how do you know that your child is genius

এই লক্ষণসমূহ দেখিলে জানিব আপোনাৰ শিশু genius !

  সকলো লোকে নিজৰ সন্তান genius হোৱাটো কামনা কৰে। কিন্ত মা দেউতাই এটি কথা জানি থোৱা উচিত যে সকলো লৰা ছোৱালী genius হোৱা সম্ভৱ নহয়। কিন্তু আপোনাৰ সন্তানৰ যদি এনে কিছু অসাধাৰণ গুণ থাকে সেয়া বৰ ভাগ্যৰ কথা, আনন্দৰ কথা। সেইবুলি আপোনাৰ সন্তান যদি অতি সাধাৰণ আৰু তাৰ গাত একো অসাধাৰণ গুণ নাই তেতিয়া আপুনি দুখ কৰা উচিত নহয় , সন্তানৰ ওপৰত চাপ প্ৰয়োগ কৰা উচিত নহয়। অমুকে এইটো কৰিলে তুমি কিয় নোৱাৰিলা তেনে চাপ প্ৰয়োগ কৰা ভুল, তেনে কৰিলে সন্তানৰ মগজুত কুপ্ৰভাব পৰিব। আৰু এটা কথা বল প্ৰয়োগ কৰি হেঁচা দি কোনো লৰা ছোৱালীক শচীন টেণ্ডুলকাৰ আৰু আবুল কালাম আজাদৰ নিচিনা গঢ়িব নোৱাৰে।

how do you know that your child is genius

যি সন্তানৰ প্ৰতিভা থাকিব, যিজন বুদ্ধিমান হ’ব তেওঁক বহু সৰুৰে পৰা চিনি পোৱা যায়, সৰুৰে পৰা শিশুটি যে genius হৈ পৰিব তাৰ কিছু গুণ শিশুটিৰ গাত দেখা পোৱা যায় । আপোনাৰ সন্তানৰ যদি এই গুণ সমূহৰ কিছু আছে তেন্তে আপোনাৰ সন্তানো হৈ পৰিব পাৰে ভৱিষ্যতে genius অৰ্থত অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী। জানো আহক কি কি গুণ আৰু লক্ষণ থাকিলে সন্তান ভৱিষ্যতে genius হোৱাৰ ইংগিত বহন কৰে।

১) কথা বতৰা আৰু আবেগ প্ৰৱণতা।

এটি শিশু যদি সাধুকথা শুনাৰ বয়সতে কিতাপ আৰু বহিৰ প্ৰতি আকৃষ্ট হৈ পৰে, ১৪ মাহ বয়সতে বাক্য গঠন কৰিব শিকি যায় তেন্তে বুজি লওঁক আপোনাৰ সন্তানৰ মাজত প্ৰতিভা আছে। যদি সন্তানে আপোনাৰ মৌখিক নিৰ্দেশ খুব কম বয়সতে বুজিব পাৰিছে আৰু পালন কৰিব পৰিছে জানিব আপোনাৰ সন্তান genius হয়।

Antenatal and post natal care in Assamese languagetips to give birth a intelligent baby

বুদ্ধিমান শিশুৰ প্ৰবল আবেগ প্ৰৱণতা থাকে, তেওঁলোকে ইতিবাচক আৰু নেতিবাচক ধাৰণা অনুভৱ কৰিব পাৰে, এই শিশুৰ জটিল আৰু প্ৰাপ্তবয়স্কৰ দৰে চিন্তা ভাৱনা থাকে। আৰু এনে শিশুক নিজৰ অভিভাৱকে উৎসাহ দিয়া উচিত আৰু বুজা ঠিক যে তেনে শিশুৰ চিন্তাধাৰা সাধাৰণ শিশুতকৈ পৃথক। কিন্তু অভিভাৱকে সেই কথা শিশুটিক জনাব নালাগে যে তেওঁ আইনতকৈ অলপ বেলেগ।

২) সতৰ্কতা আৰু সৰ্বাংগীন বিকাশ :-

নবজাতক শিশু এটিয়ে বেছিখিনি সময় তেওঁৰ আশে পাশে থকা লোকসকলৰ ফালে চাই চাই সময় পাৰ কৰে। কিন্তু genius শিশু সকলে তেওঁলোকৰ মা পিতাৰ চকুৰ ফালে বেছিকৈ চকু ( eye contact) ৰাখে, মূৰ ইফাল সিফালে ঘূৰাই, শব্দ কৰে আৰু প্ৰতিক্ৰিয়া জনাই যাক advance stage perception কোৱা হয়। পৰিৱেশত যিকোনো পৰিৱৰ্তন হলে সেই শিশুই প্ৰতিক্ৰিয়া কৰে আৰু সংবেদনশীল হৈ পৰে যাক high level perception বুলি কোৱা হয়। অসাধাৰণ শিশু অইন শিশু সকলতকৈ এইক্ষেত্ৰত বহু আগত থাকে । তেওঁলোকে সময়ৰ আগতে হাঁহিব শিকে, বহিবলৈ শিকে, ধৰিবলৈ শিকে, বস্তু তুলিবলৈ শিকে আৰু কথা সোনকালে কয়।

how do you know that your child is genius

৩) নিঃসংগতা আৰু জেদ :- অসাধাৰণ শিশু এটিয়ে খেলনাৰ লগত খেলে, স্ফূৰ্তি কৰে, puzzle solve কৰি ভাল পায়, নিজৰ বয়সৰ তুলনাত ডাঙৰ শিশুৰ সৈতে থাকিবলৈ ভাল পায়। এনে শিশুৰ বন্ধুত্ব কম থাকে, পৰিবেশৰ সৈতে অকলে নিজৰ মনোৰঞ্জন বিচাৰি লয়। এনে শিশু জেদি স্বভাৱৰ হয় কিয়নো তেওঁলোকৰ determination বেছি থাকে। বহু মানা কৰিলেও নিজে বিচৰা খিনি অর্জন কৰিবলৈ চেষ্টা কৰিয়ে থাকে। এই শিশুয়ে নিজৰ কথাত আনৰ মনোযোগ আৰু সহযোগ আদায় কৰি ভাল পায়।

how do you know that your child is genius

৪) ফকাছ ( focus) :- এজন বুদ্ধিমান শিশুয়ে ৬ মাহ বয়সতে অকলে বহি থাকি কিবা খেলা ধূলাত বহু সময় ধৰি মনোনিবেশ কৰিব পাৰে। এনে শিশুয়ে ১০-১১ মাহৰ ভিতৰতে বিভিন্ন ৰং আৰু আকাৰৰ মাজত পাৰ্থক্য উলিয়াই দিব পাৰে। সমস্যাৰ সমাধান কৰাটো এওঁলোকৰ চৰিত্ৰৰ এক বৈশিষ্ট্য। এওঁলোকে সহজতে হাৰ নামানে। কোনো সমস্যা দেখিলে নিজেই সমাধান কৰাৰ চেষ্টা কৰি থাকে।

how do you know that your child is genius

৫) বিভিন্ন ভাষা শুনা আৰু স্মৃতি শক্তি :-

শিশুৰ মগজু কেনেকৈ প্ৰখৰ হয় জানিবলৈ ৰঙা আখৰত ক্লিক কৰক

শিশুৰ মগজুক এটি কম্পিউটাৰতকৈ বেছি শক্তিশালী ৰূপে গঢ় দিয়ক এনেদৰে !

মা দেউতাৰ যদি বিভিন্ন ভাষাৰ জ্ঞান থাকে তেন্তে শিশুৰ সন্মুখত ভিন্ন ভাষাৰে কথা পাতিব লাগে। আৰু বুদ্ধিমান শিশুয়ে এই ভিন্ন ভাষাৰ জ্ঞান আহৰণ কৰাত নিজে ইচ্ছা প্ৰকাশ কৰে লগতে কথাবোৰ মনত ৰাখে। লগতে তেনে শিশুয়ে কোনো বস্তু দেখা মাত্ৰকে সেয়া বহুদিনলৈ মনত ৰাখিবৰ সামৰ্থ ৰাখে।

how do you know that your child is genius

৬) কল্পনা প্ৰৱণতা আৰু পঢ়া শুনাৰ লগত ধেমালি :- অসাধাৰণ শিশু এটিয়ে নিজে নিজে কাহিনী প্ৰস্তুত কৰে, কাল্পনিক বন্ধুৰ সৈতে অকলে খেলা ধূলা কৰে, নিজৰ বয়সৰ তুলনাত কিছু কঠিন পৰিস্থিতি নিজেই তৈয়াৰ কৰি লয় কিয়নো তেনে শিশু কল্পনাপ্ৰৱণ হয়। জানিব যে কল্পনাপ্ৰবনতাই শিশুৰ মানসিক বিকাশত সহায় কৰে। পঢ়া শুনা আৰু স্কুলৰ সময়ত এই শিশুৰ সৈতে বহু ৰসাল কাহিনী আৰু ঘটনা ঘটি থাকে। এনে শিশুয়ে পৰীক্ষাতো ভাল ফলাফল দেখুৱাই ।

Popular Assamese video

Share it with:

1 Comment

  1. I am very happy, ur suggestion. Thanks.

Leave a Reply

Your email address will not be published. Required fields are marked *