্ৰয়োজন নহয়।

Story of a drugs addicted boy changing life at a sudden

বেছি ভাল নহৈ অলপ বেয়া হ’বলৈ শিকক জীৱনত সফল হ’ব পাৰিব ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

বেছি ভাল নহৈ অলপ বেয়া হ’বলৈ শিকক জীৱনত সফল হ’ব পাৰিব !

(৪) Practice of meditation ( ধ্যান ) :- নিজৰ জীৱনত ধ্যানক এক অপৰিহাৰ্য অংগ হিচাপে গঢ় দিয়া আৱশ্যক । ৰাতিপুৱা সোনকালে উঠি কমে ৩০ মিনিট ধ্যান কৰাৰ অভ্যাস গঢ়ক আৰু লাহে লাহে এই সময় বৰ্ধিত কৰক । কিয়নো ধ্যান হৈছে এনে এক পৰিঘটনা যি সময়ত ৰক্তচাপ ( BP ) , নাড়ী ( pulse ) আৰু হৃদযন্ত্ৰৰ কম্পন ( Heart rate ) সম্যক হৈ থাকে , সেই সময়ত মানুহৰ সংকল্প শক্তিয়ে খুব বিচক্ষণতা লাভ কৰে । যেতিয়া সংকল্প শক্তি বিচক্ষণ হৈ পৰিব তেতিয়া হস্তমৈথুন নামৰ লেতেৰা বেপাৰৰ পৰা দূৰৈত যাবলৈ অতি সহজলভ্য হৈ পৰিব। ধ্যান কৰাজন কেতিয়াও ব্রহ্মচাৰ্যৰ পৰা বিচলিত নহয়।

(৫) Community help and discussion ( লোকৰ সহায় আৰু আলোচনা ) :- কু অভ্যাসৰ পৰা দূৰৈত থাকিবলৈ ওচৰৰ জনৰ আৰু অভিজ্ঞ জনৰ সহায়ৰ প্ৰয়োজন নিশ্চয় আছে সেয়ে নিজৰ সমস্যা অইন অভিজ্ঞজনক খুলি কোৱা অত্যন্ত দৰকাৰী,অভিজ্ঞজনৰ লগত আলোচনা কৰা দৰকাৰী ন’হলে সহায় কোনে কিয় কৰিব , আনকি কাৰোবাক সহায়ৰ প্ৰয়োজনৰ কথা এনেই বিয়পি নাযায়।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *