in which home baby child born

কোন ঘৰত ঈশ্বৰে কন্যা সন্তান জন্ম দিয়ে – শ্ৰীকৃষ্ণ বাণী।

  আজি একবিংশ শতিকা অগ্ৰগামী হলেও আমি এনে এখন সমাজত বসবাস কৰো যত আজিও কিছু লোকৰ ঘৰত কন্যা সন্তান জন্ম হলে দুখৰ ছাঁ পৰে । আমি এনে সমাজত বাস কৰো যি আজিও পুৰুষ প্ৰধান। সেয়া হোৱাৰ কাৰণ বেলেগ একো নহয়, একমাত্ৰ কাৰণ হৈছে মানুহৰ অজ্ঞানতা, যাৰ ফলত সমাজৰ কিছু মানুহে ছোৱালীক বোজা বুলি জ্ঞান কৰে। কিন্তু আপুনি জানি আচৰিত হ’ব যে ছোৱালীৰ জন্ম কেতিয়াওঁ যিকোনো মানুহৰ গৃহত নহয় ; বৰং তেওঁৰ গৃহতে ছোৱালীৰ জন্ম হয় যি অত্যন্ত ভাগ্যশালী হয় , তেওঁৰ গৃহত জন্ম হয় যিয়ে পূৰ্বজন্মত অত্যন্ত পূণ্য কৰিছে ।

in which home baby child born
এবাৰ ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, ” কি কৰ্মৰ ফলত এখন গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয় “? তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰই উত্তৰ দিছিল, ” যদি কোনো পৰিয়ালত ভাগ্যৰ ফলত পুত্ৰ সন্তান প্ৰাপ্তি হ’ব পাৰে তেন্তে সৌভাগ্যৰ ফলতহে কোনো গৃহত কন্যা সন্তানৰ প্ৰাপ্তি হয় ; যি সমস্ত পুৰুষ আৰু নাৰী পূৰ্বজন্মত অধিক পূণ্য সঞ্চিত কৰে তেওঁলোকেহে কন্যা সন্তানৰ মা পিতা হোৱাৰ সৌভাগ্য প্ৰাপ্তি কৰে, কন্যা সন্তান সেই গৃহতে জন্ম হয় যি গৃহই কন্যাৰ ভাৰ সন্তুলিত কৰি ৰাখিব পাৰে “। লগতে তেওঁ কৈছিল, ” হে অৰ্জুন যিদিনা সৃষ্টিত কন্যা সন্তান জন্ম বন্ধ হ’ব সিদিনা সৃষ্টি ধৰাসায়ী হ’ব আৰু লাহে লাহে সৃষ্টি নিস্তব্ধ হৈ যাব”।

in which home baby child born

আমি যদি ভগৱান শ্ৰীকৃষ্ণৰ এই কথাক গুৰুত্ব প্ৰদান কৰি বিশ্লেষণ কৰো তেন্তে এই কথাই সচাঁ যে কন্যা যদি নাথাকে তেনেহলে কাৰো বংশ বিস্তাৰ নহ’ব। যি গৃহত কন্যা সন্তান থাকে সেই গৃহ স্বৰ্গৰ সমান, কাৰণ পুত্ৰই কেৱল এক কূলৰ মুখ উজ্জ্বল কৰে বিপৰীতে কন্যাই দুই কূল ৰক্ষা কৰাত ভূমিকা পালন কৰে ; এক মা দেউতাৰ গৃহ আৰু দ্বিতীয় হৈছে শহুৰৰ গৃহ। আৰু কোৱা হৈছে যি গৃহত একাধিক কন্যা সন্তানৰ জন্ম হৈছে সেই গৃহ আৰু অধিক ভাগ্যশালী মান্যতা দিয়া হয়। শাস্ত্ৰত কন্যাক লক্ষ্মীৰ সম বুলি কোৱা হয়।

বহুতে ভাৱে যে ছোৱালী সন্তানে বেছি পঢ়া শুনা কৰি কি হ’ব, তাতোকৈ সোনকালে বিবাহ দিয়া ভাল ; যি এক সম্পূৰ্ণ মিছা আৰু ভ্ৰান্ত ধাৰণা। এবাৰ চিন্তা কৰক এজন মানুহৰ মনত কিমান আশা থাকে যে তেওঁ এইটো কৰিব, সেইটো কৰিব, ডাঙৰ হৈ কি হ’ব আদি ইত্যাদি কিন্তু সেইজন মানুহ যদি কন্যা হয় তেতিয়া বহুজনে সপোনবোৰ পূৰণ কৰাৰ সুবিধাকে নাপায় ; সেয়ে প্ৰত্যেক মা দেউতাই কন্যাৰ সপোনৰ লগত ধেমালি কৰা পাপ বুলি ভবা উচিত।

Parenting tips

এজন পুত্ৰতকৈ এজনী কন্যা সন্তানে নিজৰ মা দেউতাৰ কথা অলপ হলেও বেছিকৈ ভাবে, চিন্তা কৰে ; সেয়ে কন্যা সন্তানৰ জন্ম হলে সেই গৃহই কন্যা জন্মৰ দিনতো এক উৎসৱ হিচাপে পালন কৰা উচিত। কিয়নো এজনী কন্যা কেতিয়াও নিজৰ দেউতাৰ বোজা নহয়, দেউতাৰ সৌভাগ্যহে।

এবাৰ দুজন বন্ধু বহুদিন পিছত দেখাদেখি হয় আৰু এজন বন্ধুৱে আনজন সুধিলে, “বন্ধু কেনে আছা”? উত্তৰত বন্ধুৱে কলে, ” মোৰ বহুত ভাল, কিয়নো মোৰ সৌভাগ্য ক্ৰমে দুজনী কন্যা সন্তান আছে আৰু লগতে তেওঁ বন্ধুজনকো সুধিলে, তোমাৰ সন্তান কেইজন ” ? বন্ধুৱে উত্তৰ দিছিল, ” মই ধন্য মোৰ কোনো কন্যা সন্তান নাই”। তেতিয়া আনজন বন্ধুৰ চকুত চকুপানী ওলাই আহিছিল। সেই সময়ত তেওঁৰ সৈতে থকা তেওঁৰ কন্যা গৰাকীয়ে দেউতাৰ বন্ধুক কৈছিল,” খুড়া, ভগৱানে সদায় ভাগ্যবানৰ গৃহতহে কন্যা সন্তানৰ জন্ম দিয়ে, কেতিয়াও ভিক্ষাৰী ৰূপী মানুহৰ গৃহত নহয় “। ভগৱানে সেই গৃহত কন্যা সন্তানৰ জন্ম দিয়ে যাৰ সেই সন্তানক ভৰণ পোষণ কৰাৰ শক্তি থাকে ; যিয়ে দুখীয়া হৈয়ো কন্যা সন্তানক লালন পালন কৰিব পাৰে।

Good parenting tips

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব !

এবাৰ স্বামী বিবেকানন্দই মাতা বিষ্ণু দেৱী মন্দিৰৰ ফালে গৈ আছিল আৰু তেওঁৰ ওচৰৰে এজন ৰোগীয়া কৃষকে তেওঁৰ কন্যাক কান্ধত লৈ মন্দিৰৰ ফালে গৈ থকা প্ৰত্যক্ষ কৰি কৃষক জনক কৈছিল , ” হেৰ’ , তোমাৰ কান্ধত থকা ছোৱালীৰ বোজা হয়তো তোমাৰ বাবে বৰ ভাৰী হৈছে, দিয়া মই তোমাৰ ছোৱালীক কান্ধত লৈ যাম”। তেতিয়া সেই ৰোগীয়া কৃষকে স্বামীক উত্তৰ দিছিল, ” কন্যা কেতিয়াও দেউতাৰ কান্ধৰ বোজা নহয়, কন্যা যদি দেউতাৰ কান্ধত থাকে তেতিয়া দেউতাৰ দেহৰ বোজা কমহে হয়”।

POPULAR ASSAMESE VIDEO

Share it with:

1 Comment

  1. Hundred percent right and true,no doubt about it.one who has a girl he is so lucky that is gift of god.

Leave a Reply

Your email address will not be published. Required fields are marked *