হিন্দু পৌৰাণিক গ্ৰন্থত যেতিয়া অভিশাপ আৰু আশীৰ্বাদৰ কথা উল্লেখ আছে ; আৰু যেতিয়া আমি অভিশাপৰ কথা আলোচনা কৰো তেতিয়া দেখিবলৈ পাওঁ যে প্ৰতি অভিশাপ ৰ পিছত এটি কাহিনী বিচাৰি পোৱা যায় ।
আশীৰ্বাদে যেনেকৈ প্ৰত্যেকটো ঘটি যোৱা ঘটনা প্ৰবাহক প্ৰভাৱিত কৰে তাতোকৈ অনেক বেছি অভিশাপে ভৱিষ্যতে ঘটিবলৈ যোৱা সাম্ভাব্য ঘটনাক প্ৰভাৱিত কৰে । কিন্তু আপুনি এইটো জানি আশ্চৰ্য প্ৰকাশ কৰিব যে কলিযুগত কাৰো অভিশাপ নালাগে। আৰু এই কলিযুগত অভিশাপ কিয় নালাগে তাৰ বিচাৰ কৰিবলৈ হ’লে জানিব লাগিব পৃথিৱীৰ চাৰিটা যুগৰ বিষয়ে ।
প্ৰথম যুগ হৈছে সত্যযুগ ; এই সত্য যুগত মানুহৰ গড় উচ্চতা আছিল ৩২ ফুট অৰ্থাৎ প্ৰায় ২১ হাত আছিল, যত পাপৰ মাত্ৰা আছিল শূণ্য শতাংশ আৰু পূণ্যৰ মাত্ৰা আছিল প্ৰায় ১০০ শতাংশ ; যি যুগত অৱতাৰ লৈছিল ৰাজা হৰিচন্দ্ৰ , ৰাজা হৰিচন্দ্ৰই সত্যৰ বাবে নিজৰ পৰিয়াল আৰু নিজকে বলিদান কৰিছিল।
দ্বিতীয় হৈছে ট্রেতাযুগ ; এই যুগত ধৰ্মৰ তিনিটা স্তম্ভ আছিল, যি যুগত মানুহৰ গড় উচ্চতা ২১ ফুট অৰ্থাৎ ১৪ হাত বুলি কোৱা হৈছে। সেই যুগত মানুহৰ পাপৰ মাত্ৰা আছিল ২৫ শতাংশ আৰু পূণ্যৰ মাত্ৰা আছিল প্ৰায় ৭৫ শতাংশ , যি যুগত নাৰায়ণৰ বামুণ অৱতাৰ আৰু ৰাম অৱতাৰ হৈছিল । সেই যুগত অসুৰৰ ৰজা বলিয়ে বামুণ অৱতাৰৰ তিনি ভৰিৰ সমান অৰ্থাৎ সমস্ত ধৰিত্ৰী দান কৰিছিল। তাৰোপৰি ৰাক্ষসৰ ৰজা ৰাৱনে মাতা সীতাক অপহৰণ কৰাৰ পিছতো মাতা সীতাক বেজী মাত্ৰাও প্ৰত্যক্ষ কৰিব পৰা নাছিল।
দ্বাপৰ যুগ ; এই যুগত ধৰ্মৰ দুটি মাত্ৰ স্তম্ভ আছিল , সেই যুগত মানুহৰ উচ্চতা মাত্ৰ ১১ ফুট অৰ্থাৎ সাত হাত বুলি কোৱা হৈছে। যি যুগত পাপ আৰু পূণ্যৰ মাত্ৰা ৫০ -৫০ শতাংশ আছিল , যি যুগত মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল যি এক ধৰ্মযুদ্ধ আছিল, সেই যুগত ভগৱান শ্ৰীকৃষ্ণই অধৰ্ম আঁতৰাই পৃথিৱীত ধৰ্ম স্থাপন কৰিছিল।
চতুৰ্থতে হৈছে কলিযুগ ; এই যুগত ধৰ্মৰ কোনো স্তম্ভৰ কথা উল্লেখ পোৱা নাযায়, মানুহৰ গড় উচ্চতা ৫ ফুট ৫ ইঞ্চি অৰ্থাৎ প্ৰায় তিনি অৰ্ধ হাত বুলি কোৱা হয়। যি যুগত ধৰ্ম ২৫ শতাংশ আৰু অধৰ্মই প্ৰায় ৭৫ শতাংশ আগুৰি ধৰিছে ; ঠিক একেদৰে পাপ ৭৫ শতাংশ আৰু পূণ্য হৈছে ২৫ শতাংশ ।
এতিয়া যদি আমি ঘাই কথা অভিশাপৰ কথালৈ আহোঁ তেতিয়া আমি হৃদয়ংগম কৰিব পাৰিব লাগিব যে অভিশাপ দিয়া কোনো সহজ কাম নহয় ; যেনেদৰে কেঁচা মাটিৰ পাত্ৰত পানী ভৰালে পানী নাথাকে ঠিক একেদৰে যি ব্যক্তিয়ে কোনো দিন তপস্যা কৰা নাই সেই ব্যক্তিৰ অভিশাপ কেতিয়াও কামত নালাগে । কিয়নো তপস্যা অবিহনে একোৱে সম্ভৱ নহয় । তপস্যা অবিহনে মুক্তি সম্ভৱ নহয়, তপস্যা অবিহনে ব্ৰহ্মদৰ্শন অসম্ভৱ। যি খাদ্য আমি গ্ৰহণ কৰো তাৰ পৰা দেহত যি শক্তি উৎপাদন হয় সেয়া এক সহজ পৰিঘটনা নহয় ; অৰ্থাৎ যি খাদ্যবীজ আমি গ্ৰহণ কৰো সেয়া প্ৰথমে সূৰ্য্যৰ তাপত শুকুৱা হয় , তাৰ পিছত সেই বীজ জুইৰ উত্তাপত সিজোৱা হয় আৰু খোৱাৰ পিছত পাকস্থলীত সেই বীজক পুনৰ তৃতীয়বাৰৰ বাবে উত্তাপিত কৰা হয় তাৰ পিছতহে শৰীৰে শক্তি লাভ কৰে। কিন্তু যদিহে পাঁচনতন্ত্ৰ সঠিক নাথাকে তেতিয়া কিন্তু সঠিক ভাবে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰিলেও শৰীৰত শক্তি পোৱা নাযায়। আৰু যদি খাদ্যৰ পৰা শৰীৰে শক্তি নাপালে হেঁতেন তেতিয়া দেহৰ সকলো ক্ৰিয়াকল্প পৰিচালিত কৰিবলৈ প্ৰতি ঘণ্টাত মানৱ দেহক ৩০ ৱাট কৈ বিদ্যুতৰ প্ৰয়োজন হলহেঁতেন। কিন্তু সেই বিদ্যুতৰ দ্বাৰা পোনপটীয়াকৈ মানৱ শৰীৰত শক্তি দিব পৰা কোনো ধৰণৰ ফৰ্মূলা বিজ্ঞানী সকলে এতিয়াও আবিষ্কাৰ কৰিব পৰা নাই।
ভগৱান ব্ৰহ্মাই তপস্যাৰ দ্বাৰাই এই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছিল, যাৰ ভিতৰত অসংখ্য গ্ৰহ নক্ষত্ৰ আৰু আকাশ গঙ্গা আদি আছে ।
কিন্তু এই কলিযুগত মানুহে বিশ্বাস কৰি লৈছে যে তপস্যা অবিহনে তেওঁলোকে সকলো কাম সিদ্ধ কৰিব পাৰে যাৰ ফলতে মানুহে ডাঙৰ ডাঙৰ ভুল কৰি পেলাই ; জুৱা আদি খেলি নিজৰ ধন সম্পদ নষ্ট কৰে, লোকক হত্যা কৰি পেলাই , ডাঙৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰি পেলাই আৰু যাৰ ফলত পৰলোকত নৰকত বসবাস কৰিবলগীয়া হয় ।
একেদৰে জীৱন জীয়াই ৰাখিবলৈ হলেও তপস্যা কৰিব লাগে। তপস্যা কৰিলে সকলো সৰু ডাঙৰ কাৰ্য্য সিদ্ধ কৰিব পাৰি । অভিশাপ হৈছে ডাঙৰ কামবোৰৰ মাজতে এটি আৰু সেয়া তপস্যা অবিহনে কেতিয়াও সম্ভৱ নহয়।
ওপৰত উল্লেখিত চাৰিযুগৰ ভিতৰত কলিযুগৰ বাহিৰে বাকী তিনিযুগত সাত্ত্বিক বাতাবৰণ বিৰাজমান হেতুকে সকলো মানুহ ভগৱানৰ ভক্তিত মগ্ন আছিল ; কিন্তু কলিযুগত ভগৱত ভক্তি প্ৰাপ্তি খুব সহজ সাধ্য নহয়। কলিযুগত জন্ম লোৱা মানুহে গোটেই জীৱন কষ্ট ভোগ কৰে, এই যুগৰ ৰজাই নিজৰ প্ৰজাক শোষণ কৰে আৰু ধৰ্মগ্ৰন্থক বিকৃত কৰে , এই যুগত আকাল আৰু নাটনি থাকে ; এই যুগত ভয়ংকৰ যুদ্ধ বিগ্ৰহ হৈ থাকে , এই যুগত প্ৰাকৃতিক বিপৰ্যয় আৰু নতুন ৰোগৰ প্ৰাদুৰ্ভাৱ নিমিষতে হ’ব পাৰে। এই যুগৰ ৰাক্ষস বোৰে সকলো সময়তে ভগৱান ক নিধন কৰাৰ চেষ্টা কৰে লগতে মানুহৰ প্ৰবৃত্তি ৰাক্ষসৰ দৰে হৈ পৰে , ৰাক্ষস প্ৰবৃত্তিৰ মানুহে নিজকে ভগৱানৰ অৱতাৰ বুলি দাবী কৰে আৰু সহজ সৰল মানুহে এই ৰাক্ষসবোৰৰ কথাত পতিয়ন যোৱা বাবে তেওঁলোক প্ৰকৃত দেৱস্থান গৈ নেপাই ।
কলিযুগ ত মুক্তিৰ দুৱাৰ বন্ধ হৈ যায়, এই যুগৰ মানুহে ক্ষন্তেকীয়া সুখৰ দ্ৰব্য পনীয়াত নিজক মগ্ন কৰে, মানুহে ক্ষন্তেকীয়া ইন্দ্ৰিয় সুখত পাগল হৈ থাকে। কোনো মানুহে ঈশ্বৰক জানিবলৈ বুজিবলৈ প্ৰয়াস নকৰে, তপস্যা আৰু জ্ঞান অৰ্জনৰ নাম শুনিলে মানুহ ভয়ত ভীতিগ্ৰস্ত হৈ পৰে । এই যুগৰ মানুহে দান কৰিব নোৱাৰে , বিপৰীতে যজ্ঞ কৰে আনক দেখুৱাবৰ বাবে আৰু এনেদৰে মানুহ নিম্ন প্ৰবৃত্তিৰ হৈ পৰে ।
সত্যযুগৰ সকলো মানুহ পৰমহংস হৈ পৰিলেহেঁতেন যদিহে তেওঁলোক সকলোৱে ঈশ্বৰৰ ওপৰত ভক্তি ৰাখিলেহেঁতেন , কিন্তু তেওঁলোকৰ ভিতৰত কম সংখ্যক মানুহে ভগৱানৰ যোজনা ভালদৰে পালন নকৰা হেতুকে তেওঁলোক ভগৱত ধামলৈ যাবলৈ অসমৰ্থ হৈছিল আৰু সেই মানুহসকলৰ পুনঃ জন্ম হৈছিল ট্রেতা যুগত আৰু তেনেদৰে ভগৱত ধামলৈ ঘূৰি যোৱাৰ সুযোগ লাভ কৰিছিল। আৰু তেওঁলোকৰ বহুলোক ভগৱানৰ ভক্তি কৰি সেই যুগতে ভগৱত ধামলৈ উভতি গৈছিল। কিন্তু তাৰ ভিতৰতে কিছুমান লোক ৰৈ গৈছিল যিয়ে ভগৱান ভক্তি ভালদৰে কৰা নাছিল আৰু তেওঁলোকৰ পুনৰাই জন্ম হৈছিল দ্বাপৰ যুগত আৰু একেদৰে দ্বাপৰ যুগত কিছু লোকে ভগৱানৰ ভক্তি নকৰা হেতুকে ভগৱত ধামলৈ যাবলৈ অসমৰ্থ হৈছিল আৰু সেই লোকসকলক তৃতীয় সুবিধা দিবৰ বাবে পুনৰ জন্ম দিয়া হৈছে এই কলিযুগত।
সত্য, দয়া ,পবিত্ৰতা পৰিহাৰ কৰি কলিযুগৰ মানুহে ব্যভিচাৰ, হিংসা আৰু নিচাত মগ্ন হ’বলৈ পছন্দ কৰে । কলিযুগত মানুহে তপস্যা কৰাটো কঠিন কাম বুলি জ্ঞান কৰে । আৰু কলিযুগত সেই লোকৰ অভিশাপহে লাগে যিয়ে গোটেই জীৱন ধৰ্মৰ পালন কৰে আৰু যিয়ে সাধনা আৰু তপস্যাত ব্যস্ত থাকে। যেনেদৰে জুইত দগ্ধ হোৱা পাত্ৰই পানী ধৰি ৰাখিব পাৰে , যেনেকৈ কেঁচা মাটিৰ পাত্ৰই পানী ধৰি ৰখাৰ পৰিবৰ্তে নিজেই ভাঙি পৰে ঠিক একেদৰে ধৰ্ম পৰায়ন তেজস্বীৰ অভিশাপহে অটল হৈ ৰয় ।
সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
ৰাতি টোপনিৰ আগত পাঠ কৰক দুটি মন্ত্ৰ , দুখ কষ্ট দূৰ হৈ পৰিব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
ৰাতি টোপনিৰ আগত পাঠ কৰক দুটি মন্ত্ৰ , দুখ কষ্ট দূৰ হৈ পৰিব !
আৰু যিসকল ভোগী তেওঁলোকৰ অভিশাপ কেতিয়াও নালাগে। কলিযুগত ধৰ্ম পালন কৰা তেজস্বী সাধাৰণতে পাবলৈ কঠিন আৰু যদিওবা কোনোবা আছে তেওঁ সন্মুখলৈ আহিব নোখোজে। আৰু সেইকাৰণে কলিযুগত কাৰো অভিশাপৰ ফল নধৰে।