বিশ্বব্ৰহ্মাণ্ডত প্ৰথম মানুহ কোন আছিল ? এই বিষয় লৈ বহু ধৰ্মত ভিন্ন মতবাদ দেখা পোৱা গৈছে। আব্ৰাহামিয় ধৰ্ম যেনে – খ্ৰীষ্টান, ইহুদী আৰু ইছলাম ধৰ্মই পৃথিৱীৰ প্ৰথম মানুহ বুলিলে আদমৰ কথা বিশ্বাস কৰে। কিন্তু আমাৰ হিন্দু ধৰ্ম অনুসৰি এই কথা কবলৈ গলে আমি বিভিন্ন শাস্ত্ৰৰ আধাৰত যি কথা উল্লেখ আছে তাকেই উল্লেখ কৰিব লাগিব।
ভাগৱত পুৰাণ অনুসৰি সৃষ্টিৰ আদিতে কোনো কিছু নাছিল এই ব্রহ্মাণ্ডত ; নাছিল কোনো বস্তু আৰু নাছিল কোনো প্ৰাণী। প্ৰথমে সৃষ্টি হৈছিল পানী আৰু সেই পানী আছিল মহাসাগৰৰ আকাৰত। চাৰিওফালে মহাসাগৰ আৰু পানী, সেই সৰ্বব্যাপী সমুদ্ৰৰ ওপৰত মহানিদ্ৰাত মগ্ন আছিল ভগৱান শ্ৰীবিষ্ণু আৰু তেওঁৰ নাভিকমলৰ পৰা সৃষ্টি হৈছিল ব্ৰহ্মাৰ। আৰু সেই ব্ৰহ্মাই সৃষ্টি কৰিছিল ব্রহ্মাণ্ড। আৰু ব্ৰহ্মাই সৃষ্টি কৰা ব্রহ্মাণ্ডত সকলো আছিল ; আকাশ ,বতাহ , স্বৰ্গ – মৰ্ত্য , পাতাল, দেৱতা আৰু অসুৰ কিন্তু কোনো মানুহ নাছিল। আৰু কোনো মানুহ নথকা বাবে এই ব্রহ্মাণ্ড অপ্ৰয়োজনীয় হৈ পৰিছিল। সেয়ে ব্ৰহ্মাই চিন্তা কৰিছিল যে মানুহ সৃষ্টি কৰা একান্তই প্ৰয়োজন কিয়নো মানুহ নহ’লে সৃষ্টিৰ বিস্তাৰ অসম্ভৱ। সেয়ে ব্ৰহ্মাই প্ৰথমে সাতজন ঋষিৰ সৃষ্টি কৰিলে যাক কোৱা হয় সপ্তৰ্ষি । কিন্তু সপ্তৰ্ষিক সৃষ্টি কৰি কোনো লাভ হোৱা নাছিল , কিয়নো ঋষি সকলে কোনো আগ্ৰহ দেখুৱা নাছিল মানুহ সৃষ্টিৰ উপকৰণত বিপৰীতে তেওঁলোক তপস্যাত ব্যস্ত হৈ পৰিছিল। আৰু শেষত উপায়ন্তৰ হৈ ব্ৰহ্মাই সৃষ্টি কৰিছিল এজন পুৰুষ আৰু এজনী নাৰীৰ।
উপনিষদত কোৱা হৈছে যে ব্ৰহ্মাই নিজৰ শৰীৰক দুভাগত বিভক্ত কৰিছিল , এভাগ পুৰুষ আৰু অইন ভাগ নাৰী । এই পুৰুষ ভাগৰ পৰা সৃষ্টি হৈ পৰিছিল পৃথিৱীৰ সমস্ত পুংলিঙ্গ প্ৰাণীৰ আৰু নাৰী ৰূপৰ পৰা সৃষ্টি হৈছিল পৃথিৱীৰ সমস্ত স্ত্ৰীলিঙ্গ প্ৰাণীৰ ।
আকৌ ভাগৱত পুৰাণত কোৱা হৈছে যে ব্ৰহ্মাই যি পৃথক পৃথক দুটি নাৰী আৰু পুৰুষ ৰূপে বিভিক্ত হৈছিল তেওঁলোক হৈছে পৃথিৱীৰ প্ৰথম পুৰুষ আৰু প্ৰথম নাৰী ; পুৰুষ গৰাকীৰ নাম হৈছে ‘মনু’ আৰু নাৰীগৰাকীৰ নাম হৈছে ‘শতৰূপা’ । সেই নাৰী আৰু পুৰুষৰ মিলন হৈ তেওঁলোকৰ পাঁচোটা সন্তানৰ জন্ম হৈছিল; জন্ম হৈছিল দুই পুত্ৰ প্ৰিয়ব্ৰত ও জ্ঞান’পদ আৰু তিনি কন্যা আকূটি, দেবাহুটি আৰু প্ৰসূতি । এওঁলোকই পৃথিৱীত হৈ পৰিছিল মানুহ ৰূপে খ্যাত। অৰ্থাৎ মনুৰ সন্তান মানৱ অৰ্থাৎ মানুহ। আৰু মানুহৰ আদি পিতা মাতা হৈছে ‘মনু’ আৰু ‘শতৰূপা’।
কাহিনী ইয়াতে শেষ হোৱা নাই, কাৰণ পৌৰাণিক হিন্দু শাস্ত্ৰ অনুযায়ী মুঠ চৈধ্যজন মনুৰ কথা উল্লেখ আছে ; ইয়াৰ ভিতৰত স্বয়ম্ভূ মনু হৈছে প্ৰথমজন , স্বয়ম্ভূ মনুই ব্ৰহ্মাৰ ওচৰত স্থিতিশাস্ত্ৰ পাঠ কৰিছিল আৰু তেওঁ সেই স্থিতিশাস্ত্ৰ সপ্তৰ্ষিৰ ওচৰত পাঠ কৰিছিল আৰু সেই স্থিতিশাস্ত্ৰই হৈছে মানৱ ধৰ্মশাস্ত্ৰ । এই স্বয়ম্ভূ মনুৰ পিছত আৰু তেৰজন মনুৰ কথা উল্লেখ আছে কিন্তু কেনেকৈ তাৰো খুব আকৰ্ষণীয় বাখ্যা আছে। হিন্দু ধৰ্মত মুঠ চাৰিটা যুগৰ ব্যাখ্যা আছে, সেয়া হৈছে সত্য, ট্ৰেতাঃ , দ্বাপৰ আৰু কলিযুগ।
কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা।
এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।
আৰু এই চাৰিটা যুগৰ সময় হৈছে ৪৩২০০০০ বছৰ আমাৰ পৃথিৱীৰ সময়মানৰ হিচাপত আৰু দেৱলোকৰ হিচাপত সেই সময় মাত্ৰ ১২০০০ বছৰ আৰু এবাৰ যেতিয়া একেলগে এই চাৰিটা যুগৰ সমাপ্তি ঘটে তাক কোৱা হয় এক মহাযুগচক্ৰ । আৰু এক মহাযুগচক্ৰ যেতিয়া এক হাজাৰ বাৰ পূৰ্ণ হয় সেই বিপুল সময় ব্যাপী যি কাল তাক কোৱা হয় এক কল্প আৰু এক কল্প হৈছে ব্ৰহ্মাৰ একদিন। আৰু এক কল্পৰ মূৰে মূৰে জন্ম হয় চৈধ্যজন মনু আৰু এজন এজনকৈ তেওঁলোকে পৃথিৱী শাসন কৰে । আৰু ব্ৰহ্মাৰ আয়ু হৈছে এশকল্প ; অৰ্থাৎ ব্ৰহ্মাৰো শেষ আছে। আমি বৰ্তমান যিখন পৃথিৱীত বাস কৰিছোঁ , অৰ্থাৎ আমি যাৰ বংশধৰ তেওঁ হৈছে সপ্তম মনুকৌত্ৰিক ।
Popular Assamese video