Love psychology

ল’ৰাৰ এই কৌশল সমূহ ছোৱালীয়ে ঢুকি নাপায় – Love psychology !

  যেতিয়া কোনো মহিলা বা ছোৱালীয়ে কোনো এজন পুৰুষক লাইক কৰে আৰু সেই সময়ত যদি তেওঁ কোনো নহয় কোনো দিশেৰে অনুমান কৰিব পাৰিছে যে সেই পুৰুষজনেও তেওঁক কোনো নহয় কোনো ভাবে পছন্দ কৰিছে ; তেতিয়া মহিলা গৰাকীৰ মনত এনে ভাব আহে যে তেওঁ সেই যুৱক বা পুৰুষ জনৰ ওচৰলৈ গৈ চিধাচিধিকৈ সকলো কথা কৈ পেলাব, কিন্তু বাস্তৱত সেইটো সম্ভৱ হৈ নুঠে । কাৰণ এটি সম্পৰ্ক আৰম্ভণি কৰাৰ আগতে উভয় পক্ষ খুব সচেতন হৈ থাকে ইজনে আনজনৰ সকলো ধৰণৰ আচৰণ আৰু কৰ্মবিধিত ; লগতে এইটোও নজৰ দিয়ে যাতে সম্পৰ্ক আৰম্ভণিৰ আগতে মৰহি নাযায়। লগতে এটি সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত কিছু psychological factor অৱশ্যে জড়িত হৈ ঠাকে । আৰু আজি তেনে কিছু psychological কথাৰ বিষয়ে আলোচনা কৰা হৈছে যাৰ পৰা আপুনি জানিব পাৰিব যে এজন পুৰুষে যেতিয়া এজনী মহিলাক লাইক কৰে তেতিয়া তেওঁ কেনেদৰে মহিলা গৰাকীৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ! সেই সমূহ হৈছে –

Story of a broken mirror

১) He becomes possessive :- পুৰুষ আৰু মহিলা উভয়ে সদায় possessive হৈ থাকে কিন্তু পুৰুষৰ ক্ষেত্ৰত এই possessiveness কিছু ৰহস্যজনক আৰু পৃথক ; এই possessiveness তেতিয়াও থাকে যেতিয়া তেওঁৰ প্ৰতি এজনী মহিলা আকৰ্ষিত হয় আৰু যদি সেই মহিলা ইতিমধ্যে কাৰোবাৰ সৈতে সংস্পৰ্শত আছে । অৰ্থাৎ এজন পুৰুষে যিসমূহ বস্তু বা বিষয় নিজৰ কৰি লব খোজে তেওঁ সেই বিষয়বস্তু অইন কাৰোবাৰ হোৱাটো নিবিচাৰে ; আনৰ সৈতে ভাগৱতৰা কৰিব নোখোজে কাৰণ এজন পুৰুষে পাৰ্থিৱ বস্তু possess কৰি ৰখাৰ ক্ষমতা ৰাখে আৰু আনহাতেদি মহিলাই নিজৰ সম্পৰ্কক বেছি গুৰুত্ব প্ৰদান কৰে। সেয়ে এইটো বুজিব লাগিব যে যি পুৰুষে কোনো মহিলাক গোপনে লাইক কৰিব তেওঁৰ সৈতে possessiveness ৰ লক্ষণ বেছি থাকিব।

২) Depth in voice :- যি পুৰুষৰ কণ্ঠৰ গভীৰতা থাকে সেই পুৰুষৰ গাত উচ্চ টেষ্ট’ষ্টেৰণ হ’ৰমন মাত্ৰা প্ৰবাহমান । যেতিয়া এজন পুৰুষৰ ওচৰলৈ এজনী মহিলাৰ আগমন ঘটে আৰু সেই সময়ত পুৰুষজনৰ কন্ঠস্বৰৰ গভীৰতা আৰু বৃদ্ধি হয় তেতিয়াই বুজিব লাগিব যে সেই পুৰুষজনে সেই মহিলাৰ মনোযোগ লাভ কৰাৰ চেষ্টা কৰিছে। কাৰণ মহিলা সদায় গভীৰ কণ্ঠস্বৰৰ প্ৰতি বেছি আকৰ্ষিত হৈ থাকে আৰু তেনে লোকৰ প্ৰতি মনোযোগী হ’বলৈ বাধ্য হয়।

Lucky girl characters

৩) Casual physical contact :- ইয়াতে কোনো শাৰীৰিক সম্পৰ্ক বা শাৰীৰিক স্পৰ্শৰ কথা কোৱা হোৱা নাই ; মাত্ৰ casually চুলিৰ ওপৰত হাত ৰখা, হাতত ধৰা, ধেমালিতে গালত স্পৰ্শ কৰা আদি কাৰ্য্য যদি এজন পুৰুষে এজনী মহিলাৰ সৈতে সঘনাই কৰা প্ৰত্যক্ষ কৰিছে তেন্তে জানিব যে সেই মহিলাৰ প্ৰতি পুৰুষজন আকৰ্ষিত।

relationship tips

৪) Excuses to talk more and stay longer :- এই কথা সন্মুখসমৰ বা টেলিফোনৰ বাৰ্তাটো হ’ব পাৰে ; যদি এজনী মহিলাই এজন পুৰুষৰ সৈতে কথা পাতি থাকোতে এইটো লক্ষ্য কৰিছে যে সেই পুৰুষে তেওঁৰ সৈতে দীঘলীয়াকৈ কথা বতৰা কোৱাৰ বাবে excuse বিচাৰি থাকে তেনেহলে বুজিব লাগিব যে সেই পুৰুষ সেই মহিলাৰ প্ৰতি যথেষ্ট আকৰ্ষিত।

tips to build good relationship among family

৫) He makes you feel protected and cares for :- আধুনিক সমাজ মহিলাৰ বাবে আগৰ সময়তকৈ বেছি সুৰক্ষিত । এজন পুৰুষ যাৰ শৰীৰ আৰু চৰিত্ৰ শক্তিশালী সেইজন পুৰুষ মহিলাৰ বিপদৰ সময়ত বীমা ( insurance ) ৰ দৰে হৈ থাকে। লাগিলে যিয়ে নহওঁক , কোনোবাই বন্দুক লৈয়ে সোমায় আহক তেনে পুৰুষে মহিলাৰ সুৰক্ষাৰ বাবে আগবাঢ়ি যাব ; যদিহে কোনো মহিলা ভাঙি পৰে তেতিয়াও তেওঁ সেই মহিলাক পুনৰুজ্জীৱিত কৰিবলৈ প্ৰয়াস কৰে। আৰু এইকাৰণে এজন পুৰুষে যদি কোনো মহিলাক লাইক কৰে তেতিয়া তেওঁ নিজৰ body language, নিজৰ action আৰু নিজৰ কথাৰে এইটো স্পষ্ট কৰি দিয়ে । এইটো matter নকৰে যে এজনী মহিলা নিজকে কিমান শক্তিশালী আৰু স্বাধীন, কিন্তু প্ৰত্যেক মহিলাই এজন নিজতকৈ শক্তিশালী পুৰুষৰ ওপৰত নিৰ্ভৰশীল হৈ থকাৰ লগতে আকৰ্ষিত হৈ ৰয়।

expectations of wife from husband

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব !

৬) Makes a lot of eye contact :- Eye contact ধৰি ৰাখিব পৰা প্ৰৱণতাই এজন মানুহক আত্মবিশ্বাসী কৰি তোলে আৰু দুজন মানুহৰ মাজত trust আৰু interest জগাই। একেদৰে আমি যি বস্তু বা পদাৰ্থক পছন্দ কৰোঁ সেই বস্তুৰ সৈতে বেছি সময় কটাব বিচাৰোঁ, যাতে আমি তাক বেছি সময় চাব পাৰো আৰু তাৰ সৌন্দৰ্য্যক appreciate কৰিব পাৰো আৰু এই ঘটনাৰ তেতিয়াও পুনৰাবৃত্তি হয় যেতিয়া এজন মানুহে কাৰোবাক লাইক কৰে । সেয়ে যেতিয়া কোনো পুৰুষে দীঘলীয়া সময়ৰ বাবে কোনো মহিলাৰ সৈতে দীঘলীয়া eye contact ধৰি ৰাখিব পাৰে তেতিয়া এইটো স্পষ্ট হৈ পৰে যে সেই পুৰুষে সেই নাৰীক লাইক কৰে।

পুৰুষৰ বিষয়ে জনোৱা এই psychological কথাবোৰ কেনে পালে comment কৰি অৱশ্যেই জনাব।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *