পিতৃ মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্ক আৰু দায়িত্বৰ মাজত যথেষ্ট পাৰ্থক্য থাকে ।
পিতৃ মাতৃয়ে সন্তানৰ যত্ন লব লাগিব আৰু আনহাতে সন্তানে মা দেউতাৰ নিয়ম সমূহ পালন কৰিব লাগিব। কিন্তু বহু ক্ষেত্ৰত পিতৃ মাতৃৰ এই দায়িত্ব সমূহ সম্পূৰ্ণ বিপৰীত হৈ যায় ; আৰু সেয়ে পিতৃ মাতৃৰ অভিভাৱকত্বক দুই ভাগত ভগোৱা হয় – যন্ত্ৰগত ( instrumental) আৰু আবেগগত ( emotional ) অভিভাৱকত্ব। যন্ত্ৰগত মা দেউতাই সন্তানৰ ওপৰত সন্তানৰ বয়সৰ তুলনাত বহু বেছি দায়িত্ব অৰ্পণ কৰে যেনে ধৰক ঘৰৰ বস্তু বাহিনী চাফা কৰা, ঘৰৰ সৰু সুৰা সামগ্ৰীৰ কিনা বেচাৰ দায়িত্ব, ৰন্ধা বঢ়া কৰা, বিল পৰিশোধ কৰা ইত্যাদি। ইফালে আবেগিক অভিভাৱক সকল হয় যান্ত্ৰিক অভিভাৱকৰ সম্পূৰ্ণ বিপৰীত।
ইয়াৰ উপৰিও মানসিক অভিভাৱকত্ব হিচাপে এক শ্ৰেণীৰ অভিভাৱকক অভিহিত কৰা হৈছে। যি অভিভাৱক নিজৰ মানসিক সমৰ্থনৰ বাবে সন্তানৰ ওপৰত বেছি নিৰ্ভৰশীল হৈ পৰে। সন্তানে সৰুৰে পৰা অভিভাৱকৰ মানসিক স্বাস্থ্যৰ আৰু চাহিদাৰ যত্ন লবলৈ বাধ্য হৈ পৰে যাৰ ফলত বহু সন্তানৰ মানসিক অৱস্থাৰ অৱনতি ঘটে যি প্ৰভাৱ দীৰ্ঘস্থায়ী হয় হৈ পৰে। শিশুয়ে যেতিয়া নিজৰ বয়সতকৈ বেছি দায়িত্ব লোৱা আৰম্ভণি কৰে তেতিয়া তেওঁ চাপ অনুভৱ কৰে। বিশেষজ্ঞৰ মতামত অনুসৰি সেই চাপৰ ফলত শিশুৰ মানসিক সমস্যা, বিষন্নতা, উদ্বেগ আৰু মনত দুঃচিন্তাই বাহ লয়। বহু শিশুৰ পেটৰ সমস্যা, অবৰ্ণনীয় মূৰৰ বিষ, অত্যাধিক ক্ৰোধ আৰু পঢ়াশুনাত অসুবিধা হোৱা দেখা যায়। লগতে বহু শিশুৰ সামাজিক উদ্বেগ আৰু সামাজিক অনুষ্ঠান এৰি চলাৰ প্ৰৱণতা সৃষ্টি হয়।
চাৰিটা আচৰণ পিতৃ মাতৃয়ে সন্তানৰ সন্মুখত কৰিব নালাগে ! জানিবলৈ ৰঙা আখৰত ক্লিক কৰক
পিতৃ মাতৃয়ে এই 4 টা কাম আৰু আচৰণ সন্তানৰ সন্মুখত কেতিয়াও নকৰিব !
সেয়ে অভিভাৱকে বুজা উচিত যে সন্তানৰ ওপৰত কম বয়সতে অধিক বোজা জাপি দিব নালাগে। যেতিয়াই অভিভাৱকে এই কথা বুজি পাব তেতিয়াই অভিভাৱক আৰু শিশুৰ সম্পৰ্ক আৰু শিশুৰ শাৰীৰিক ও মানসিক স্বাস্থ্য ভালে থাকিব। শিশুয়ে যাতে তাৰ ভিতৰত লুকাই থকা শৈশৱক বাহিৰলৈ প্ৰতিফলিত কৰিব পাৰে তাৰ পৰিৱেশ সৃষ্টি কৰাৰ অকল দায়িত্ব মা দেউতাৰ।