ঔম নমঃ ভগৱতে বাসুদেৱাই ; জয় শ্ৰীকৃষ্ণ , জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে । এই জগতৰ এক বাস্তৱ আৰু চৰম সত্য যে এই পৃথিৱীত জন্ম ললে এদিন মৃত্যু আছে। মৃত্যুক কোনোৱে এৰি চলিব নোৱাৰে, কিন্তু এইটো নহয় যে মৃত্যুৰ লগতে সকলো শেষ হৈ যায়, মৃত্যুৰ পিছতো আৰু বহুতো বিষয় ৰৈ থাকে ।
বেদ, উপনিষদ, পুৰাণ আৰু শ্ৰীমদ্ভাগৱত গীতাটো পৰিষ্কাৰ কৈ উল্লেখ আছে যে মৃত্যুৰ লগতে সকলো শেষ হৈ নাযায়; শ্ৰীমদ্ভাগৱত গীতা অনুসৰি মনুষ্য জীৱন এক উপহাৰ স্বৰূপ , যদি এই উপহাৰ সঠিক ভাৱে কামত নিয়োজিত কৰিব পৰা যায় তেতিয়া অকল ইঁহলোকতে নহয় মৃত্যুৰ পিছতো তাৰ প্ৰভাৱ ৰৈ যায়। মৃত্যুৰ সৈতে মানুহৰ আত্মাৰ লগত পাঁচোটা বস্তু গুচি যায় যিয়ে পৰলোকত গভীৰ ভাৱে প্ৰভাৱ বিস্তাৰ কৰে আনকি পুনঃ জনমটো এই বিষয় সমূহে মুখ্য ভূমিকা পালন কৰে।
শ্ৰীমদ্ভাগৱত গীতা আৰু গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ পিছত মানুহৰ শৰীৰ বিনাশ হয় যদিও তাৰ আত্মা ৰ কেতিয়াও বিনাশ নহয়। শ্ৰীমদ্ভাগৱত গীতাৰ দ্বিতীয় অধ্যায়ৰ ২৩ নং শ্লোকত কোৱা আছে যে কোনো অস্ত্ৰই আত্মাক স্বেদন কৰিব নোৱাৰে , কোনো জুয়ে আত্মাক দহন কৰিব নোৱাৰে, কোনো তৰল পদাৰ্থই আত্মাক তিয়াব নোৱাৰে, কোনো বায়ুই তাক শুকাই পেলাব নোৱাৰে ; আত্মা সদায় বিৰাজমান আৰু অমৰ। মৃত্যুৰ পিছত আত্মাই নিজৰ শৰীৰক লৈ যাব নোৱাৰিলে ও তাৰ সৈতে মানুহৰ এটি সূক্ষ্মৰূপ জীৱাত্মা থাকি যায় , আৰু সেই জীৱাত্মাৰ সৈতে থাকি যায় মানুহৰ পাঁচোটা বস্তু যিসমূহ পৰৱৰ্তী সময়ৰ পৰলৌকিক জীৱনক প্ৰভাৱিত কৰে। সেই বিষয় সমূহে নিৰ্ধাৰণ কৰে যে তেওঁৰ পুনঃ জন্ম কি হিচাপে হ’ব, তেওঁ নৰকত বাস কৰিব নে স্বৰ্গপ্ৰাপ্তি কৰিব। পুনঃ জন্ম হ’লে কি যোনিত জন্ম হ’ব , নে শেষত তেওঁ জন্ম মৃত্যুৰ বন্ধনৰ পৰা মুক্তি লাভ কৰিব। এই সমস্ত বিষয় নিৰ্ভৰশীল হয় মৃত্যুৰ সময়ত তেওঁৰ সৈতে যোৱা পাঁচোটা বিষয়ৰ ওপৰত।
প্ৰথম বিষয় হৈছে মৃত্যুৰ পিছত তেওঁৰ জীৱাত্মাৰ সৈতে যায় তেওঁ জীৱনত কৰা ভাল বেয়া কৰ্মসমূহ। আৰু সেই কৰ্মই তেওঁক সাত জনমলৈ পিছ নেৰে। উদাহৰণ স্বৰূপে মহাভাৰতৰ কাহিনীত ভীষ্মৰ মৃত্যুৰ কথা কব পাৰি। অৰ্থাৎ মানুহে যি কৰ্মই নকৰক তাৰ ফল এদিন নহয় এদিন পোৱা নিশ্চিত।
দ্বিতীয় বিষয় যি গৰুড় পুৰাণত উল্লেখ আছে সেয়া হৈছে মানুহৰ ঋণ ; যি ঋণ তেওঁৰ মৃত্যুৰ পিছত জীৱাত্মাৰ সৈতে যায়। সেয়ে নিজৰ ঋণ সমূহ যেনেকৈ হলেও মৃত্যুৰ আগতে পৰিশোধ কৰা উচিত। কিয়নো ধাৰ দিয়া আৰু ঋণ লোৱা উভয়ে জন্ম জন্মান্তৰে পিছ নেৰে। ঋণ পৰিশোধ নকৰাকৈ মৃত্যু হ’লে যেতিয়া ঋণ দিয়া জন পৰলোক গামী হয় তেতিয়াও তেওঁ সেই ঋণ ঘূৰাই বিচাৰে আৰু সেই সময়ত যমদূতে ঋণ লোৱা জনৰ মাংস কাটি ঋণ পৰিশোধ কৰিবলৈ বাধ্য কৰে।
মৃত্যুৰ পিছত জীৱাত্মাৰ সৈতে যি বিষয় যায় সেয়া হৈছে মানুহৰ পূণ্য। গৰুড় পুৰাণত উল্লেখ আছে যে দান আৰু পৰ উপকাৰ কৰি অর্জন কৰা পূণ্য জীৱাত্মাৰ সৈতে অনেক জনমলৈ বিৰাজমান থাকে । জীৱনত যদি আপুনি কেতিয়াবা অপৰিচিত লোকৰ সহায় পাইছে তেন্তে বুজি লব লাগে যে সেয়া আপোনাৰ পূৰ্বজনমৰ পূণ্যহে ; বেলেগ একো নহয়। সেয়ে আমাৰ বিভিন্ন শাস্ত্ৰত দান আৰু পূণ্যক বেংক বেলেঞ্চ হিচাপে তুলনা কৰা হয় যি বেয়া সময়ত কামত লাগে। আৰু সেইকাৰণেই আমাৰ শাস্ত্ৰ সমূহত বছৰৰ বিভিন্ন তিথিত দান কৰাৰ আদেশ দিয়া আছে।
চতুৰ্থ বিষয় যি গৰুড় পুৰাণত উল্লেখ আছে সেয়া হৈছে কামনা। পুনঃ জন্মৰ সময়ত কামনাই মানুহ আৰু অন্যান্য প্ৰাণীসমূহক পুনৰাই নতুন শৰীৰ ধাৰণ কৰাত সহযোগিতা কৰে। কামনা অনুসৰি জীৱৰ নতুন শৰীৰ প্ৰাপ্তি হয়। অৰ্থাৎ মৃত্যুৰ সময়ত মানুহে যিসমূহ কামনা কৰে মৃত্যুৰ পিছতো সেই সমস্ত বিলাকে তেওঁৰ লগত যায়। আৰু সেই কামনাৰ বাবেই মৃত আত্মাই কোনো নহয় কোনো শৰীৰলৈ উভতি আহিবলৈ বাধ্য হয়।
গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ সময়ত মানুহে সকলো এৰি কেৱল ব্ৰহ্মা আৰু পৰমেশ্বৰৰ ধ্যান কৰা দৰকাৰী। আৰু তাকে নকৰি যদি কোনোবাই অইন ইচ্ছা বা কামনা লৈ গুচি যায় তেতিয়া পুনৰ নতুন শৰীৰ ধাৰণ কৰিবলৈ বাধ্য হয়।
আৰু সৰ্বশেষৰ বিষয় হৈছে মানুহৰ বাসনা। কামনাৰ সৈতে বাসনা ৰ এক সূক্ষ্ম পাৰ্থক্য আছে ; মৃত্যুৰ কোলাত শুই থকা মৃত আত্মাই আনকি বাসনাৰ পৰা হাত সাৰি যাব নোৱাৰে। সেইবাবেই হয়তো আত্মাই পুনৰাই তাৰ মৃত শৰীৰত সোমোৱাৰ চেষ্টা কৰি থাকে। গৰুড় পুৰাণত উল্লেখ আছে যে সেইবাবেই মৃত্যুৰ পিছতো আত্মাই তেওঁৰ পৰিয়ালৰ ওচৰে পাজৰে কিছুদিন ঘূৰাফুৰা কৰি থাকে। আৰু ব্যক্তি বিশেষৰ এই বাসনাই তেওঁৰ জীৱাত্মাৰ সৈতে যুগে যুগান্তৰে বিৰাজমান হৈ থাকে।
আৰু এই পাঁচোটা বিষয়ে মানুহৰ পৰলোক আৰু মোক্ষপ্ৰাপ্তি কি হয় সেয়া নিৰ্ধাৰণ কৰে ।
ভগৱান ৰামচন্দ্ৰৰ মৃত্যু কেনেকৈ হৈছিল ? পৌৰাণিক ৰহস্যময় কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা।
ওম নমঃ ভগৱতে বাসুদেৱাই ; জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ ৰাধে ৰাধে ।