the facts of life

  হিন্দু ধর্মশাস্ত্ৰ অনুসৰি চতমাহত বহুতো কাম কৰা নিষেধাজ্ঞা আছে। আৰু বিশেষকৈ এই মাহত কোনো ভাল কাম কৰাৰো সুবিধাজনক তাৰিখ নাই বুলি শাস্ত্ৰত উল্লেখিত আছে। শাস্ত্ৰ অনুসৰি যি মাহৰ সংক্ৰান্তীত সূৰ্য্য সংক্ৰান্তী নাই সেই মাহক শাস্ত্ৰত খৰমাহ বুলি গণ্য কৰা হয় ; আৰু খৰমাহত কিছু কাম অবশ্যেই কৰিব নালাগে।

tourist place Cocos islandnever do this in bed

এই চত মাহত কিনাবেচা একেবাৰে কৰিব নালাগে , কিনাবেচা কৰা কথা কওঁতে অতি প্ৰয়োজনীয় বস্তু কিনাবেচা কৰাত বাধা নাই যদিও ইয়াত বাধা কৰা দ্ৰব্য বা বস্তু বিলাক যিবোৰ কিনাবেচা কৰিব নালাগে সেইবোৰ হৈছে গাড়ী , মটৰ , ঘৰবাৰী , মাটি বা অইন কোনো বিলাসীবহুল সম্পদ বা বস্তু । কিয়নো এই চত মাহত এই বস্তুবিলাক কিনিলে যি উদ্দেশ্যে সেই বস্তুবিলাক কিনাবেচা কৰা হয় সেই উদ্দেশ্য সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। যাৰ ফলত হিতে বিপৰীত হ’ব ; তাৰ পৰিৱৰ্তে নতুন বছৰৰ প্ৰথম মাহ বহাগত এই দ্ৰব্য সম্পদ কিনাৰ পৰিকল্পনা কৰা উচিত।

the ultimate carmeditation and good health
দ্বিতীয় বিষয় যি এই চত মাহত কৰা উচিত নহয় সেয়া হৈছে কোনো বিয়াৰ তাৰিখ, উপনয়ন বা গৃহপ্ৰবেশৰ শুভ তাৰিখ আদি এই মাহত লোৱা অনুচিত। কিয়নো এই অনুষ্ঠান সমূহৰ বাবে এই মাহত শুভ তাৰিখ নাই ; শাস্ত্ৰ অনুসৰি গ্ৰহ এই সময়ত এই কৰ্ম কৰাৰ বাবে অনুকূল নাথাকে। সেয়ে এই মাহত সূৰ্য্যই মকৰ ৰাশিত প্ৰৱেশ কৰাৰ পিছত মকৰ সংক্ৰান্তী যেতিয়া শেষ হ’ব তাৰ পিছতহে অৰ্থাৎ নতুন বছৰৰ আৰম্ভনিত যিকোনো শুভ কৰ্ম কৰা উচিত।

greatness of life
তৃতীয়তে এই মাহত নিয়মীয়া পূজা পাঠ কৰা উচিত ; আৰু সেয়া নিষ্ঠাৰে কৰিলে বিশেষ ফল প্ৰাপ্তি হয়, আৰু এই মাহত শ্ৰীকৃষ্ণৰ বন্দনা অবশ্যেই কৰা উচিত। অকল শ্ৰীকৃষ্ণ নহয় যিকোনো আৰাধ্য দেৱদেৱীৰ পূজা অৰ্চনা কৰিলে এই মাহত বিশেষ ফলপ্ৰাপ্তি হয়। লগতে এই মাহত আছে নৱৰাত্ৰি ব্ৰত আৰু ৰামনৱমী আৰু সম্ভৱ হলে এই ব্ৰত পালন কৰা উচিত।

End of human life

লগতে এই চত মাহত কিছুমান বস্তু নিজ গৃহৰ পৰা আঁতৰাই দিয়া ভাল , নহ’লে হ’ব পাৰে বাস্তুদোষ ; বাস্তুশাস্ত্ৰ অনুসৰি মানুহৰ গৃহৰ ভিতৰত দুটি শক্তি বিৰাজ কৰে এটি হৈছে ধনাত্মক আৰু আনটো হৈছে ঋণাত্মক শক্তি , ভয়ৰ কাৰণ হৈছে যে মানুহৰ অজানিতে ঋণাত্মক বা অশুভ শক্তি সমূহ বৃদ্ধি হৈ গৈ থাকে ।

Childhood life cycle

সেয়ে নতুন বৰ্ষৰ পূৰ্বে এই চত মাহত ঘৰত বা নিজৰ পকেটত ৰখা পুৰণি আৰু চিঙা মানিবেগ আতৰাই দিয়া উচিত। মনত ৰাখিব গৃহত ছিঙি যোৱা টকাৰ বেগ ৰখাৰ ফলত মাৰাত্মক অৰ্থনৈতিক সংকট দেখা দিয়াৰ শংকা আহিব। আৰু যদি সম্ভৱ হয় বহাগ মাহ আৰম্ভণি হোৱাৰ আগতে এটি নতুন মানিবেগ কিনি ৰখা উচিত। আৰু নতুন মানিবেগ কিনি সেই মানিবেগত এটি ৰূপৰ মুদ্ৰা আৰু এখন মালক্ষ্মীৰ ছবি ৰাখিলে অর্থনৈতিক উন্নতি হ’বলৈ বেছি সময় নালাগিব ।

ROAD TRAFFIC ACCIDENT CAUSES

এই চত মাহত গৃহৰ ভিতৰত থকা মকৰাৰ জাল আঁতৰাই দিয়া উচিত অন্যথা গৃহত ডাঙৰ অমংগল আৰু ক্ষতি হ’ব পাৰে। লগতে গৃহত থকা ভগা চিঙা আইনা বা তাৰ টুকুৰা থাকিবলৈ দিয়া অনুচিত কিয়নো সেয়া ও সেই গৃহৰ বাস্তুদোষৰ কাৰণ হৈ পৰিব পাৰে।

destruction of earth theory and belief
এই চত মাহত ধাৰ বা ঋণ যেনেকৈ দিয়া অনুচিত ঠিক একেদৰে ধাৰ বা ঋণ লোৱা ও অনুচিত। এনে কৰিলে মালক্ষ্মী বিদায় লব পাৰে। আৰু যদিহে এই চত মাহত ঋণ দিয়া আৰু লোৱা কৰিবলৈ একান্ত বাধ্য হৈছে তেন্তে বহাগ মাহতে সেয়া পৰিশোধ কৰা আৰু ঘূৰাই লোৱা একান্ত প্ৰয়োজনীয়। অন্যথা নতুন বছৰটো আৰ্থিক দান্যতাৰ মাজেৰে পাৰ কৰিব লাগিব।

SECRETS OF LONGEVITY

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

সকলো ইচ্ছা পূৰণ হৈ যাব জপ কৰক মহাদেৱ শিৱৰ এই মহামন্ত্ৰ !

ৰাতি টোপনিৰ আগত পাঠ কৰক দুটি মন্ত্ৰ , দুখ কষ্ট দূৰ হৈ পৰিব ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক 

ৰাতি টোপনিৰ আগত পাঠ কৰক দুটি মন্ত্ৰ , দুখ কষ্ট দূৰ হৈ পৰিব !

শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে এই চত মাহত নিজৰ বাৰীৰ কোনো প্ৰকাৰৰ গছগছনি কাটিবলৈ নাযাব কিয়নো শাস্ত্ৰ অনুসৰি এই মাহত কোনো গছ গছনি কাটিলে গৃহৰ মহাদোষ হ’ব ।

বি দ্ৰ : এই কথা সমূহ মনা নমনা পালন কৰা নকৰা সেয়া আপোনাৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *