বিবাহ হৈছে জীৱনৰ এক বিশাল অধ্যায় ; এই অধ্যায় ভালদৰে অধ্যয়ন কৰিব নোৱাৰিলে জীৱনত আগুৱাই যোৱা কঠিন হৈ পৰে। প্ৰতিজন মানুহক এই বিষয়ত অৰ্থাৎ বিবাহৰ পৰবৰ্তী সময় চোৱাত সতৰ্কতা অৱলম্বন কৰা অতি দৰকাৰী।
আজিকালি ভালপোৱাৰ জৰিয়তে বিবাহৰ পয়োভৰ বাঢ়িছে। আজিকালি বিবাহৰ আগতে এজনে আনজনৰ সৈতে বহু বেছি দূৰলৈ সম্পৰ্ক কৰি পেলাই , ইজনে সিজনক বহুদূৰ জানিবলৈ সামৰ্থ হয় যদিও আৰু বহু কথা জানিবলৈ বাকী থাকে যিবোৰ উত্থাপিত হয় বিবাহৰ পিছত যেতিয়া স্বামী স্ত্ৰী একেলগে দিন কটাবলৈ লয়।
আচল কথা হৈছে মহিলাৰ মন বুজি পোৱা সঁচাকৈ খুবেই কঠিন। এই ক্ষেত্ৰত পুৰুষে বুজিয়ে নাপায় যে মহিলাই নিজৰ মনৰ মাজত কি কি বিষয় সোমাই ৰাখে। নিজৰ স্ত্ৰীয়েও আপোনাৰ পৰা লুকাই ৰাখে এনে কিছু কথা যদিও আপুনি ভাবি আছে যে আপুনি তেওঁৰ বিষয়ে সকলো জানে।
মনোবিজ্ঞানীৰ মতামত অনুসৰি কিছু কিছু কথা স্ত্ৰীয়ে লুকাই ৰাখিবলৈ ভাল পায়। যিবোৰ কথা লুকাই ৰাখি ভাল পায় সেইসমূহ হৈছে :-
১) শাৰীৰিক সমস্যা :-
মহিলাই নিজৰ কথা একেবাৰে কব নিবিচাৰে আনকি নিজৰ শাৰীৰিক সমস্যাৰ কথাও লুকাই ৰাখিবলৈ চেষ্টা কৰে। এইক্ষেত্ৰত সকলোৰে মা – আইতা আদি সকলো একেই আছিল আৰু আপোনাৰ স্ত্ৰীও একে। সেয়ে এই দিশত সতৰ্ক দৃষ্টি ৰখা অতি দৰকাৰী আপুনি স্বামী হিচাপে বা পুত্ৰ হিচাপে নাইবা নাতি হিচাপে।
২) নিজৰ অফিচৰ কথা :- বহু মহিলাই নিজৰ অফিচৰ কথা ঘৰত কবলৈ ইচ্ছা নকৰে আচলতে তেওঁলোকে খুব ভালকৈ নিজৰ ঘৰ আৰু অফিচক পৃথক কৰিব জানে। আৰু তেওঁলোকে অফিচৰ কথা ঘৰত কোৱাৰ প্ৰয়োজন বোধ বা চাপ অনুভৱ নকৰে। আৰু যদিহে অফিচৰ কথা আপুনি তেওঁৰ মুখত শুনিছে তেন্তে জানিব লাগিব যে তেওঁ অফিচত কিবা সমস্যাত পৰিছে নাইবা ইতিমধ্যে তেওঁ বহু সমস্যাৰ মাজত সোমাই পৰিছে।
৩) জমা ধনৰ বিষয়ে :-
জমা ধনৰ ক্ষেত্ৰত মহিলা সদায় সচেতন থাকে। তেওঁলোকে খুব কম সময়তে টকা জমা কৰিব জানে। আনকি কম কমকৈ টকা জমা কৰি হলেও এটি ডাঙৰ অংকৰ ধন হাতত ৰাখিব জানে। আৰু এই কথা স্বামীৰ সৈতে কেতিয়াও শ্বেয়াৰ নকৰে বা শ্বেয়াৰ কৰাৰ প্ৰয়োজন বোধ নকৰে।
৪) শাৰীৰিক ঘনিষ্ঠতাৰ বিষয়ে :- শাৰীৰিক ঘনিষ্ঠতাৰ বিষয়ে মহিলাই কেতিয়াও মুখ খুলিব নিবিচাৰে। আৰু এইক্ষেত্ৰত তেওঁলোক সদায় চুপচাপ থাকে। সেয়ে বিষয়টি স্বামীয়ে বুজি লব পাৰিব লাগিব যে তেওঁৰ স্ত্ৰীয়ে আচলতে কি বিচাৰে। স্বামী হিচাপে আপোনাৰ বুদ্ধিমত্তাই এই সমস্যাটোৰ সমাধান কৰিব পাৰে।
৫) চিন্তা কৰা বিষয় সমূহৰ কথা :- মহিলাৰ মন আৰু মগজুত কোনো নহয় কোনো বিষয় সোমাই থাকে সকলো সময়তে। নিজৰ গৃহৰ কথা চিন্তা কৰাৰ উপৰিও মগজুত সুমুৱাই লয় আন বহু চিন্তা মহিলাই। আৰু বেছিভাগ সময়ত পুৰুষে মহিলাৰ মনৰ সেইসমূহ চিন্তাৰ বিষয়ে অৱগত নহয় আৰু তাৰ ফলত আৰম্ভণি হয় নানান সমস্যাৰ।
স্ত্ৰীয়ে স্বামীৰ পৰা মনে মনে কি আশা কৰি থাকে জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
সেয়ে এবাৰ নিজৰ স্ত্ৰীৰ মনৰ কথা বুজাৰ চেষ্টা কৰিবৰ দৰকাৰ কাৰণ এই কামটো আপুনি নুবুজিলে আপোনাৰ হৈ আন কোনোবাই কৰিব নোৱাৰে।