time period of success

ভগৱানৰ এই সংকেত যদি আহে তেন্তে জীৱন মালামাল !

শাস্ত্ৰত উল্লেখিত অনুসৰি এবাৰ নাৰদ মুনিয়ে শ্ৰী ভগৱান শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি সুধিছিল হে প্ৰভু মানুহৰ জীৱনত কেতিয়া ভাল সময় আহিব আৰু কেতিয়া বেয়া সময় আহিব সেয়া কি মানুহে বুজিব পাৰিব ? আৰু যদি পাৰিব তেন্তে কেনেকৈ বুজিব ? তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই হাঁহি মাৰি উত্তৰ দিছিল যে তেওঁ প্ৰত্যেক মানুহকে কিছু সংকেতৰ দ্বাৰা তেওঁৰ ভাল বেয়া সময়ৰ, আহিবলগীয়া ভাল বেয়া পৰিস্থিতিৰ পূর্বাভাষ দি থাকে । আৰু লগে লগে ভগৱান শ্ৰীকৃষ্ণই এটা এটাকৈ সংকেত সমূহৰ কথা নাৰদ মুনিক ব্যক্ত কৰি গৈছিল।

Is your future been already decided by lucktime period of success

তাৰে প্ৰথম শুভ সংকেত হৈছে নিজ গৃহলৈ কোনো অইন লোকৰ শিশুৰ আগমন । নিজৰ গৃহলৈ আন কাৰোবাৰ শিশু আহি যদি তেওঁৰ শিশু সুলভ মনেৰে খেলা ধূলা কৰা দেখিছে, আনন্দ উল্লাস কৰিছে তেন্তে সেয়া সেই গৃহৰ বাবে ভৱিষ্যতৰ শুভসাংবাদ বুলি কোৱা হয়। আমি সকলোৱে জানো যে প্ৰত্যেক শিশুৰ মাজত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ বাস কৰে আৰু নৰেৰ মধ্যে নাৰায়ণ ; সেয়ে নিজ গৃহত অইন শিশুই আনন্দ স্ফূৰ্তি কৰা গৃহৰ বাবে আগন্তুক শুভ সংবাদৰ প্রতীক। ইয়াৰ ফলত আগন্তুক দিন বোৰত সেই গৃহই ভাল বাৰ্তা লাভ কৰাৰ সংকেত বহন কৰে। পৰিয়ালত সুখ শান্তি আৰু অৰ্থ উপাৰ্জনৰ পথ প্ৰশস্ত হোৱাৰ আশা কৰিব পাৰি।

How to win life battletime period of success

দ্বিতীয় সংকেত হৈছে দুভাগ ৰাতি তিনি চাৰি বজাৰ ঘোৰ নিদ্ৰাত যদিহে কোনো দেৱ দেৱীৰ সপোন দেখে তেন্তে সেয়া অত্যন্ত শুভ ; এয়া কোনো মহাজাগতিক শক্তিৰ শুভদৃষ্টি যি অত্যন্ত মংগলজনক কথা ; আৰু যদি সেই সময়ত যদিহে টোপনি ভাগি যায় তেন্তে পুনঃ টোপনি নগৈ ভগৱানৰ আৰধনা , পূজা অৰ্চনা কৰিব পাৰিলে অধিক সুফল প্ৰাপ্তি হয়। এনে সপোন সকলোৱে নাপায়, তেওঁহে পায় যাৰ ওপৰত পৰম ব্ৰহ্মাৰ আশীৰ্বাদ থাকে। এনে সপোন যিয়ে দেখে তেওঁৰ জীৱনলৈ সফলতাৰ পথ প্ৰশস্ত হোৱাৰ শুভমুহূৰ্ত বুলি ভাবিব পাৰে। এই সন্ধিক্ষণ যদি কাৰোবাৰ জীৱনত আহে তেন্তে নিশ্চিত ভাৱে বুজিব লাগিব যে স্বয়ং ভগৱানে নিজৰ হাতেৰে তেওঁক সংসাৰৰ বৈতৰণী পাৰ কৰাবলৈ আহিছে, সফলতা প্ৰদান কৰিব বিচাৰিছে।

greatness of life

তৃতীয়তে ভগৱান কৃষ্ণই নাৰদ মুনিক কৈছিল যদি হঠাতে লোকৰ আয় বাঢ়িছে আৰু অদৰকাৰী খৰছ হ্ৰাস হৈছে সেয়া তেওঁ শুভ সংবাদ হিচাপে গ্ৰহণ কৰা উচিত। অৰ্থাৎ এইটো বুজিব লাগিব যে মানুহৰ বেয়া সময় দূৰ হৈছে আৰু ভাল সময়ৰ প্ৰত্যাৱৰ্তন ঘটিছে। এই সংকেত তেওঁৰ জীৱনত আহে যাৰ গৃহত গৃহ লক্ষ্মী আহি থিতাপি লৈ আশ্রয় গ্ৰহণ কৰে। মা লক্ষ্মী তেনেধৰণৰ গৃহতে বাস কৰিবলৈ পছন্দ কৰে।

benefits of wearing metal bracelet in wrist

চতুৰ্থতে যদিহে কোনো কাৰণ নোহোৱাকৈ মানুহৰ আনন্দ স্ফূৰ্তি লাগে, মানুহৰ মজা কৰিবলৈ মন যায় , মানসিক অৱস্থা খুব স্বতঃস্ফূৰ্ত হৈ আনন্দৰে ভৰি পৰিছে তেন্তে বুজিব লাগিব যে তেওঁৰ ওপৰত কিবা দৈৱিক শক্তিৰ কৃপা দৃষ্টি ভৰিছে। বিশ্লেষণ যদি কৰা যায় প্ৰত্যেক মানুহৰ ভিতৰত যিহেতু স্বয়ং ঈশ্বৰ বসবাস কৰে আৰু যদি কোনো বিশেষ পৰিস্থিতি আৰু বিশেষ পৰিনাম অবিহনে মন এনেই প্ৰফুল্ল হৈ থাকে বা মন সন্তুষ্টিৰে ভৰি থাকে তেন্তে সেয়া ঈশ্বৰৰে কৃপা নহবনে ; আৰু এই সংকেতৰ ওপৰত কোনো শুভ সংকেত কাৰোবাৰ বাবে হ’ব নোৱাৰে।

When to wash the used bed cover ?

পঞ্চমতে যদি কাৰোবাৰ গৃহত মেকুৰীয়ে প্ৰসৱ কৰি সন্তান জন্ম দিয়ে, গৃহত যদি কোনো পশু পক্ষীয়ে বাঁহ লয়, বা অবাধে কোনো গোমাতা ৰ বিচৰণ দেখিছে তেনেহলে সেয়া সেই গৃহৰ বাবে শুভ সংকেত ; আৰু পৰমেশ্বৰে এই মাধ্যমৰ দ্বাৰাই শুভ সংকেত প্ৰেৰণ কৰে যাৰ ফলত গৃহলৈ সুখ শান্তি আহিব, অৰ্থ লাভ হ’ব আৰু ৰোগ নিৰাময়ৰ হৈ পৰে।

Life changing thinking

ষষ্ঠ সংকেত হৈছে , কৰ্মক্ষেত্ৰ অথবা কোনো শুভ কামলৈ যাত্ৰা কৰাৰ সময়ত যদি পথত কোনো সাধু, পূজাৰী বা মহাৰাজ আদিৰ দৰে লোক লগ পাইছে আৰু সেই সাধুসন্তই আশীৰ্বাদ প্ৰদান কৰিছে সেয়া শুভ সংকেত। এনে পৰিঘটনাৰ ফলত কৰ্মক্ষেত্ৰত সফলতা আহে, শুভ কাম যি মনে বিচাৰিছিল সেয়া সিদ্ধি হয়, শাস্ত্ৰ অনুসৰি সেয়া অত্যন্ত শুভ।

পূজা কৰাৰ সময়ত যদি পূজাৰ থালৰ পৰা চন্দন মালা পৰি যায়, পূজা কৰি থকা সময়ত যদি হঠাৎ মনত অনুভৱ আহে যে ভগৱানৰ মূৰ্তিয়ে আপোনাৰ ফালে চাই হাঁহিছে তেন্তে সেয়া অত্যন্ত শুভ বাৰ্তা।

time period of success

নিবিচাৰিলেও সকলো পাব মাত্ৰ ভগৱান কৃষ্ণক এনেদৰে পুঁজিব লাগিব। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক

নিবিচাৰিলেও সকলো পাব মাত্ৰ ভগৱান কৃষ্ণক এনেদৰে পুঁজিব লাগিব।

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী। ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

বেয়া সময় অহাৰ আগতে ভগৱানে দিয়া ৫ টা সংকেত – শ্ৰী কৃষ্ণ বাণী।

নিজৰ গৃহলৈ যদি হঠাতে কোনো অত্যন্ত প্রিয় ব্যক্তিৰ আগমন ঘটে তেনেহলে সেয়াও অত্যন্ত শুভজনক বুলি শাস্ত্ৰত উল্লেখ আছে। যদিহে বহুদিন আগতে হেৰাই যোৱা সোণ ৰূপ আদি মূল্যবান সম্পদ ঘূৰাই পায় , সেয়া অত্যন্ত শুভ সংকেত।

destruction of earth theory and belief

এই সংকেত বোৰৰ ভিতৰত যদি কোনোবাই এটা সংকেত হলেও পাই তেন্তে বুজি লোৱা উচিত যে আগন্তুক দিনত ভগৱানে কিবা শুভ সংবাদ পঠিয়াই দিব বিচাৰিছে তেওঁৰ বাবে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *