এই কথাটো আমি প্ৰায়ে শুনি থাকোঁ যে স্বামী স্ত্ৰীৰ মাজত সাত জনমৰ সম্পৰ্ক থাকে। আমি সকলোৱে দেখিছোঁ যে বিবাহৰ সময়ত কইনা আৰু দৰাই ইজনে সিজনৰ সৈতে অগ্নি দেৱতাক সাক্ষী কৰি সাত পাক ঘুৰে ; আৰু সেই সাত পাকৰ মাজত মন্ত্ৰ উচ্চাৰণৰ মাধ্যমত সাত জন্মৰ প্ৰতিজ্ঞাক দৃঢ়তা দিয়া হয়। বহু সময়ত দেখা যায় যে দৰা আৰু কইনাই এই এই সমস্ত মন্ত্ৰৰ অৰ্থ একপ্ৰকাৰ নুবুজাকৈয়ে বিবাহ বন্ধনত আবদ্ধ হয়। এই সাত পাকৰ সময়ত যিসমূহ মন্ত্ৰ উচ্চাৰণ কৰা হয় সেই প্ৰত্যেক মন্ত্ৰৰ এটি এটি গুৰুত্বপূৰ্ণ অৰ্থ বিৰাজমান থাকে, যি বিবাহৰ পিছৰ জীৱনৰ বাবে খুব গুৰুত্বপূৰ্ণ লগতে স্বামী স্ত্ৰীৰ সাত জনমকো এই মন্ত্ৰ সমূহে যথেষ্ট প্ৰভাৱিত কৰে। এতিয়া কথা হৈছে কি এয়া স্বামী স্ত্ৰীৰ সাত জনমৰ ৰহস্য , বিবাহৰ সময়ত কিয় স্বামী স্ত্ৰী সাত পাক ঘুৰিব লাগে ?
স্বামী স্ত্ৰীৰ মাজত প্ৰেম ভালপোৱা আৰু পূৰ্বজন্মৰ সম্পৰ্কক বুজাবলৈ আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে আমাৰ ভগৱান শিৱ। হিন্দু ধর্ম শাস্ত্ৰ অনুযায়ী ভগৱান শিৱই নিজৰ পত্নীক ইমানেই বেছি ভাল পাইছিল যে তেওঁক এৰি শিৱই এক মুহুৰ্ত থাকিব নোৱাৰিছিল, ঠিক একেদৰে মাতা সতীয়ে নিজৰ স্বামীক ইমান ভাল পাইছিল যে তেওঁ নিজৰ পিতৃৰ এক যজ্ঞত ভগৱান শিৱক কৰা এক অপমান সহ্য কৰিব নোৱাৰি সেয়ে যজ্ঞৰ অগ্নিত নিজকে আহুতি দিছিল। আৰু সেয়াই আছিল সম্পর্কৰ অটুট বন্ধন আৰু ভালপোৱা যাৰ বাবে পৰজন্মত তেওঁলোক পুনঃ মিলিত হয়। আৰু মাতা সতীয়ে পাৰ্বতী ৰূপে পুনৰজনম লৈছিল। অৰ্থাৎ নিজৰ পূৰ্বজনমৰ সম্পৰ্কৰ অটুট ভালপোৱাৰ বাবে তেওঁ ভগৱান শিৱক নিজৰ পতি হিচাপে পুনৰ লাভ কৰিছিল। শিৱ আৰু পাৰ্বতীৰ এই উপাখ্যানৰ পৰা এই বিষয়টি স্পষ্ট যে স্বামী স্ত্ৰীৰ মাজত পূৰ্বজনমৰ সম্পৰ্ক নিশ্চয়কৈ থাকে। সনাতন ধৰ্ম অনুসৰি জন্ম মৃত্যু আৰু বিবাহ এই তিনি বিষয় কেতিয়াও মানুহৰ নিজৰ হাতত নাথাকে, ঈশ্বৰ তথা ভগৱানে নিশ্চিত কৰে কাৰ কত জন্ম, কাৰ কাৰ লগত বিবাহ আৰু কাৰ কেতিয়া মৃত্যু হ’ব ।
আৰু বিবাহ হৈছে সেই পবিত্ৰ বন্ধন যত অগ্নি দেৱতাক সাক্ষী ৰাখি সাত পাকৰ বন্ধনত দুটি মানুহ নিজৰ সমস্ত জীৱনকাল সুখে দুখে একেলগে জীৱন জীবলৈ অংগীকাৰ কৰে। বিবাহ মানে মাত্ৰ দুজন মানুহৰ মিলন নহয়, দুটি আত্মাৰো মিলন , বিবাহৰ পিছত শাৰীৰিক সম্পৰ্কৰ তুলনাত আত্মিক সম্পৰ্কক অধিক প্ৰাধান্য দিয়া হয় আৰু সেইবাবেই বিবাহৰ গুৰুত্ব আৰু মহত্ব অধিক। শাস্ত্ৰত উল্লেখিত আঠ প্ৰকাৰ বিবাহৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিবাহ হৈছে ব্রাহ্ম বিবাহ। পৰিয়ালৰ পূৰ্ণ সন্মতি অনুসৰি দৰা আৰু কইনাৰ পাৰস্পৰিক সহমত অনুসৰি ধৰ্মীয় আচাৰ অনুষ্ঠানৰ মাধ্যমত দৰা আৰু কইনাক সুসজ্জিত কৰি যি বিবাহ সম্পন্ন কৰা হয় তাকে ব্রাহ্ম বিবাহ কোৱা হয়। ব্রাহ্ম ৰীতি অনুসৰি ভিন্ন আচাৰ, ৰীতি নীতি আৰু ধৰ্মীয় মন্ত্ৰ উচ্চাৰণৰ মাধ্যমত যি বিবাহ সম্পন্ন হয় তাতে দৰা আৰু কইনাৰ অৱচেতন মনত গভীৰ প্ৰভাৱ পৰে আৰু সেয়া জন্ম জন্মান্তৰে স্থায়ী হৈ ৰয়। আচাৰ অনুষ্ঠানৰ মাধ্যমৰ বিবাহত প্ৰেম, বিশ্বাস, সমৰ্পণ , সন্মান, সম্পৰ্কৰ দৃঢ়তাক গুৰুত্ব দিয়া হয়।
যেতিয়া স্বামী আৰু স্ত্ৰী বিবাহৰ সময়ত অগ্নিক সাক্ষী কৰি সাত পাক ঘুৰে তেতিয়া স্বামী স্ত্ৰীয়ে প্ৰত্যেক পাকতে ইজনে সিজনৰ প্ৰতি এটা এটা প্ৰতিজ্ঞা গ্ৰহণ কৰে । পবিত্ৰ অগ্নিৰ সন্মুখত খোজ দি সেই প্ৰথম প্ৰতিজ্ঞাত দৰাই কইনাক কথা দিয়ে যে বিবাহৰ দিনৰ পৰা কইনাৰ ভৰণ পোষণৰ দায়িত্ব তেওঁৰ নিজৰ, অগ্নি আৰু অন্যান্য দেৱ দেৱীৰ আশীৰ্বাদত যাতে কোনোদিনে নবদম্পত্তিৰ অন্ন বস্ত্ৰৰ অভাৱ নহয় সেই দায়িত্ব স্বীকাৰ কৰে দৰাই। বিপৰীতে কইনাই প্ৰতিজ্ঞা কৰে যে সংসাৰৰ সুখৰ বাবে সৰু সৰু বিষয়ো তেওঁ নজৰ দিব।
দ্বিতীয় পাক ঘূৰাৰ সময়ত কইনা আৰু দৰাই ইজনে সিজনক প্ৰতিজ্ঞা কৰে যে তেওঁলোকে জীৱনৰ সমস্ত উত্থান পতনত ইজনে সিজনৰ সৈতে থাকিব। দৰাই কইনাক কয় যদি কেতিয়াবা বিপদ আহে তেতিয়া তেওঁ তেওঁৰ স্ত্ৰী আৰু সন্তানক ৰক্ষা কৰিব, আৰু তাৰ উত্তৰত কইনাই দৰাক কথা দিয়ে যে সকলো সময়তে তেওঁ তেওঁৰ স্বামীক সাহস , শক্তি আৰু প্ৰেৰণা যোগাব।
তৃতীয় পাকত দৰা কইনা ইজনে সিজনৰ পাৰ্থিৱ সুখৰ প্ৰতি সদায় সচেতন হৈ ৰ’ব বুলি প্ৰতিজ্ঞা কৰে।লগতে আধাত্মিক পথৰে ইজনে সিজনৰ সৈতে খোজ দিব বুলিও কথা দিয়ে।
চতুৰ্থ পাক ঘূৰাৰ সময়ত দৰাই কইনাক কথা দিয়ে যে তেওঁ সদায় নিজৰ স্ত্ৰীৰ মান সন্মান ৰক্ষা কৰিব। আৰু বিপৰীতে কইনাই স্পষ্ট কৰে যে তেওঁ সকলো সময়তে নিজৰ স্বামীক মৰম ভালপোৱা আৰু সন্মান প্ৰদান কৰিব।
পঞ্চম পাক ঘূৰাৰ সময়ত দৰা কইনাই একেলগে দেৱ দেৱীৰ সৈতে প্ৰাৰ্থনা কৰে যাতে তেওঁলোকৰ সংসাৰ আনন্দৰ আৰু সুখৰ হৈ পৰে, নিজৰ সন্তান যাতে সুস্থ থাকে। দৰা কইনাই ইজনে সিজনৰ আটাইতকৈ ওচৰৰ বন্ধু হৈ পৰাৰ অংগীকাৰ কৰে।
ষষ্ঠ পাক ঘূৰাৰ সময়তো দৰা কইনাই গোটেই জীৱন ইজনে সিজনৰ সৈতে কটাব বুলি পুনঃ প্ৰতিজ্ঞা কৰে । এই সাত পাকৰ শেষ পাক ঘূৰাৰ আগতে দৰাই কয়, ” এতিয়াৰ পৰা আমি স্বামী স্ত্ৰী হলোঁ, এতিয়াৰ পৰা আমি এক হৈ পৰিলোঁ” । আৰু কইনাই সেই কথাত সহমত পোষণ কৰে।
স্বামী স্ত্ৰীৰ মাজত এই সাত প্ৰতিজ্ঞাৰ ফলত দাম্পত্য জীৱন সুখৰ হোৱাৰ উপৰিও তেওঁলোকৰ মাজৰ প্ৰেম ভালপোৱা জন্ম জন্মান্তৰে স্থায়ী হৈ পৰে।
নিজৰ স্ত্ৰীক মাৰপিত কৰিলে কি হয় ? – গৰুড় পুৰাণ অমৃত বাণী ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
সেইকাৰণে হয়তো দেখা যায় যে কোনো পুৰুষ বা মহিলাই কাৰোবাক প্ৰথম বাৰ দেখিয়ে ভাল পাই পেলাই , আকৰ্ষিত হৈ পৰে আৰু কাৰোবাৰ প্ৰতি প্ৰথম দেখাতে ঘৃণা ওপজে ; ইয়াৰ অৰ্থ শাস্ত্ৰত কোৱা হৈছে যে মানুহৰ চিত্ত অৰ্থাৎ জীবাত্মাৰ অভ্যন্তৰত একাধিক পূৰ্বজন্মৰ স্থিতি সঞ্চিত হৈ থাকে। কিন্তু মানুহে নিজে সেই স্থিতি বুজিবলৈ সক্ষম নহয় ; এই স্থিতি সমূহে বৰ্তমান জনমত পূৰ্ব জন্মৰ কিছুমান স্থিতি অস্পষ্ট ভাৱে বৰ্ণনা কৰে। কেতিয়াবা এনে হয় যে মানুহে কিছুমান ঠাইত প্ৰথম বাৰৰ বাবে গলেও সেই ঠাই বহুদিনৰ চিনাকি চিনাকি লাগে , আৰু কেতিয়াবা এনে হয় কোনোদিনে নেদেখা মানুহ এজন হঠাৎ দেখাৰ লগে লগে এনে লাগে যেন মানুহজন বহুদিনৰ চিনাকি চিনাকি যেন লাগে , নিজৰ কোনো আপোন মানুহ যেন লাগে। কেতিয়াবা এনেও হয় যে প্ৰথম দেখাতে এজন মানুহৰ সৈতে এনে সম্পৰ্ক সৃষ্টি হয় আৰু হঠাৎ মনতে ভাবি লয় যে তেওঁ তেওঁৰ সৈতে গোটেই জীৱন কটাব । কেতিয়াবা এনেও হয় বা আমি সমাজত দেখোঁ যে দুটি পৃথক সম্প্ৰদায়ৰ মানুহৰ মাজত গভীৰ প্ৰেমৰ পিছত বিবাহ সম্পন্ন হৈ যায় , সেই সম্পৰ্ক সফলো হয়, এয়া আচলতে পূৰ্বজনমৰ স্থিতিৰ ফলতে সম্ভৱ হয়। সেয়ে দাম্পত্য সম্পৰ্ক মজবুত কৰাৰ বাবে বিবাহ কালত যি পাৰস্পৰিক অংগীকাৰ স্বীকাৰ কৰা হয় তাক নিষ্ঠা সহকাৰে পালন কৰা সম্পূৰ্ণ দায়িত্বশীল হোৱা উচিত উভয় দম্পত্তিৰ বাবে ।