প্ৰাচীন কালৰে পৰা শিৱ লিংগৰ পূজা অৰ্চনা বিৰাজমান ; বহুজনে প্ৰশ্ন কৰে আকৌ যে শিৱলিংগ আচলতে কি ? হিন্দু পুৰাণ অনুসৰি ভগৱান শংকৰ যিজনেই দেৱ আদিদেৱ মহাদেৱ ৰূপে পৰিচিত তেওঁৰ লিংগকে শিৱলিংগ বুজা যায়। শিৱলিংগ হৈছে পুৰুষ লিংগ, যদি ভালদৰে এই শিৱলিংগৰ গঠন লক্ষ্য কৰা যায় তেতিয়া দেখা যায় যে শিৱলিংগ এটি অংশৰ ওপৰত অৱস্থিত যি অংশক যোনি বুলি কোৱা হয় অৰ্থাৎ এটি যোনিৰ মাজত শিৱলিংগ অৱস্থিত। শিৱলিংগ হৈছে শিৱ আৰু শক্তিৰ স্বৰূপ । প্ৰতিটো শিৱলিংগ দুটা ভাগত বিভক্ত হৈ থাকে,এক হৈছে পুৰুষ লিংগ যাক ভগৱান শিৱৰ প্ৰতীক মানা হয় আৰু দ্বিতীয়তে হৈছে যোনি যাৰ অৰ্থ দেৱী অৰ্থাৎ আদি শক্তি মহামায়াৰ প্ৰতীক।
হিন্দু পুৰাণত বৰ্ণনা কৰা কাহিনী অনুসৰি মহাদেৱ শিৱক লিংগৰূপে পূজা কৰাৰ নেপথ্যত আছে এক পৌৰাণিক কাহিনী। বহু কাল আগৰ ঘটনা , সপ্তঋষি সহ আৰু অনেক ঋষিয়ে সন্মিলিত হৈ এবাৰ এখন মহাযজ্ঞৰ আয়োজন কৰিছিল , যজ্ঞ সু -সম্পন্ন হোৱাৰ পিছত যজ্ঞৰ পৰা যি সুফল নিৰ্গত হৈছিল তাক ঋষিসকলে বুজি উঠা নাছিল যে সেই সুফল কোনে পোৱা উচিত, আৰু সেই একে সময়তে দেৱৰ্ষী নাৰদৰ আগমন হৈছিল আৰু কৈছিল যে সেই যজ্ঞৰ সুফলৰ সম্পূৰ্ণ অধিকাৰ ট্ৰিদেৱ ৰ , ট্ৰিদেৱ হৈছে ব্ৰহ্মা – বিষ্ণু – মহেশ্বৰ ; আৰু ট্ৰিদেৱৰ ভিতৰত যিজন বেছি শক্তিশালী তেওঁ সেই ফল প্ৰথম ভোগ কৰিব । কিন্ত ঋষি সকলে সেইটো নাজানিছিল যে ট্ৰিদেৱৰ ভিতৰত কোনজন বেছি শক্তিশালী । তথাপি দেবৰ্ষী নাৰদে সেই ঋষিসকলৰ হাততে দায়িত্ব অৰ্পণ কৰিছিল কোনে সেই ফল ভোগ কৰিব নিৰ্ণয় কৰাৰ বাবে ; উপায়ন্তৰ ঋষিগণে তেতিয়া মহৰ্ষি ভৃগুক দায়িত্ব দিছিল বাছি উলিয়াবৰ বাবে যে কোনজন ট্ৰিদেৱে এই যজ্ঞৰ সুফল প্ৰথমে ভোগ কৰিব ।
তেতিয়া কথা অনুসৰি মহৰ্ষি ভৃগুয়ে প্ৰথমে ব্ৰহ্মালোকে গৈ দেখিলে যে ব্ৰহ্মা আৰু মাতা সৰস্বতী গভীৰ বেদচৰ্চাত মগ্ন আছিল, বহু সময়ৰ পিছতো ব্ৰহ্মা আৰু সৰস্বতীয়ে ভৃগুক লক্ষ্যই কৰা নাছিল তেওঁলোকৰ বেদচর্চাত মনোযোগ ৰ বাবে। সেয়া দেখি মহৰ্ষি ভৃগুৰ প্ৰচণ্ড খং উঠিছিল আৰু ব্ৰহ্মাক অভিশাপ দিছিল যে পৃথিৱীত ব্ৰহ্মাৰ কোনো মন্দিৰ নাথাকিব আৰু ব্ৰহ্মাৰ কোনো পূজা কৰা নহ’ব , আৰু সেয়া তেওঁক কৰা অপমানৰ বাবে । সেই অভিশাপৰ বাবে পৃথিৱীত আজিলৈকে ব্ৰহ্মাৰ কোনো মন্দিৰ দেখিবলৈ পোৱা নাযায়। তাৰ পিছত মহৰ্ষি ভৃগুই সেই স্থান ত্যাগ কৰি ভগৱান শিৱৰ ওচৰলৈ ৰাওনা হৈছিল , কৈলাশত উপস্থিত হৈ মহৰ্ষি ভৃগুৱে দেখিছিল যে ভগৱান শিৱ আৰু দেৱী শক্তি দুয়ো দাম্পত্য জীৱনৰ সুখ উপভোগ কৰি আছিল ; মহৰ্ষি ভৃগুই শিৱৰ অনুমতি অবিহনে উপস্থিত হোৱা বাবে ভগৱান শিৱ অত্যন্ত ৰুষ্ট হৈ পৰিছিল আৰু ভৃগুক প্ৰশ্ন কৰিছিল, ” স্বামী স্ত্ৰীৰ একান্ত সময়ত আপুনি উপস্থিত হোৱাৰ সাহস কত পালে “? ভগৱান শিৱৰ সেই কথা শুনি মহৰ্ষি ভৃগুৰ প্ৰচণ্ড খং উঠিল আৰু শিৱক অভিশাপ দিছিল যে আজিৰ পৰা শিৱমূৰ্তিৰ কোনো পূজা কৰা নহয় বৰং শিৱৰ লিংগক পূজা কৰা হ’ব । আৰু সেই কাৰণে সেই ঘটনাৰ পৰিক্ৰমাত ভগৱান শিৱৰ লিংগ পূজাৰ সূত্ৰপাত হয় আৰু শিৱলিংগক ভগৱান শিৱৰ প্ৰতীক মান্যতা দিয়া হয়।
হনুমান এতিয়াও জীৱিত আৰু ১০ টি ৰহস্যময় কথা ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মৃত্যুৰ পিছত বৈতৰণী পাৰ হওঁতে পাপী আত্মাৰ কি হয় – গৰুড় পুৰাণ !
অৱশেষত মহৰ্ষি ভৃগু বৈকুণ্ঠলৈ গৈ ভগৱান বিষ্ণুৰ ওচৰ পালে আৰু দেখিলে যে ভগৱান বিষ্ণু গভীৰ নিদ্ৰাত শয্যাগত হৈ আছিল , নিদ্ৰাত থকা ভগৱান বিষ্ণুৰ নিদ্ৰা ভংগ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল মহৰ্ষি ভৃগুৱে যদিও অসফল হৈছিল যাৰ ফলত মহৰ্ষি ভৃগু ক্ষুদ্ধ হৈ পৰিছিল আৰু ভগৱান বিষ্ণুৰ বুকুত বাওঁ ভৰিৰে প্ৰচণ্ড গোৰ এটা মাৰিছিল। লগে লগে নিদ্ৰা ভাঙিছিল বিষ্ণুৰ , নিদ্ৰা ভঙাৰ পিছত সকলো কথা বুজি ভগৱান বিষ্ণুই মহৰ্ষি ভৃগুৰ ওচৰত ভৰি চুই ক্ষমা বিচাৰিছিল। ইয়াৰ পিছত মহৰ্ষি ভৃগুৱে ভগৱান বিষ্ণুক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভগৱান হিচাপে বিবেচিত কৰে আৰু যজ্ঞৰ সমস্ত সুফল ভগৱান বিষ্ণুক অৰ্পণ কৰে।
Ghoror bitorot bhogobanor phott/ murty na rakile ki hobo pare? Amar ghorote atao nai. ..