শাস্ত্ৰত কোৱা হৈছে যে যি গৃহত নাৰীৰ মৰ্য্যদা থাকে, নাৰীয়ে সন্মান থাকে সেই গৃহত দেৱী দেৱতা বাস কৰে। কিন্তু এই কলিযুগৰ মানুহ যিমানে ধৰ্ম আৰু শাস্ত্ৰৰ পৰা দূৰৈত গৈছে, সিমানে মানুহে নাৰী আৰু স্ত্ৰীক সন্মান দিবলৈ পাহৰি গৈছে ; আজিকালি কিছুমান লোকে লোকৰ স্ত্ৰী বেলেগে কথা নিজৰ স্ত্ৰীকো সন্মান দিবলৈ পাহৰি গৈছে । আৰু কিছুমান লোক আছে যিসকলে কথাই কথাই নিজৰ স্ত্ৰীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই, নিজৰ স্ত্ৰীক প্ৰতাৰিত কৰে আৰু লজ্জাৰ বিষয় এইটো যে এনে বহু নাৰী আছে যিসকল শিক্ষিত হোৱাৰ পিছতো নিজৰ পুৰুষৰ নিৰ্যাতন সহিব লাগে । আৰু কিছুমান নাৰীয়ে সেই অত্যাচাৰ সহিব নোৱাৰি প্ৰতিবাদ কৰে, আইন আদালতৰ দাৰস্থ হয় ।
এই ক্ষেত্ৰত , এই বিষয় সন্দৰ্ভত গৰুড় পুৰাণত উল্লেখ আছে যে কলিযুগত স্বামীয়ে স্ত্ৰীক নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিব, তেওঁলোকে একাধিক নাৰীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিব, আৰু সেয়া কৰিবলৈ যাওঁতে তেওঁ নিজৰ দোষ বুলি কেতিয়াও নাভাবিব, বিপৰীতে তেওঁলোকে বিচাৰিব যে তেওঁৰ স্ত্ৰী সতী সাৱিত্ৰী হৈ থাকক । কলিযুগত পুৰুষে নিজৰ ঘৰৰ বাহিৰত নাৰী আৰু পুৰুষ সমান সমান বুলি বক্তৃতা দি ফুৰিব কিন্তু যদি নিজ গৃহত নিজৰ স্ত্ৰীয়ে সম অধিকাৰ আৰু সম মৰ্যাদা বিচাৰিব তেতিয়া তেওঁ সেই স্ত্ৰীক মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰিব। জ্ঞানীতকৈ জ্ঞানী পুৰুষেও নিজৰ স্ত্ৰীক নিৰ্যাতন কৰিবলৈ কুণ্ঠাবোধ নকৰিব, নিজৰ স্ত্ৰীয়ে অইন পুৰুষৰ সৈতে কথা পাতিলে সন্দেহৰ চকুৰে চাব । কলিযুগত এনে পুৰুষৰ আবিৰ্ভাৱ হ’ব যিয়ে নিজৰ স্ত্ৰীক হত্যা কৰি পেলাবলৈ কুণ্ঠাবোধ নকৰিব, আনকি লোকৰ স্ত্ৰীক ধৰ্ষণ কৰি হত্যা কৰিবলৈ দ্বিধাবোধ নকৰিব। এইসমূহ কুকৰ্ম কৰাৰ বাবে কেতিয়াও একো ভ্ৰূক্ষেপ নকৰিব ; এবাৰো চিন্তা নকৰিব যে তেওঁ মৃত্যুৰ পিছত এই পাপৰ ফলত কিমান যন্ত্ৰণা ভুগিব লাগিব।
গৰুড় পুৰাণত আৰু উল্লেখ আছে যে যি পুৰুষে হিংসা, ক্ৰোধ আৰু অহংকাৰৰ কাৰণে নিজৰ স্ত্ৰীক ত্যাগ কৰে, যি পুৰুষে সন্তান প্ৰাপ্তি নোহোৱাৰ বাবে স্ত্ৰীক ত্যাগ কৰে, তেনে পুৰুষৰ নৰক প্ৰাপ্তি হোৱাৰ লগতে একাধিক বাৰ চৰাই হৈ পুনঃ জনম লাভ কৰে। যি পুৰুষে নিজৰ স্ত্ৰীক ৰূপ সৌন্দৰ্য কমি যোৱা আৰু অৰ্থ নোহোৱাৰ বাবে ত্যাগ কৰে তেনে পাপী পুৰুষৰ তামিশ্য নামৰ নৰকত স্থান প্ৰাপ্তি হয় মৃত্যুৰ পিছত, যত তেওঁক ওলোটাকৈ বান্ধি চাবুকেৰে গোটেই পৰকাল কোবাই থকা হয়। যি স্বামীয়ে নিজৰ স্ত্ৰীৰ কৰ্তব্য পালন নকৰে সেই পুৰুষ অশীতপাত্ৰ নৰকৰ আলহী হয় যত চুৰীৰে আঘাত কৰি অশীতপাত্ৰ নামৰ চাবুকৰে পাপীক তেতিয়ালৈ আঘাত কৰা হয় যেতিয়ালৈকে তেওঁ বেহুচ হৈ নপৰে ।
লগতে কোৱা হৈছে যে যি স্বামীয়ে নিজৰ স্ত্ৰীক প্ৰতাৰণা কৰি অইনৰ সৈতে যৌনতাৰ সম্পৰ্ক কৰে সেই পুৰুষ নৰকলৈ গমন কৰে, যত সেই পুৰুষৰ লিংগৰ ভিতৰত লোহাৰ ৰদ সোমাই দিয়া হয় । যি পুৰুষে কোনো নাৰীক বিয়াৰ প্ৰতিশ্ৰুতি দি , প্ৰলোভন দি সেই নাৰীৰ সৈতে সহবাস কৰে আৰু পিছত বিবাহ নকৰে তেনে পুৰুষক মৃত্যুৰ পিছত জীৱজন্তুৰ সৈতে তুলনা কৰা হয় আৰু সেই পুৰুষক মৃত্যুৰ পিছত মলমূত্ৰ পৰিপূৰ্ণ এটি কুৱাত পেলাই দিয়া হয় । যি পুৰুষে নিজৰ স্ত্ৰীক কথা কথাই অপমান কৰে সেই পুৰুষ নৰকলৈ যায় আৰু তেওঁলোকক উত্তপ্ত গৰম পানীৰ ওপৰেদি দৌৰিবলৈ দিয়া হয় , তেওঁৰ সৈতেও একে ব্যৱহাৰে কৰা হয় যেনে ব্যৱহাৰ তেওঁ জীৱিত কালত নিজৰ স্ত্ৰীৰ সৈতে কৰিছিল।
এনে স্ত্ৰী থকাতকৈ নাথাকিলেই শ্ৰেয় ! – আচাৰ্য চাণক্য। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
যি পুৰুষে নিজৰ স্ত্ৰীৰ সৈতে ব্যভিচাৰ কৰে, প্ৰকৃতি বিৰুদ্ধ সহবাস কৰে তেনে পুৰুষ মৃত্যুৰ পিছত নৰকত গলে তেওঁৰ লিংগ শ্বেদ কৰা হয়, আনকি শ্বেদ কৰা ঠাইত গৰম লোহা লগাই দিয়া হয় লগতে যি পুৰুষে সহবাসৰ সময়ত জীৱ জন্তুৰ দৰে আচৰণ কৰে মৃত্যুৰ পিছত তেওঁক মল মূত্ৰ, বীৰ্য, ৰক্ত , পোক পৰুৱা আদি একেলগে জমা হৈ থকা ঠাইত এৰি দিয়া হয়। যি পুৰুষে নিজৰ অথবা লোকৰ স্ত্ৰীক সহবাস কৰাৰ বাবে অত্যাচাৰ কৰে তেওঁক বীৰ্য পূৰ্ণ পুখুৰীত পেলাই দিয়া হয় যত তেওঁ ভোক পিয়াহ দূৰ কৰিবলৈ বীৰ্য পান কৰিবলৈ বাধ্য হয়। ইয়াৰ উপৰিও খোৱা খাদ্যত বিষ দি যি পুৰুষে নিজৰ স্ত্ৰীক হত্যা কৰে সেই পুৰুষক মৃত্যুৰ পিছত একাধিক হিংস্ৰ কুকুৰৰ মাজত এৰি দিয়া হয় ; যি পুৰুষে স্ত্ৰীৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই সেই পুৰুষক মৃত্যুৰ পিছত তেজৰ নদীত পেলাই দিয়া হয় । গৰুড় পুৰাণত আৰু কোৱা হৈছে যি পুৰুষে স্ত্ৰীক মাৰপিত কৰে, নিৰ্যাতন কৰে সেই পুৰুষ জন্মজন্মান্তৰে নৰকত বিভিন্ন ভয়ানক শাস্তিৰ সন্মুখীন হ’বলৈ হয় যাৰ কোনো শেষ নাই।
POPULAR ASSAMESE VIDEO