যৌৱন এনে এক সময় যাক সঠিক কামত, সঠিক পথত আগুৱাই নিলে ইতিহাস সৃষ্টি কৰিব পাৰি আৰু যদি ইয়াক ভুল পথেৰে লৈ যোৱা হয় তেতিয়া সকলো শেষ হৈ যায় , জীৱন অন্ধকাৰ হৈ পৰে। মানুহে যদি এই যৌৱনত এনে কিছুমান ভুল কৰে তেন্তে তেওঁ জীৱনত একো পাবলৈ সক্ষম নহয় বৰং সকলো হেৰুৱাই পেলায়।
অপৰাধ নং (১)
নিজৰ পিতৃ মাতৃ আৰু নিজৰ পৰিয়ালক কেতিয়াও ignore নকৰিব। সেই পৰিয়ালৰ কোনো প্ৰমূল্যবোধ নাথাকে যি পৰিয়ালৰ সকলোৱে একেলগে মিলামিলি কৈ আলাপ নকৰে, ইজনে সিজনৰ দুখ share নকৰে। কিয়নো আপোনাৰ পৰিয়াল যিয়ে নহওঁক যেতিয়া আপোনাৰ বেয়া সময় সমাগত হ’ব তেতিয়া সকলোৰে আগত আপোনাৰ পৰিয়াল থাকিব। আজিকালি ল’ৰা ছোৱালীয়ে নিজৰ মা দেউতাৰ লগত কথা কোৱাৰ সময় নাথাকে, মা দেউতাৰ বিষয়ে এক মিনিট ভাবিবলৈ সময় নাথাকে ; এখন গৃহতে থকাৰ পিছতো দেখা যায় ইজনে সিজনৰ সৈতে কথা বতৰা নাপাতে, কোনোৱে নাজানে যে এটি পৰিয়ালৰ এজন সদস্যৰ মনত কি চলি থাকে ।
নিজৰ মা পিতাক গুৰুত্ব দিয়াজন ভাগ্যবান ; মা পিতাই যদি কাৰোবাৰ সংগ এৰিবলৈ কৈছে তেন্তে বিশ্বাস কৰক সেয়া তেওঁলোকে সঠিককৈ কৈছে। নিজৰ চকু বন্ধ কৰি নিজৰ মা পিতাক বিশ্বাস কৰিব পাৰি , যেনেদৰে সৰু কালত ৰাস্তাত দৌৰি যাওঁতে ভয় নালাগিছিল সেইটো ভাবি যে মা মোৰ পিছত দৌৰি আছে পিছলি পৰিলে ধৰিব। তেনেহলে চিন্তা কৰক সৰু কালত মা দেউতাক কিমান বিশ্বাস কৰিছিল আপুনি। কিন্তু আজি আপুনি সেই বিশ্বাস হেৰুৱাই দিছে ; কেইবছৰ মানৰ ভিতৰত কিজানি তেওঁলোক বুঢ়া হৈ যাব আৰু পৃথিৱী এৰি গুচি যাব , কিন্তু তাৰ পিছত আপুনি অনুসূচনা কৰিব লাগিব কাৰণ সেইদিনা আপুনি আপোনাৰ জীৱনৰ খুব ডাঙৰ অংগ এটি হেৰুৱাই পেলাব। সেয়ে কওঁ যদি নিজৰ মা দেউতাই খং কৰি কিবা এটা কেতিয়াবা কৈ দিয়ে সেইটো শুনি বিৰক্ত বোধ নকৰিব কাৰণ আপুনি পাহৰি গৈছে সৰুকালত আপুনি তেওঁলোকক কিমান বিৰক্ত কৰিছিল।
অপৰাধ নং (২)
প্ৰতি মুহূৰ্ত সময়, প্ৰতি চেকেণ্ড, প্ৰতিটো টকা আৰু প্ৰতিটো মুখৰ বচন অদৰকাৰী কামত ব্যৱহাৰ কথমপি কৰিব নালাগে আৰু বিপৰীতে সেয়া এক অপৰাধ ।
সময় এনে এক সম্পদ যিটো সকলোৱে পাই আৰু সময় এটা এটা চেকেণ্ডৰ হিচাপত পোৱা যায় কিন্তু মানুহে সেইটো নাজানে যে সেই চেকেণ্ডবোৰ কেনেদৰে পাৰ হৈ যায় , সময়বোৰ কেনেকৈ দ্ৰুতগতিত পাৰ হৈ যায়। মানুহে এটা এটা চেকেণ্ডৰ জীৱন পাৰ কৰি যায় যাক কোৱা হয় বৰ্তমান। বৰ্তমানৰ বাহিৰে আন কোনোবাই আপোনাক একো নিদিয়ে তথাপি পাৰ হৈ যোৱা দিনবোৰ পাহৰিব নোৱাৰি , লগতে নোৱাৰি অনাগত ভৱিষ্যতক পৰিৱৰ্তন কৰিব। মানুহৰ হাতত পৰিৱৰ্তন কৰিব পৰা যদি কিবা থাকে সেয়া হৈছে নিজৰ বৰ্তমান, নিজৰ জীৱন আৰু নিজৰ যৌৱন ; আৰু এইসমূহ যদি পৰিৱৰ্তন সঁচাকৈ কৰিব পাৰিছে তেন্তে সেয়াই হৈছে মানুহৰ সফলতা। পৰিৱৰ্তন কৰিব লগা বিষয় সমূহ হৈছে অদৰকাৰী কামৰ পৰা বিৰত নথকা, যৌৱনৰ এটা এটা চেকেণ্ডক মূল্য নিদিয়া ; সকলো সময়তে টোপনি মাৰি, মোবাইল টিপি সময় পাৰ কৰা স্বভাৱ আদি। অভ্যাস গঢ়িব লাগে সেই কাম বাৰ বাৰ কৰাৰ মানসিকতা আৰু অভ্যাস গঢ়ি তোলাৰ যি কৰিলে নিজৰ এক পৃথক পৰিচয় তৈয়াৰ হয় ; বৰ্তমানত , যৌৱন কালত মানুহে নিজৰ কামত যিমানেই শক্তি প্ৰয়োগ কৰিব পাৰিব আগন্তুক দিনবোৰত যিমান ইচ্ছা কৰিলেও সেই শক্তি কেতিয়াও লগাব নোৱাৰে কাৰণ শৰীৰ হৈছে এনে এটি মেচিন যিটো দিনে প্ৰতিদিনে পুৰণি হৈ গৈ মানুহ বৃদ্ধ হৈ যায়।
টকা হৈছে এনে এক বস্তু যাৰ বাবে আজিৰ যুগৰ মানুহে জীৱনত যিকোনো Risk লবলৈ মান্তি হৈ যায়, যাৰ বাবেই হয়তো এজন মজদূৰে ৰদৰ তলত দেহৰ প্ৰচণ্ড ঘাম নিৰ্গত কৰে । এই পৃথিৱীত মানুহক আটাইতকৈ কিবা বস্তুৱে যদি ব্যস্ত ৰাখিব পাৰিছে সেয়া হৈছে টকা, টকা আপোনাৰ হওঁক বা আপোনাৰ মা দেউতাৰ, প্ৰত্যেক এটি টকা আপুনি সেই ঠাইত খৰছ কৰা দৰকাৰী যত বাৰুকৈয়ে খৰছ কৰা প্ৰয়োজন, খৰছ কৰা প্ৰত্যেক টি টকা এক ইনভেষ্টমেণ্টৰ দৰে হোৱা উচিত।
আপুনি যিবোৰ কথা কয় সেইবোৰত অনেক শক্তি আছে, এই পৃথিৱীত যদি আটাইতকৈ মানুহৰ মন ভাঙিব পৰা বস্তু আছে সেয়া হৈছে কোনো নহয় কোনো দ্বিতীয় অথবা তৃতীয় ব্যক্তিৰ মুখৰ কটু বচন। লগতে এই পৃথিৱীত ডাঙৰ পৰিৱৰ্তন আহে সেই কথাৰ বাবেই ; আপুনি কোনো কথা মানুহক লিখি দিয়ে বা মুখেৰে কয় যদি সেই কথা আপোনাৰ পৰা এবাৰ পাৰ হৈ যায় সেই কথা আৰু কেতিয়াও ঘূৰি নাহে। সেয়ে কথা যেতিয়াই নকওঁক খুব ভাবি চিন্তি কোৱা দৰকাৰী। নিজৰ মুখৰ বচন মাত্ৰ আনৰ প্ৰশংসা কৰাৰ বাবেহে ব্যৱহাৰ কৰিব লাগে , ধনাত্মক বাৰ্তাৰ বাবে ব্যৱহাৰ কৰিব লাগে, মানুহক সাহস দিয়াৰ বাবে ব্যৱহাৰ কৰিব লাগে, কাৰোবাৰ জীৱন সুন্দৰ কৰিবলৈ ব্যৱহাৰ কৰিব লাগে ; কাৰোবাক অপমান কৰাৰ বাবে, কাৰোবাক সৰু কৰাৰ বাবে নহয়।
অপৰাধ নং ( ৩ )
লক্ষ্য অবিহনে জীৱন জীয়াই যোৱা এক সাংঘাতিক অপৰাধ। মানুহৰ বয়স যিয়ে নহওঁক কিয় এই অপৰাধ ভুল কৰিও কৰিব নালাগে, কোনো ধৰণৰ লক্ষ্য নোহোৱাকৈ জীৱন জীয়াই থাকিব নালাগে, জীৱনত জীয়াই থকা আৰু জীৱন পাৰ কৰাৰ মাজত পাৰ্থক্য আছে ; এটি নিৰ্দিষ্ট দিশেৰে আগবাঢ়ি যোৱা আৰু লক্ষ্য অবিহনে জীৱন পাৰ কৰাৰ মাজতো থাকে পাৰ্থক্য, এনেই কিছুমান কাম কৰি যোৱা আৰু নিজৰ লক্ষ্যৰ দিশত কাম কৰাৰ মাজতো থাকে পাৰ্থক্য।
কোনো ধৰণৰ লক্ষ্য নোহোৱাকৈ জীৱন আগবঢ়াই নিয়া মানেই হৈছে কটা খুলি পৰা ঘড়ীৰ দৰে , মাথোন টিক টিক শব্দহে হৈ থাকিব তাৰ বাহিৰে আৰু একো নাই। লক্ষ্য নোহোৱাকৈ জীৱন পাৰ কৰা মানে হৈছে এক মূল্যহীন জীৱন যাৰ কোনো অৰ্থ নাই আৰু সেই মানুহৰো মূল্য নাই যিজন কোনো লক্ষ্য নোহোৱাকৈ বাছি থাকে, এই পৃথিৱী ঘূৰি আছে কাৰণ পৃথিৱীৰ এক লক্ষ্য আছে আৰু এই পৃথিৱী ঘূৰাৰ বাবেই দিন ৰাতি হৈছে। সূৰ্য্য সেইকাৰণে জ্বলে কাৰণ সি পোহৰ দিব লাগে, এডাল বৃক্ষ নিজৰ লক্ষ্যৰ কাৰণে ডাঙৰ হয় কাৰণ সি ফল দিব লাগে ছাঁ দিব লাগে। আৰু সেইটোৱেই যদি ধ্ৰুৱ সত্য মানুহৰ জীৱনৰ লক্ষ্য কি, উদ্দেশ্য কি সেয়া নিৰ্ধাৰণ কৰা দৰকাৰী নহয়নে।
এই পৃথিৱীত যদি সৃষ্টিকৰ্তাই কোনো জীৱকে বিনা উদ্দেশ্যত সৃষ্টি কৰা নাই, তেনেহলে আপুনি আপোনাৰ জীৱনৰ একো লক্ষ্য নোহোৱাকৈ কেনেকৈ বাচি থাকিব পাৰে। আকাশৰ মেঘ সেইবাবেই সৃষ্টি হয় যাতে বৰষুণ দিব পাৰে । প্ৰত্যেক বস্তুৰ পৰিচয় নিজৰ লক্ষ্যৰ বাবেই হয় , আপোনাৰ নামৰ দ্বাৰা মাত্ৰ আপুনি পৰিচয় সৃষ্টি কৰিব নোৱাৰে যেতিয়া লৈকে আপুনি কোনো ডাঙৰ কাম নকৰিব, আৰু এটা কথা আপোনাৰ নামটো আপুনি নিজে ৰখা নাই সেইটোও যদি আপোনাৰ মা পিতাই ৰাখিছে তেনেহলে আপোনাৰ এই পৃথিৱীত কি আছে পৰিচয় দিবলৈ ? আপোনাৰ পৰিচয় হৈছে আপোনাৰ লক্ষ্য, আপোনাৰ পৰিচয় হৈছে আপোনাৰ উদ্দেশ্য, যদি কিবা ভাল কৰিব পাৰিছে তেন্তে নিজৰ পৰিচয় পাব, সমাজ আৰু সমাজৰ মানুহবোৰে চিনি পাব কিন্তু কাম কৰাৰ বাবে এটি লক্ষ্য থকা অনেক দৰকাৰী। জীৱনৰ প্ৰতিটো মুহূৰ্ত সেই লক্ষ্যৰ বাবে ব্যৱহাৰ কৰা উচিত। সেয়ে লক্ষ্য অবিহনে জীয়াই থকাৰ অপৰাধ কেতিয়াও নকৰিব।
বেয়া অভ্যাস সমূহ এৰি নিজকে শক্তিশালী কৰি তোলক ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
বেছি ভাল নহৈ অলপ বেয়া হ’বলৈ শিকক জীৱনত সফল হ’ব পাৰিব ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
অপৰাধ নং (৪)
কোনো কাৰণ নোহোৱাকৈ যদি কোনো কাম পেলাই ৰখা ; আজি নহয় সেইটো কালি কৰিম তেন্তে সেয়া এক সাংঘাতিক অপৰাধ। এই অপৰাধীৰ জীৱন নষ্ট হৈ যায়। আটাইতকৈ সহজ আৰু কাৰ্যকৰী উপায় হৈছে কাম এটি পিছত কৰিম বুলি সাঁচি ৰখা আৰু সেই সহজ অভ্যাসক প্ৰোকাশটিনিকেশন বুলি কোৱা হয় আৰু সহজ ভাষাত তাক কোৱা হয় কামচোৰ বা কাজচোৰ। কাম এটা কালি কৰিম বুলি কয় তেওঁ যিয়ে বেছি আৰাম কৰি ভাল পায়, যিজনে কষ্ট কৰিব নোখোজে । কিন্তু এবাৰ ভাবি চাওক কাম পেলাই ৰখাৰ প্ৰভাৱ কাৰ ওপৰত পৰিব, নিজৰ প্ৰতিবেশীৰ ওপৰত নে অইন কোনো মানুহৰ ওপৰত। আপুনি সময়ত কামবোৰ নকৰি যে পেলাই ৰাখিছে তাৰ মূল্য কোনে ভৰিব লাগিব ?
যদি আপুনি আপোনাৰ কামবোৰ সদায় পিছত কৰিম বুলি ভাবি থাকে তেন্তে এনে এক দিন আহিব সিদিনা আপোনাৰ সন্মুখত বহুত বেছি কাম জমা হৈ যাব আৰু সিদিনা আপুনি সেই এক বস্তা কাম কেতিয়াও কৰিবলৈ সক্ষম নহ’ব। মনত ৰাখিব আজি যিবোৰ মানুহৰ সময় খুব কঠিন চলি আছে তেওঁলোকেও এদিন এদিনকৈ নিজৰ এলাহ আৰু আৰাম বিলাসীতাৰ বাবেই কামবোৰ পেলাই ৰাখিছিল। আজিৰ দিনটো কেতিয়াও ঘূৰি নাহে আৰু আজি আপোনাৰ শৰীৰত যি ক্ষমতা আছে সেয়াও অহাকালি নাথাকে, সেয়ে আজি যদি আপুনি কোনো কাম কৰিব নোৱাৰে তেন্তে সেই কাম কেতিয়াও কৰিবলৈ সামৰ্থ নহ’ব।
অপৰাধ নং ( ৫ )
কাৰোবাক খুব সোনকালে বিশ্বাস কৰা এক অপৰাধৰ বাহিৰে একো নহয়। কাৰোবাক দ্ৰুত গতিত বিশ্বাসত ললে দ্ৰুতগতিত তেওঁৰ সৈতে শত্ৰুতা বৃদ্ধি হয়। নতুন বন্ধু আৰু বন্ধুত্ব খুব ভাল , তেওঁলোকৰ সৈতে নিজৰ সমস্যাবোৰ ভাগৱতৰা কৰা ভাল কিন্তু আপুনি যিজনক আপোনাৰ কথা কৈছে তেওঁ জানো আপোনাৰ কথা শুনি আপোনাৰ মনক বুজি পাব ? খুব সোনকালে কোনো মানুহক ভাল বুলি অনুজ্ঞাপত্ৰ দিব নোৱাৰি যে সেই মানুহ জন খুব ভাল বা খুব বেয়া বুলি। কাৰোবাৰ সৈতে সম্পৰ্ক কৰাৰ আগতে বহুবাৰ চিন্তা কৰিলে সম্পৰ্ক টিকি থাকে, বিপৰীতে দ্ৰুতগতিত কাৰোবাক বিশ্বাস কৰিলে ক্ষতি হ’ব পাৰে।
বিশ্বাস অবিহনে পৃথিৱী নচলে, এই পৃথিৱী বিশ্বাসৰ বাবেই বৰ্তি আছে, কিন্তু সমস্যা তেতিয়া হয় যেতিয়া কোনোৱে বিশ্বাসৰ সুযোগ লব আৰম্ভণি কৰে । সেয়ে কাৰোবাক খুব সোনকালে আপোন বুলি ভাবি নিজৰ ব্যক্তিগত কথা, নিজৰ আপোনজনৰ কথা, নিজৰ পৰিকল্পনাৰ কথা, নিজৰ সম্পত্তিৰ কথা কব নালাগে। বিশ্বাস এনে এক বস্তু যাৰ বাবেই কথা এটি আনক কৈ দিওঁতে এক চেকেণ্ড সময় নালাগে, কিন্তু বিশ্বাসৰ প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায় । কাৰোবাক বিশ্বাস কৰাৰ আগতে সন্মুখৰ মানুহজন আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া বুজি লোৱা আৰু প্ৰমাণ কৰা দৰকাৰী। নিজৰ লক্ষ্যৰ সম্পৰ্কে যিকোনো মানুহক কৈ দিব নালাগে নহলে তেওঁলোকৰ পৰা উৎসাহী হোৱাৰ বিপৰীতে বহু ঋণাত্মক কথা শুনিবলৈহে পোৱা যায় বআৰু তাৰ বাবেই হয়তো আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যৰ বাবে যি জেদ আছিল সেয়া দুৰ্বল হৈ পৰিব। সেয়ে কাৰোবাক সম্পূৰ্ণ বিশ্বাস কৰাৰ আগতে কিছু ভাৱ চিন্তা কৰিবলৈ সময় লোৱা দৰকাৰী।
POPULAR ASSAMESE VIDEO