value of money in life

এই এটি কাম কৰক টকা আপোনাৰ পিছত দৌৰিব !

  টকা ; যাৰ নাম জয়ৰাম সি কৰে সকলো কাম ! টকা এনে এটি বিষয় যিটো বস্তু আজিৰ তাৰিখত সকলো মানুহে উপাৰ্জন কৰিব পচন্দ কৰে। লগতে এইটো সত্য যে কম বেছি সকলো লোকেই টকা ইনকাম কৰে তাতে কোনোৱে অলপ বেছি আৰু কোনোৱে কিছু কম, কিন্তু সিমান খিনি সকলোৱে উপাৰ্জন কৰে যাৰ দ্বাৰা নিজৰ আৰু পৰিয়ালৰ প্ৰয়োজন ৰক্ষা কৰিব পাৰে আৰু তাৰ বাবে যিমান দৰকাৰ সিমান পৰিশ্ৰম সকলোৱে কৰে। কিন্তু লাখ টকীয়া প্ৰশ্ন হৈছে টকা কিমান গুৰুত্বপূৰ্ণ, টকা কিমান প্ৰয়োজন আৰু আপুনি কিমান টকা উপাৰ্জন কৰা উচিত আৰু কৰিব বিচাৰে ? ধন টকাৰ সম্পৰ্কে আপোনাৰ ধাৰণা কি ? টকাক আপুনি সম্পূৰ্ণ জীৱন বুলি ভাৱে, নে জীৱনৰ এক অংশ বিশেষ বুলি ভাবে ? আপোনাৰ জীৱনত টকা ইনকাম কৰাৰ উদ্দেশ্যে কি ?

Facts of pasting Mahatma Gandhi in Indian Currencies

প্ৰায় লোকে টকাক নিজৰ জীৱনত সুখ শান্তিৰে জীয়াই থকাৰ এটি উৎস বুলি বিশ্বাস কৰে যদিও পৃথিৱীৰ প্ৰত্যেকজন মানুহে টকাক বেলেগ বেলেগ চকুৰে দেখে । তথাপিও আনক দেখি অতিৰিক্ত টকা উপাৰ্জন কৰাৰ কথা মনত ভবা অনুচিত। এনেদৰে কেতিয়াও ভাবিব নালাগে যে সন্মুখৰ মানুহ জনে আপোনাতকৈ বেছি টকা ইনকাম কৰিছে সেয়ে আপুনিও বেছি ইনকাম কৰিব লাগিব ; সন্মুখৰ জনে আপোনাতকৈ কম ইনকাম কৰিছে সেয়ে আপুনি তেওঁতকৈ বেছি ডাঙৰ মানুহ সেই কথা নিজে কেতিয়াবা ভাবিলেও ভুল কৰা হ’ব । কব বিচৰা হৈছে যে টকাক কেতিয়াও নিজৰ জীৱন বুলি নাভাবিব, টকাক জীৱনৰ এক অংশ বিশেষ বুলিহে ভাবিব লাগে নহলে নিজৰ বাবে ই বৰ ডাঙৰ ভুল কৰা হ’ব। কাৰণ আপোনাৰ জীৱনত এনে অনেক বস্তু আছে যিসমূহ আপুনি টকাৰে কিনিব নোৱাৰে।

Who is richer Mukesh Ambani or Ratan Tata

আপুনি টকাক মাত্ৰ বিষয় বস্তু কিনাৰ বাবেই ব্যৱহাৰ ব্যৱহাৰৰ কৰক ; কিয়নো যেতিয়াই মানুহে কাৰোবাক টকাৰ অহংকাৰ দেখুৱা আৰম্ভ কৰে তেতিয়াৰ পৰাই তেওঁৰ পতনৰ আৰম্ভনি হ’বলৈ ধৰে , ইতিহাস তাৰ সাক্ষী। কাৰণ সেই সময়ৰ পৰাই তেওঁৰ টকা পকেটৰ পৰা গৈ মগজুত বাহ লয় । টকাৰ অহংকাৰ আৰু আনক দেখুৱাবলৈ টকা ইনকাম কৰা উভয় বিধে ক্ষতিকাৰক। মনত ৰাখিব আজিৰ পৃথিৱী হৈছে স্বাৰ্থপৰ, আৰু পৃথিৱীৰ সকলো মানুহৰ আছে পৃথক পৃথক চিন্তা ধাৰা ; আজি যদি কোনোবাই বেছি টকা ইনকাম কৰিবলৈ বেছি পৰিশ্ৰম কৰিছে তাকে দেখি অইন মানুহে কয় যে চাওঁক সেই মানুহ জনৰ টকাৰ প্ৰতি বহুত লোভ নিজৰ দেহৰ প্ৰতি যত্ন নলয় মাত্ৰ টকা টকা কৰি থাকে , আকৌ যদি কোনোবা মানুহে বেছি কাম বন নকৰে, টকাৰ পিছত দৌৰি নুফুৰে আন লোকে তেওঁক অকৰ্মণ্য বুলি কয় , হে বোলে কোনো ধৰণৰ কাম নকৰে , কেৱল বহি থাকে মাত্ৰ ফেচবুক – ইনষ্টাগ্ৰাম কৰি সময় কটায়। আকৌ যদি কোনোবাই বেছি টকা খৰছ কৰে তেওঁক কয় বোলে মানুহ জনে অযথা কামত টকা খৰচ কৰিছে , টকাৰ গৰম দেখাই ; আৰু যদি কোনোবাই হিচাপত টকা খৰচ কৰে তেঁওক কয় যে মানুহ জন বৰ কৃপন, মানুহজনে সকলো সময়তে টকা জমা কৰি ৰাখে, এক টকাও খৰছ নকৰে।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

আৰু যদিও আপুনি কষ্ট কৰি টকা অর্জন কৰিছে বা বেছিকৈ কষ্ট কৰি টকা ঘটিছে তেতিয়াও মানুহে কব যে সেয়া আপোনাৰ বেইমানিৰ টকা , আপুনি যেন অসৎ উপায়েৰেহে টকা অর্জন কৰিছে, আৰু যদি আপোনাৰ টকাই নাথাকে তেতিয়াও মানুহে কব যে যদি অকণমান বুদ্ধি খটুৱাই কাম কৰিলাহেঁতেন , অকণমান কষ্ট কৰিলাহেঁতেন তেন্তে আজি এই অৱস্থা নহলে হেঁতেন ! আৰু যেতিয়া আপুনি দৈনিক কষ্ট কৰি টকা অর্জন কৰি কমকৈ খৰছ কৰিব তেতিয়াও মানুহে কব যে আপুনি কষ্টহে কৰিলে জীৱনত ভোগ কৰিব নোৱাৰিলে, মানুহে প্ৰশ্ন কৰিব যে আপুনি ইমান টকা অর্জন কৰি কি লাভ পালে ?


জীৱনৰ অতি বেয়া সময়ত মানুহে কি কৰা উচিত জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

জীৱনত যেতিয়া অতি বেয়া সময় আহে এই কথ মনত পেলাব !

কাৰণ বৰ্তমানৰ পৃথিৱীখন এনেকুৱাই , পৃথিৱীয়ে আপোনাৰ প্ৰত্যেক কামৰ মাজত কিবা নহয় কিবা কম বিচাৰি পায় আৰু বিচাৰি ফুৰে । সেয়ে আপ্তজনে কৈছিল কেতিয়াও অইনৰ কথা ভাবি বা মনত ৰাখি নিজৰ উপাৰ্জন কাৰ্যত নিয়োজিত হ’ব নালাগে, প্ৰয়োজন নাই কাৰোবাক দেখুৱাই টকা অর্জন কৰিবলৈ , প্ৰয়োজন নাই আনক নিজৰ উপাৰ্জন দেখুৱাবলৈ । নিজে যি কম বা বেছি উপাৰ্জন কৰিছে তাতেই সন্তুষ্ট হৈ সুখী থকা আৰু সুখী হোৱা দৰকাৰী লগতে নিজৰ পৰিয়ালকো সুখী ৰাখা অতি আৱশ্যকীয় আৰু সেয়ে দিব আপোনাক অনাবিল সুখ আৰু শান্তিৰ অনুভূতি, তেতিয়া আপুনি আৰু বেলেগে কিবা সুখ বিচাৰি ফুৰাৰ প্ৰয়োজন নাথাকিব। জীৱনত টকাৰ গুৰুত্ব আৰু মূল্য কিমান বিচাৰ কৰাতকৈ এটা সিদ্ধান্ত জানি থওঁক যে সম্পৰ্ক বোৰতকৈ টকাৰ মূল্য অতি নগণ্য।

Popular Assamese funny video

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *